ETV Bharat / state

প্ৰথমে এটা ফোন, পিছত হত্যাৰ ভাবুকি: শেষত জ্বলাই দিলে বাহন - SUPARI KILLER

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 6:55 PM IST

Self-styled supari killer in Dhing : এইবাৰ ৰাজ্যত বলীউডৰ কায়দাৰে ধনদাবীৰ ঘটনা সংঘটিত হৈছে ৷ নিজকে চুপাৰি কিলাৰৰ পৰিচয় দি এগৰাকী লোকৰ দাবী কৰে 2 লাখ টকাৰ ধন, নিদিলে পৰিয়ালক হত্যা কৰাৰ ভাবুকি ৷ পঢ়ক সবিশেষ...

YOUTH ARRESTED FOR MURDER THREAT
প্ৰথমে এটা ফোনকল, 2 লাখ টকাৰ দাবী তাৰ পিচত হত্যাৰ ভাবুকি অৱশেষত জ্বলালে বাহন (ETV BHARAT ASSAM)

ধিং, 23 মে’ : অচিনাকী নম্বৰৰ পৰা অহা এটা ফোনকল, "মই চুপাৰি কিলাৰ, 2 লাখ দিয়ক নহ’লে আৰম্ভ হ’ব গেম ৷ আপোনাৰ লগতে আপোনাৰ পুত্ৰ আৰু সমগ্ৰ পৰিয়ালক হত্যা কৰা হ’ব ৷"

প্ৰপ্ৰথমে এটা ফোন, পিছত হত্যাৰ ভাবুকি: শেষত জ্বলাই দিলে বাহন (ETV BHARAT ASSAM)

সম্প্ৰতি ৰাজ্যজুৰি প্ৰায় প্ৰতিদিনেই বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ এইবাৰ নগাঁও জিলাৰ ধিঙত বলীউডৰ কায়দাৰে ধনদাবীৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ বৰথল দলৈগাঁও উচ্চতম মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল কুদ্দুছলৈ যোৱা 9 মে’ ত এটা অচিনাকী নম্বৰৰ পৰা ফোন আহিছিল ৷ তেওঁ ফোনটো ৰিচিভ কৰাৰ লগে লগেই সিপাৰৰ পৰা এজন লোকে তেওঁক ভাবুকি দি 2 লাখ টকা দাবী কৰিলে ৷ এইদৰে ধনদাবী কৰা শুনি লোকজন হতবাক হৈছিল ৷ তাৰ পিছতে তেওঁ অচিনাকী লোকজনক কিয় ধন লাগে বুলি সোধাত তেওঁ প্ৰত্যুত্তৰ দিয়ে যদি তেওঁ দাবী কৰা ধন পৰিশোধ নকৰে তেওঁৰ পুত্ৰ আৰু সমগ্ৰ পৰিয়ালক হত্যা কৰি পেলাব ৷ অচিনাকী লোকজনে নিজকে চুপাৰি কিলাৰ বুলি পৰিচয় দিয়ে কুদ্দুছক ৷

প্ৰথম অৱস্থাত কুদ্দুছে ফোনকলটোৰ বিষয়ে বৰ বেছি গুৰুত্ব নিদিয়াত তেওঁক পুনৰ সন্ধিয়া সেই নম্বৰটোৱে ফোন কৰি দাবী কৰা ধন পৰিশোধ কৰিবলৈ ধমক দিয়ে ৷ কিন্তু কুদ্দুছে পুনৰ তেওঁক প্ৰশ্ন কৰাত তেওঁ কয় যে, যদি ধন নিদিয়ে, তেনেহ’লে গেম আৰম্ভ হ’ব ৷

কুদ্দুছে এই কথাৰ কিবা তৎ ধৰিব পৰালৈকে সেই নিশাই কোনো লোকে আহি কুদ্দুছৰ বাহনখত অগ্নিসংযোগ কৰে ৷ এই ঘটনাৰ পিছতে 10 মে’ত কুদ্দুছে স্থানীয় আৰক্ষী থানাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে ৷

আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত অভিযান চলাই প্ৰথমে ধিং কান্দুলিমাৰীৰ আশ্রাফুল ইছলাম নামৰ যুৱক এজনক গ্ৰেপ্তাৰ কৰে ৷ আনকি আশ্ৰফুলে অধ্যক্ষগৰাকীক হত্যা কৰিবলৈ 5 লাখ টকাৰ চুপাৰি লাভ কৰিছিল বুলিও স্পষ্টকৈ অৱগত কৰে । অধ্যক্ষগৰাকীক হত্যাৰ বাবে কোনে পাঁচ লাখ টকাৰ চুপাৰি দিছিল আশ্রাফুলক তাক লৈ এতিয়া অনুসন্ধান আৰম্ভ কৰিছে ধিং আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আশ্ৰাফুলক জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

ইফালে ফুক্তভোগী কুদ্দুছে কোৱা অনুসৰি এই ঘটনাত অন্য দুজন লোকো জড়িত হৈ আছে ৷ সেয়েহে অচিৰেই সেই দুই লোককো গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰে কুদ্দুছে ৷ অন্যথা অনাগত সময়ত তেওঁৰ দৰে বহু লোক এনে প্ৰৱঞ্চকৰ বলি হ’ব ৷

লগতে পঢ়ক:মহিলা চিকিৎসকক যৌন নিৰ্যাতন: গ্ৰেপ্তাৰ কাৰাধ্যক্ষ - Golaghat district jail

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.