ETV Bharat / state

মহিলা চিকিৎসকক যৌন নিৰ্যাতন: গ্ৰেপ্তাৰ কাৰাধ্যক্ষ - Golaghat district jail

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 11:02 PM IST

Golaghat district jail : কাৰাধ্যক্ষৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ ৷ আদালতত হাজিৰ কৰা হয় অভিযুক্ত কাৰাধ্যক্ষক ৷

Jailer of-golaghat-district-jail-arrested-for-allegedly-sexually-assaulting-female-doctor
কাৰাগাৰৰ অধ্যক্ষৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ (Etv bharat assam)

মহিলা চিকিৎসকক যৌন নিৰ্যাতন: গ্ৰেপ্তাৰ কাৰাধ্যক্ষ (Etv bharat assam)

গোলাঘাট, 22 মে’: অসম আৰক্ষীৰ গাত লাগিল পুনৰ চেকা লগালে এজন কাৰাধ্যক্ষই । কাৰাধ্যক্ষজন গোলাঘাট জিলা কাৰাগাৰৰ বুলি জানিব পৰা গৈছে । গোলাঘাটৰ কাৰাধ্যক্ষৰ বিৰুদ্ধে উত্থাপিত হৈছে এই ভয়ংকৰ অভিযোগ । কাৰাগাৰৰ চৌহদত থকা মহিলা চিকিৎসকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল হিতেশ চৌধুৰী নামৰ গোলাঘাট কাৰাধ্যক্ষজন ।

Jailer of-golaghat-district-jail-arrested-for-allegedly-sexually-assaulting-female-doctor
কাৰাধ্যক্ষ হিতেশ চৌধুৰী (Etv bharat assam)

দুটা দিন পূৰ্বে নিশা গোলাঘাট কাৰাগাৰৰ চৌহদত থকা কাৰাধ্যক্ষগৰাকীৰ বাসগৃহত মহিলা চিকিৎসক এগৰাকীক মাতি নি যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলা চিকিৎসকে । এই সন্দৰ্ভত মহিলা চিকিৎসকগৰাকীয়ে ঢেকিয়াল আৰক্ষী চকীত কাৰাধ্যক্ষ হিতেশ চৌধুৰীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে । মহিলা চিকিৎসকগৰাকীৰ গোচৰৰ ভিত্তিত ঢেকিয়াল আৰক্ষীয়ে বুধবাৰৰ দিনৰ ভাগত ঘটনাটোৰ অভিযুক্ত কাৰাধ্যক্ষ হিতেশ চৌধুৰীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে । এই খবৰ বিয়পি পৰাৰ পাছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷

উল্লেখ কৰা প্ৰয়োজন যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে নাৰীক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত নিজকে দায়ৱদ্ধ বুলি সময়ে সময়ে দাবী কৰি আহিছে ৷ তেনে সময়তে ৰাজ্যত ক্ৰমৱৰ্ধমান হাৰত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে নাৰীজনিত অপৰাধৰ ঘটনা ৷ একেদৰে কাৰাগাৰৰ ভিতৰতো এতিয়া যে নাৰী জাতি সুৰক্ষিত নহয় তেনে এখন ছবিও পোহৰলৈ আহিছে ৷

সমগ্ৰ ঘটনাটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জিলাখনৰ একাংশ দল-সংগঠন ৷ সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি অভিযুক্তক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে জিলাখনৰ বিভিন্ন দল-সংগঠনে ।

লগতে পঢ়ক: "ঘটনাৰ দোষী সাৰি যাব নোৱাৰে" পংখী সন্দিকৈৰ হত্যাকাণ্ড সন্দৰ্ভত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক - Mysterious Death Of Pankhi Handique

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.