ETV Bharat / bharat

Congress Twitter Account Block: কংগ্ৰেছৰ টুইটাৰ একাউন্ট বন্ধ ৰখাৰ নিৰ্দেশ আদালতৰ

author img

By

Published : Nov 8, 2022, 7:36 AM IST

এইবাৰ কপিৰাইটৰ কবলত পৰিল কংগ্ৰেছ ৷ ভাৰত জোড়ো কাৰ্যসূচীৰ সংগীতত কে জি এফ-২ৰ সংগীত বিনা অনুমতিত ব্যৱহাৰ কৰি ৰোষত পৰিল কংগ্ৰেছ ৷ কংগ্ৰেছৰ টুইটাৰ একাউন্ট সাময়িকভাৱে বন্ধ ৰখাৰ নিৰ্দেশ দিলে আদালতে (Congress Twitter Account Block)৷

Congress Twitter Account Block
কংগ্ৰেছৰ টুইটাৰ একাউন্ট বন্ধ ৰখাৰ নিৰ্দেশ আদালতৰ

নিউজ ডেস্ক, 8 নৱেম্বৰ : বহুল প্ৰচাৰিত জনপ্ৰিয় ছবি কে জি এফ-২ৰ সংগীত বিনাঅনুমতিত ব্যৱহাৰ কৰি ৰোষত পৰিল কংগ্ৰেছ ৷ এম আৰ টি মিউজিকৰ মালিকানাধীন বিধিগত কপিৰাইট উলংঘা কৰাৰ অভিযোগত কংগ্ৰেছ আৰু ভাৰত জোড়ো যাত্ৰাৰ(Bharat Jodo Yatra) একাউণ্ট সাময়িকভাৱে ব্লক কৰিবলৈ বেংগালুৰু আদালতে টুইটাৰক নিৰ্দেশ প্ৰদান কৰিছে ।

বেংগালুৰুৰ বাণিজ্যিক আদালতে সোমবাৰে টুইটাৰক নিৰ্দেশ দিছে যে কে জি এফ ছবিৰ গীতৰ ব্যৱহাৰৰ সন্দৰ্ভত অধিক তদন্ত নোহোৱালৈকে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰত জোড়ো যাত্ৰাৰ টুইটাৰ একাউণ্ট সাময়িকভাৱে ব্লক কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে (Congress Twitter Account Block)৷ ইয়াৰ লগতে কংগ্ৰেছৰ টুইটাৰ হেণ্ডলত থকা তিনিটা টুইট ডিলিট কৰা নিৰ্দেশ দিয়া হৈছে ।

উল্লেখ্য যে, কে জি এফ-২ৰ গীতসমূহৰ ছবিৰ মালিকীস্বত্ব থকা এম আৰ টি মিউজিকে(MTR music) টুইটাৰযোগে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে কপিৰাইট উলংঘাৰ অভিযোগ উত্থাপন কৰিছে (KGF 2 music in Bharat Jodo Yatra)। এই সন্দৰ্ভত স্থায়ী ৰেষ্ট্ৰেইনিং অৰ্ডাৰ বলবৎ কৰাৰ বাবে আবেদনো দাখিল কৰিছে । এই আবেদনৰ শুনানি গ্ৰহণ কৰা ন্যায়াধীশ লঠাকুমাৰীয়ে শুনানি স্থগিত ৰাখিছে (Temporarily block accounts of Congress)।

ইফালে কেজিএফৰ গীতৰ সৈতে জড়িত চিডিসমূহ আদালতত দাখিল কৰিছে আবেদনকাৰীয়ে । 'কংগ্ৰেছৰ টুইটাৰত(Congress Twitter handle) মৌলিক সংগীতৰ সৈতে মিল থকা সংগীত ব্যৱহাৰ কৰা হৈছে বুলি উত্থাপিত অভিযোগৰ ৰায়দানত বিচাৰপীঠে কয় যে, এনেধৰণৰ কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে ভৱিষ্যতে অশান্তিৰ সৃষ্টি হ’ব । ইয়াৰোপৰি পাইৰেচী কৰাৰ ক্ষেত্ৰতো উৎসাহ যোগোৱা হ’ব ৷

লগতে পঢ়ক : Twitter users jump to Mastodon: মাষ্ট’ড’নলৈ কিয় ঢাপলি মেলিছে টুইটাৰ ব্যৱহাৰকাৰী, কি এই মাষ্ট’ড’ন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.