ETV Bharat / state

OC Utpal Borah arrested: আৰক্ষী বিষয়া উৎপল বড়াৰ গ্ৰেপ্তাৰ প্ৰসংগত কি ক'লে ডি জি পিয়ে

author img

By

Published : Nov 1, 2022, 9:20 PM IST

এগৰাকী কিশোৰীৰ হত্যাৰ গোচৰৰ তদন্তত গাফিলতি কৰাৰ বাবে CID য়ে গ্ৰেপ্তাৰ কৰিছে ধূলা থানাৰ অ’চি উৎপল বড়াক (OC Utpal Borah arrested by CID)। সম্প্ৰতি CID কাৰ্যালয়ত মাৰাথন জেৰা চলোৱা হৈছে অ’চি উৎপল বড়াক । লগতে আজি CID য়ে উৎপল বড়াৰ মঙলদৈত থকা ভাড়াঘৰটোও ছীল কৰি দিয়ে (CID sealed OC Utpal Borah residence)৷

OC Utpal Borah arrested
OC Utpal Borah arrested

গুৱাহাটী, 1 নৱেম্বৰ: ধূলা থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত বিষয়া উৎপল বড়াক গ্ৰেপ্তাৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ (DGP on arrested OC Utpal Borah) । আৰক্ষী সঞ্চালক প্ৰধান মহন্তই কয় যে, ভাৰপ্ৰাপ্ত বিষয়াজনৰ বিৰুদ্ধে এগৰাকী কিশোৰীৰ হত্যাকাণ্ডৰ ঘটনা গাপ দিয়াৰ বাবে উৎকোচ লোৱাৰ তথ্য পোৱা গৈছে । দৰঙৰ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক দুয়োগৰাকীকে সেই সময়ত সঠিক তদন্ত নিদিয়াৰ বাবে বদলি কৰা হৈছিল । ভাৰপ্ৰাপ্ত বিষয়াজনৰ একাউন্টত বিভিন্নজনৰ পৰা মুঠ ৫ লাখ টকা লোৱাৰ তথ্য পোৱা গৈছে ।

তদন্তত গাফিলতি কৰি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া উৎপল বড়া

উল্লেখ্য যে, CID য়ে ধূলা থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া উৎপল বড়াক মঙলবাৰে গ্ৰেপ্তাৰ কৰিছে (OC Utpal Borah arrested by CID) । ১২ জুনত দৰঙৰ ধূলাত SSB জোৱান কৃষ্ণকমল বৰুৱাৰ বাসগৃহত উদ্ধাৰ হৈছিল এগৰাকী বনকৰা কিশোৰীৰ মৃতদেহ (Teenage murder in Darrang)। ঘটনাৰ পিছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিশোৰী গৰাকীৰ মৃত্যুক লৈ হৈছিল প্ৰতিবাদ । এই প্ৰতিবাদৰ পিছতেই কিশোৰীগৰাকীৰ ঢেকীয়াজুলিস্থিত বাসগৃহত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই ঘটনাটোৰ তদন্তৰ বাবে CID ত ২০/২০২২ নম্বৰত ৰুজু হৈছিল এটা গোচৰ ।

CID ৰ উপ-মহাপৰিদৰ্শক দেৱৰাজ উপাধ্যায় আৰু SSP ইন্দ্ৰানী বৰুৱাৰ নেতৃত্বত সমগ্ৰ ঘটনা তদন্তৰ বাবে গঠন কৰা হৈছিল এটা বিশেষ তদন্তকাৰী গোট । সেই SIT ৰ তদন্তত পোহৰলৈ আহিছিল কিশোৰীগৰাকীৰ মৃত্যুৰ সময়ত আৰক্ষীয়ে কৰা তদন্তৰ গাফিলতিৰ তথ্য (Negligence of investigation by Police)। সেই ঘটনাৰ পিছতেই কিশোৰীগৰাকীৰ পুতি থোৱা মৃতদেহটো পুনঃমৰণোত্তৰ পৰীক্ষাৰ বাবে অনা হৈছিল GMCHলৈ । বিজ্ঞানসন্মতভাৱে পৰীক্ষা কৰা হৈছিল সেয়া হত্যা নে আত্মহত্যাৰ ঘটনা ।

তাৰ পিচতেই তদন্তত স্পষ্ট হৈছিল হত্যা কৰি আত্মহননৰ ৰূপ দিয়া হৈছিল সমগ্ৰ ঘটনাক । সমগ্ৰ ঘটনা অন্য ৰূপ দিয়াৰ চেষ্টাত সহায় কৰাৰ অভিযোগ উঠে ধূলা থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া উৎপল বড়াৰ বিৰুদ্ধে । সকলো স্পষ্ট হোৱাৰ পিছতেই CID য়ে গ্ৰেপ্তাৰ কৰিছে অ’চি উৎপল বৰাক । সম্প্ৰতি CID কাৰ্যালয়ত মাৰাথন জেৰা চলোৱা হৈছে অ’চি উৎপল বৰাক । লগতে আজি CID য়ে উৎপল বড়াৰ মঙলদৈত থকা ভাড়াঘৰটোও ছীল কৰি দিয়ে (CID sealed OC Utpal Borah residence) ৷

লগতে পঢ়ক: Dhula OC Arrested: চি আই ডিয়ে ছীল কৰিলে নিলম্বিত অ’ চি উৎপল বৰাৰ ভাড়াঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.