ৰুষ্ট ৰেমলৰ প্ৰভাৱত থানবান হ’ল সপোনৰ সংসাৰ - Remal effect in assam

By ETV Bharat Assamese Team

Published : May 29, 2024, 8:27 PM IST

thumbnail
ৰুষ্ট ৰেমলৰ প্ৰভাৱত থানবান হ’ল সপোনৰ সংসাৰ (Etv bharat assam)

গুৱাহাটী, 29 মে’: গুৱাহাটী মহানগৰীত শোকাৱহ ঘটনা ৷ ভূমিস্খলনত অকাল মৃত্যুক সাৱটি ল’লে এটি দেৱশিশুৱে । মহানগৰীৰ লালগণেশৰ কৃষ্ণ নগৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ।

জানিব পৰা মতে, মঙলবাৰৰ দুপৰীয়া 2 মান বজাত দিলীপ দাস আৰু মৃদুস্মিতা ঠাকুৰীয়াৰ প্ৰায় দুবছৰীয়া শিশুটিয়ে মাকৰ সৈতে বিচনাত শুই টিভি চাই থকা সময়তে সমীপৰ গাৰ্ড ৱালখন খহি পৰে ৷ পৰিয়ালটোৱে বাস কৰা তৰ্জাৰ ঘৰটোৰ ওপৰত গাৰ্ড ৱালখন বাগৰি পৰাত শিশুটিয়ে কৰুণ মৃত্যুক আঁকোৱালি লয়। 

জানিব পৰা মতে, মাটিডোখৰ চোৱাচিতাৰ দায়িত্বত আছিল দিলীপ দাস । ৰেমলৰ প্ৰভাৱত গুৱাহাটীত বিগত দুটা দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অনাকাংক্ষিত ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় লোকে জনায় ৷ স্থানীয় লোকৰ উদ্যোগত শিশুটিক ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰি হায়াট হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও শিশুটিক মৃত ঘোষণা কৰে চিকিৎসকে ।

শিশুটিৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাচতে অঞ্চলজুৰি শোকাকূল পৰিৱেশৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: ৰেমলৰ ত্ৰাস: বিদ্যালয়গৃহৰ ওপৰত বাগৰি পৰিল গছ - Cyclone Remal effect

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.