ETV Bharat / state

Darrang ASP arrested: দৰঙৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক গ্ৰেপ্তাৰ

author img

By

Published : Nov 8, 2022, 10:32 AM IST

Updated : Nov 8, 2022, 11:39 AM IST

দৰঙৰ কিশোৰী হত্যাকাণ্ডৰ নতুন মোৰ । এইবাৰ গ্ৰেপ্তাৰ হ'ল নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন । এগৰাকী কিশোৰীৰ হত্যাৰ গোচৰৰ তদন্তত গাফিলতি কৰাৰ বাবে CID য়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছিল ধূলা থানাৰ OC উৎপল বৰাক (OC Utpal Borah arrested by CID)। উৎপল বৰাৰ স্বীকাৰোক্তিৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন জেৰা চলাইছিল CIDয়ে । মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসককো গ্ৰেপ্তাৰ ।

ASP
অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক গ্ৰেপ্তাৰ

গুৱাহাটী,৮ নবেম্বৰ : অৱশেষত গ্ৰেপ্তাৰ হ'ল দৰঙৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন (Darrang ASP Rupam Phukan arrested)। দীৰ্ঘসময় জেৰাৰ অন্তত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে ৰূপম ফুকনক । আৰতি তুৰি হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী বিষয়াজনক । হত্যাকাণ্ডৰ ঘটনা গাপ দিব বিচাৰিছিল ৰূপম ফুকনে ।

কিছুদিন পূৰ্বে একেই গোচৰতে গ্ৰেপ্তাৰ হৈছিল ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা (CID arrests OC Utpal Borah) ৷ উৎপল বৰাৰ স্বীকাৰোক্তিৰ ভিত্তিতে জেৰা কৰাৰ অন্তত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে চি আই ডিয়ে ।

উল্লেখ্য যে দৰঙৰ ধূলাত ১৩ বছৰীয়া কিশোৰী আৰতি তুৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাক গাপ দিয়া হৈছিল । এই ঘটনাৰ চি আই ডিয়ে তদন্ত কৰাত বহু কথা পোহৰলৈ আহে । ৫ লাখ টকা লোভৰ বাবেই কিশোৰী আৰতি তুৰীৰ ধৰ্ষণ তথা হত্যাৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰ অপৰাধত ধূলা থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা গ্ৰেপ্তাৰ হোৱাৰ পাছতেই দৰং জিলাৰ তদানীন্তন এছ পি, এ এছ পি আৰু এজন দণ্ডাধীশ পৰ্যায়ৰ বিষয়া চি আই ডিৰ তদন্তৰ আঁওতালৈ আহিছিল ।

টকাৰ লোভত কিশোৰীগৰাকীৰ হত্যাৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াত কেৱল আৰক্ষী বিষয়াই জড়িত থকা নহয়, মানৱ সেৱাৰ দৰে পৱিত্ৰ বৃত্তিত নিয়োজিত চিকিৎসকেও মৰণোত্তৰ পৰীক্ষাৰ ভুল ৰিপ'ৰ্ট দিয়াৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছিল । ধর্ষণৰ বলি হোৱা কিশোৰীগৰাকীৰ মৃত্যুৰ ঘটনা আত্মহত্যাজনিত বুলি ভুৱা প্রতিবেদন দাখিল কৰাৰ অভিযোগত সোমবাৰে চি আই ডিয়ে মঙলদৈ জিলা অসামৰিক চিকিৎসালয়ৰ তিনি চিকিৎসক ক্রমে অজন্তা বৰদলৈ, অনুপম শৰ্মা আৰু অৰুণ ডেকাক গ্ৰেপ্তাৰ কৰে । ইফালে চি আই ডি থানাত ৰুজু হোৱা ২০/২০২২ নম্বৰৰ গোচৰটোত ইতিপূর্বে গ্ৰেপ্তাৰ হোৱা ধূলা থানাৰ তদানীন্তন অ'চি উৎপল বৰাৰ ৭ দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাত সোমবাৰে আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে ।

তদন্তকাৰী বিষয়াৰ সূত্ৰই সদৰী কৰা মতে আৰতি তুৰীৰ হত্যাকাণ্ডক গাপ দিয়াৰ বাবে দৰঙৰ তদানীন্তন এছ পি ৰাজমোহন ৰায় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনৰ নিৰ্দেশতে এছ এছ বি জোৱান কৃষ্ণ কমল বৰাৰ পৰা ধন লোৱাৰ কথা স্বীকাৰ কৰিছিল অ'চি উৎপল বৰাই ।

উল্লেখ্য যে এছ এছ বি জোৱান কৃষ্ণ কমল বৰাৰ ঘৰতে ঢেকীয়াজুলিৰ আদিবাসী সম্প্ৰদায়ৰ কিশোৰী আৰতি তুৰী বন কৰা শ্রমিক হিচাপে আছিল ৷ ইফালে ধৃত অ’চি উৎপল বৰাৰ স্বীকাৰোক্তিৰ ভিত্তিতে সোমবাৰে চি আই ডিৰ সদৰত কেইবাঘণ্টা ধৰি জেৰা কৰা হয় দৰঙৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক । চি আই ডিৰ শীৰ্ষ বিষয়াই মাৰাথন জেৰা চলোৱাৰ অন্তত মঙলবাৰে নিলম্বিত আৰক্ষী বিষয়া ৰূপম ফুকনক গ্ৰেপ্তাৰ কৰা হয় ।

উল্লেখ্য যে চলিত বৰ্ষৰ ১১ জুনত ঢেকীয়াজুলি ৰাজহ চক্ৰৰ প্ৰজাপথাৰ গাঁৱৰ আৰতি তুৰী নামৰ ১৩ বছৰীয়া কিশোৰীগৰাকীক দৰং জিলাৰ ধূলাৰ এছ এছ বি জোৱান কৃষ্ণ কমল বৰা আৰু নিজু বৰুৱাৰ বাসগৃহত ৰহস্যজনকভাৱে ছীপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল । কিন্তু আৰতিৰ পৰিয়ালে উক্ত ঘটনাক হত্যাকাণ্ড বুলি অভিযোগ কৰিছিল যদিও ধূলা আৰু দৰং আৰক্ষীয়ে ঘটনাটোক আত্মহত্যাৰ ৰূপ দি গাপ দি ৰাখিছিল । ইয়াৰ পাছতেই ১২ আগষ্টত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঢেকীয়াজুলিত কিশোৰীগৰাকীৰ ঘৰত উপস্থিত হৈ মৃত্যুৰ ঘটনাটোৰ চি আই ডিক তদন্তৰ নিৰ্দেশ দিয়ে ।

পৰৱৰ্তী সময়ত গৃহ বিভাগে তদন্তত গাফিলতি কৰাৰ অভিযোগত ধূলা থানাৰ অ'চিৰ লগতে দৰং জিলাৰ এছ পি আৰু এ এছ পিক নিলম্বন কৰিছিল । ইফালে চি আই ডিয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰতি তুৰীৰ মৃতদেহ খান্দি উলিয়াই পুনৰ জি এম চি এইচত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । ইয়াৰ পাছতেই ধনৰ বিনিময়ত ধূলা থানাৰ অ'চিয়ে হত্যাকাণ্ডৰ ঘটনাটোক গাপ দিয়াৰ তথ্য প্ৰমাণৰ ভিত্তিত অ’চি উৎপল বৰাক গ্ৰেপ্তাৰ কৰে । ইফালে জি এম চি এইচৰ চিকিৎসক আৰু ফৰেনচিকৰ প্ৰতিবেদনৰ ভিত্তিত মঙলদৈ জিলা চিকিৎসালয়ৰ মৰণোত্তৰ পৰীক্ষাৰ দায়িত্বত থকা তিনি চিকিৎসকে ভুৱা ৰিপ'ৰ্ট দিয়াৰ তথ্য প্ৰমাণ হোৱাত সোমবাৰে তিনিওজন চিকিৎসককে গ্ৰেপ্তাৰ কৰা হয় ।

লগতে পঢ়ক :OC Utpal Borah arrested: আৰক্ষী বিষয়া উৎপল বড়াৰ গ্ৰেপ্তাৰ প্ৰসংগত কি ক'লে ডি জি পিয়ে

Last Updated :Nov 8, 2022, 11:39 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.