ETV Bharat / state

Dengue cases in Assam: ডিফুত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্তৰ সংখ্য়া

author img

By

Published : Nov 8, 2022, 10:13 AM IST

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ সমান্তৰাল ভাৱে ডেংগু আৰু মেলেৰিয়াত আক্ৰান্তৰ সংখ্যা (Dengue cases on rise in Assam) ৷ কাৰ্বি আংলং জিলাতো ব্যাপক হাৰত ডেংগুৰ প্ৰকোপ বৃদ্ধি পাইছে ।

Dengue cases in Assam
ডিফুত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্তৰ সংখ্য়া

ডিফু, 8 নবেম্বৰ: শেহতীয়া ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাতো ব্যাপক হাৰত ডেংগুৰ প্ৰকোপ বৃদ্ধি পাইছে (Dengue cases are increase in Karbi Anglong)। ডিফুত ডেংগু ৰোগীৰ সংখ্যা দৈনিক বৃদ্ধি হৈয়েই আছে (Dengue cases increased at Diphu) । স্বাস্থ্য বিভাগে জাৰি কৰা তথ্য় অনুসৰি সোমবাৰে ১৫৮ গৰাকী জ্বৰ হৈ থকা ৰোগীৰ তেজ পৰীক্ষা কৰাত ৭৪ গৰাকীৰ দেহত ডেংগুৰ উপস্থিতি ধৰা পৰিছে ।

ডিফুত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্তৰ সংখ্য়া

সোমবাৰে দণ্ডাধীশ কে জেমিৰ নেতৃত্বত মাটিপুং এলেকাৰ ঘৰে-ঘৰে জ্বৰ হৈ থকা ৰোগীৰ তেজ পৰীক্ষা কৰোতে একেটা এলেকাৰ ১৭ গৰাকীৰ ভিতৰত ১২ গৰাকী লোক ডেংগুত আক্ৰান্ত বুলি নিশ্চিত হৈছে । স্বাস্থ্য বিভাগে বিগত দিনকেইটাত ৭৬১ গৰাকীৰ তেজ পৰীক্ষা কৰোতে ৪২৫ গৰাকীৰ দেহত ডেংগু পজিটিভ পোৱা গৈছে ।

উল্লেখযোগ্য যে ডিফু নগৰৰ ঝীৰপাৰৰ কেইবাগৰাকী লোক কলকাতাৰ পৰা আহি জ্বৰত ভুগিছিল । তেওঁলোকৰ পৰীক্ষা কৰাত ডেংগু ধৰা পৰে । তাৰ পিছত ডি চি কলনি, ছাৰ্থে কলনি, কাউন্সিল কলনিৰ পৰা ডিফু চহৰৰ ১৪ টা বৰ্ডৰ ৬টা ব্যাপক সংক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে । উল্লেখ্য় যে ছেপ্তেম্বৰতে প্ৰথমজন ডেংগু ৰোগী ধৰা পৰাৰ পিছত স্বাস্থ্য বিভাগে যিদৰে প্ৰতিকাৰৰ ব্যৱস্থা ল'ব লাগিছিল সেয়া গ্ৰহণ নকৰাত অক্টোবৰৰ শেষত ডেংগুৱে ভয়াৱহ ৰূপ ধাৰণ কৰে । ১ নৱেম্বৰৰ পৰা দৈনিক ৫০ পৰা ৭৫ গৰাকী লোক ডেংগুত আক্ৰান্ত হৈছে । চৰকাৰী তথ্য অনুসৰি ডেংগুত ডিফু নগৰত ইতিমধ্যে ৩ গৰাকী লোকৰ মৃত্যু হৈছে । কিন্তু ডিফু চিকিৎসা মহাবিদ্যালয়লৈ নাহি স্থানীয় নাৰ্ছিং হোম আৰু ডিমাপুৰত চিকিৎসা কৰোৱা এগৰাকী কৰ বিভাগৰ কৰ্মচাৰী আৰু এগৰাকী স্বায়ত্বশাসিত পৰিষদৰ কৰ্মচাৰীৰো মৃত্যু হৈছে (Diphu Medical College) ।

একেদৰে চৰকাৰী তথ্য অনুসৰি আজিলৈকে ৪২৫ গৰাকী লোক ডেংগুত আক্ৰান্ত হৈছে যদিও নাৰ্ছিং হোম আৰু স্থানীয় লেব'ৰেটৰীত তেজ‌ পৰীক্ষা কৰি ডিমাপুৰ, গুৱাহাটী বা ঘৰতে চিকিৎসা কৰি থকা লোকৰ তথ্য স্বাস্থ্য বিভাগৰ ওচৰত নাই । সেই হিচাপে ডিফুৰ পাঁচ শতাধিক লোক ডেংগুত আক্ৰান্ত হৈছে । আনকি এগৰাকী জেষ্ঠ প্ৰশাসনিক সেৱাৰ বিষয়া বৰ্তমান গুৱাহাটীৰ জিএনআৰচিত চিকিৎসাধীন হৈ আছে ।

ইপিনে,কালিৰে পৰা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে পাঁচদিনৰ বাবে ডিফুৰ বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছে (Karbi Anglong Autonomous Council) । ১২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ৰোগবিধ ধৰা পৰাত পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰে । ডেংগু প্ৰতিৰোধৰ বাবে শনিবাৰৰ পৰা ডিফুত বাহৰ পাতি থকা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক মিছন সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া গুৱাহাটীলৈ উভতিছে (State Mission Director National Health Mission)। ডিফুত এতিয়া এগৰাকী দণ্ডাধীশ আৰু চিকিৎসকৰ নেতৃত্বত স্বাস্থ্য বিভাগৰ দলে ঘৰে ঘৰে গৈ ডেংগু মহে কণি পাৰিব পৰা স্থানসমূহ ধ্বংস কৰিছে ।

ইপিনে, দণ্ডাধীশ কে জেমিয়ে কয় যে তেওঁৰ নেতৃত্বত পাঁচটা গোট কৰি ডিফুৰ ধৰমনলা, মাটিপুং আদি এলেকাত ঘৰে ঘৰে অভিযান চলাইছে । দলটোৰ চিকিৎসক চনু কুমাৰ দাসে কয় ," কালি এটা চুবুৰীত আমি ১৭ টা তেজৰ নমুনা সংগ্ৰহ কৰিছিলো আৰু তাৰে ১২ টাৰে পজিটিভ পোৱা গৈছে ।" আনহাতে, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য ৰংফাৰে কয়," আমি জিলা প্ৰশাসনৰ লগত যৌথভাৱে ডেংগু প্ৰতিৰোধৰ কাম কৰি আছো । বিশেষজ্ঞৰ পৰামৰ্শ মতে, ৭,৯,১০,১১, আৰু ১২ তাৰিখে বিদ্যালয় সমূহ বন্ধ কৰা হৈছে । " কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে বোকাজান,মাঞ্জা আৰু হাওৰাঘাটতো নতুনকৈ ডেংগু ৰোগী ধৰা পৰিছে ।

উল্লেখ্য় যে প্ৰশাসনে বোকাজান,বকলীয়া হাওৰাঘাট আদিৰ পৰা স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলক আনি ডিফুত ঘৰে ঘৰে গৈ তেজ পৰীক্ষা কৰা আৰু মহ উৎপত্তি হ'ব পৰা স্থান ধ্বংসৰ কামত নিয়োগ কৰা হৈছে । চুবুৰীয়া নগাঁও জিলাৰ পৰা ধোঁৱা দিয়া মেচিন আৰু কৰ্মচাৰী আনিছে ডিফুলৈ । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ দুটা বিশেষজ্ঞৰ দলেও ডিফুত বাহৰ পাতি আছে (GMCH) । বিয়লি ডিফুৰ ৱাৰ্ডে ৱাৰ্ডে ধোঁৱা দিছে স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক:Dengue cases increasing: কাৰ্বি আংলঙত ডেংগুত আক্ৰান্ত শতাধিক লোক, তিনিগৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.