ETV Bharat / business

আপোনাৰ সপোনৰ ফ্লেটটো ক্ৰয় কৰাৰ পূৰ্বে মনত ৰাখক এইখিনি কথা... - Important Things Before Buying Flat

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 7:17 PM IST

Process for buying flat: ফ্লেট এটা কিনাৰ কথা ভাবি আছে নেকি ? ফ্লেটটো ক্ৰয়ৰ পূৰ্বে কেইটামান কথা মনত ৰখাটো অতিশয় জৰুৰী ৷ কি কি কথা মনত ৰাখিব ? জানক এই প্ৰতিবেদনৰ জৰিয়তে ৷

ETV Bharat Assam
ফ্লেটটো ক্ৰয়ৰ পূৰ্বে মনত ৰাখক কিছু কথা (Getty images)

গুৱাহাটী, ২৯ মে’ : আপুনি ফ্লেট ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে নেকি ? দেশৰ যিকোনো চহৰতে আপোনাৰ এটা ফ্লেট ক্ৰয় কৰাৰ সপোন আছে নেকি ? আপুনি জীৱনজুৰি কষ্টোপাৰ্জিত ধনেৰে ক্ৰয় কৰে এটা সপোনৰ ফ্লেট । কষ্টোপাৰ্জিত ধনেৰে ক্ৰয় কৰা ফ্লেট কিনিবলৈ গৈ বহুলোক প্ৰৱঞ্চনাৰো বলি হৈ সৰ্বস্বান্ত হৈছে । সেয়ে ফ্লেট এটা ক্ৰয় কৰাৰ আগতে কি কি কথা জানিব লাগে জানো আহক ।

অভিযন্তা জ্যোতিৰিন্দ্ৰ নাৰায়ণ খাটনিয়াৰ (ETV Bharat Assam)

এই বিষয় সম্পৰ্কে জ্যেষ্ঠ পৰামৰ্শদাতা তথা অভিযন্তা জ্যোতিৰিন্দ্ৰ নাৰায়ণ খাটনিয়াৰে জনোৱা অনুসৰি-

১. আপুনি যদি ফ্লেট এটা কিনাৰ চিন্তা কৰে প্ৰথমতে কোন স্থানত ফ্লেটটো ক্ৰয় কৰিব সেয়া থিৰাং কৰিব লাগিব ৷ যিটো স্থানত ফ্লেট কিনিব বুলি ভাবিছে সেই স্থানত বহুতো ফ্লেট থাকিব পাৰে ৷ আপোনাৰ বাজেট অনুসৰি ফ্লেটটো পচন্দ কৰিব লাগিব ।

২. আপুনি পচন্দ কৰা ফ্লেটটোৰ বিল্ডাৰ কোন, বিল্ডাৰৰ বেকগ্ৰাউণ্ড কেনেকুৱা সেইটো চোৱাটো অত্যন্ত জৰুৰী । একাংশ বিল্ডাৰে আনৰ মাটিত ফ্লেট বনায়, আন একাংশই নিজে মাটি কিনিও ফ্লেট নিৰ্মাণ কৰি বিক্ৰী কৰে ।

৩. ফ্লেটটো নিৰ্মাণৰ বাবে বিল্ডাৰে কাৰ পৰা মাটি লৈছে আৰু মাটিৰ মালিকৰ লগত কি চুক্তি আছে সেয়া চাই ল'ব লাগে । দুখনকৈ চুক্তি কৰা হয় । এখন চুক্তিত মাটিৰ মালিকক মাটিৰ বিনিময়ত কিমানটা ফ্লেট দিয়াৰ চুক্তি কৰিছে সেইটো চোৱাৰ লগতে মাটিৰ মালিকে দিয়া পাৱাৰ অব্ এটৰ্নি চোৱাৰ দৰকাৰ । বহু লোকে সেয়া নাচায় ।

৪. ফ্লেটটোৰ এপাৰ্টমেণ্টৰ প্লেন চোৱাটো অতি জৰুৰী ৷ প্লেনটো চোৱাৰ পিচত গোটেই প্ৰজেক্টটোৰ ড্ৰইংখন চাব লাগে । বহুলোকে পাৰ্মিছনখন নাচায় বা নাজানে । কেৱল ফটো দেখিয়েই ক্ৰয় কৰে ফ্লেট । এইখিনি হৈ যোৱাৰ পিচত প্ৰথমে আগধন দিব লাগে । আগধন দিয়াৰ আগতে বিল্ডাৰৰ লগত চুক্তি কৰি এখন চেল ডিড বনাব লাগে ৷ প্ৰৱঞ্চনাৰ বলি নহ'বলৈ এইখিনি কাম কৰিব লাগিব ৷

৫. ধন দিয়া হোৱাৰ পিচত ফ্লেটটোৰ মালিকীস্বত্ব আহি যাব ৷ ফ্লেটটোৰ মালিকীস্বত্ব অহাৰ পিচতো বহুলোকে ভুল কৰে । এই ভুলৰ বাবে ভুগিবলগীয়া হয় ৷ মাটিৰ মালিকক যেতিয়া বিল্ডাৰে চুক্তি অনুসাৰে ফ্লেট প্ৰদান কৰে, তাৰ পিচ বাকী মাটিখিনিৰ মালিকীস্বত্ব পূৰ্বৰ মালিকৰ হৈ নাথাকিব ৷ সেই এপাৰ্টমেণ্টত থকা ফ্লেটসমূহ মালিকসকললৈ সমানুপাতিকভাৱে ভাগ হ'ব লাগে ৷ উদাহৰণস্বৰূপে যদি এপাৰ্টমেণ্টটোত ২০ টা ফ্লেট আছে, ২০ টা ফ্লেটৰ গৰাকীৰ মাজতে মাটিখিনি সমানে ভাগ হ'ব । ৰাজহ চক্ৰ কাৰ্যালয়ত সেইবোৰ ৰেকৰ্ড হ'ব ৷ ২০ ঘৰৰ নামতে মাটিখিনিৰ দাগ নম্বৰ, পট্টা নম্বৰ হ'ব । সেইটো কাম বহুতে নকৰাৰ ফলত সমস্যাত ভোগে ।

৬. ফ্লেট এটা ক্ৰয় কৰিবলৈ হ’লে গৃহ ঋণৰ প্ৰয়োজন হয় । আজিকালি বিল্ডাৰসকলৰ লগত দুই-তিনিটা বেংকৰ টাই আপ থাকে । যাৰ ফলত গ্ৰাহকে গৃহ ঋণ ল’বলৈ সুবিধা হয় ।

লগতে পঢ়ক: এজাক বৰষুণত গুৱাহাটী পৰিণত হ’ল মহাসমুদ্ৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.