DAC Election 2022: ৪৩,৫৯৫ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৭৫ প্ৰাৰ্থীৰ ভাগ্য

By

Published : Nov 8, 2022, 9:48 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

আজি দেউৰী স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচন (DAC Election 2022)৷ ৰাজ্যৰ ৬ খন জিলাত উপগ্ৰহীয়ভাৱে থকা মুঠ ২২ টা পৰিষদীয় সমষ্টিত ইতিমধ্যে আৰম্ভ হৈছে ভোটগ্ৰহণ ৷ সৰ্বমুঠ ৪৩৫৯৫ গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব এই ভোটগ্ৰহণত (Total voter of DAC election 2022)৷ ইয়াৰে ২১৪১২ জন পুৰুষ আৰু ২২১৮৩ গৰাকী মহিলা ভোটাৰ ৷ ভোটগ্ৰহণ হ’ব মুঠ ৯৩ টা ভোটগ্ৰহণ কেন্দ্ৰত৷ এইবাৰৰ নিৰ্বাচনত মুঠ ৭৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব (Candidates of DAC election)৷ জোনাইতো পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় ভোট গ্ৰহণ পৰ্ব ৷ ১২ নং জোনাই সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৯৬৮ জন আৰু ভোট কেন্দ্ৰ ৫ টা ৷ ১২ নং জোনাই সমষ্টিৰ বাবে এইবাৰ মুঠ তিনিজন প্ৰাৰ্থী বিজেপি আৰু মিত্ৰজোঁটৰ হেমন্ত দেউৰী, জেপিপি দলৰ ৰাজেশ দেউৰী আৰু কংগ্ৰেছ দলৰ সৰুমাই দেউৰীয়ে প্ৰতিদন্দীতা কৰিছে যদিও মূল যুঁজখন বিজেপিৰ প্ৰাৰ্থী হেমন্ত দেউৰী আৰু জেপিপি দলৰ ৰাজেশ দেউৰী মাজতে হ’ব (DAC election at Jonai)৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.