ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 8, 2022, 7:01 PM IST

TOP TEN AT 7 PM
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Commonwealth Games 2022 : সিন্ধুৰ পাছত এইবাৰ বেডমিন্টনত স্বৰ্ণ অৰ্জন লক্ষ্য সেনৰ

বেডমিন্টনৰ একক শাখাত একেদিনাই দুটাকৈ স্বৰ্ণ অৰ্জন টীম ইণ্ডিয়াৰ ৷ মহিলাৰ একক শাখাত ভাৰতীয় শ্বাটলাৰ সিন্ধুৰ স্বৰ্ণ পদক অৰ্জনৰ(PV Sindhu Clinches Elusive Singles Gold Medal) পাছত এইবাৰ পুৰুষ শাখাত শ্বাটলাৰ লক্ষ্য সেনে অৰ্জন কৰে সোণৰ পদক(Lakshya Sen win gold in badminton) ।

Jharkhand MLA Horse Trading: ঝাৰখণ্ডৰ বিধায়ক ক্ৰয় কাণ্ডৰ সন্দৰ্ভত অখিল গগৈৰ বিস্ফোৰণ

ঝাৰখণ্ডৰ বিধায়ক ক্ৰয় কাণ্ড ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে নাম সাঙোৰ খোৱা ঘনিষ্ঠ ব্যৱসায়ী অশোক ধানুকাৰ বাসগৃহত পশ্চিম বংগৰ চি আই ডি বিভাগে অনুসন্ধান চলাবলৈ অহাৰ বাতৰি প্ৰকাশ হোৱাৰ পিছতে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে বিস্ফোৰক তথ্য ফাদিল কৰে (Jharkhand MLA Horse Trading) ৷

CWG 2022 Closing Ceremony: ভাৰতৰ শৰৎ কমল-নিখাত জাৰিন হ'ব সামৰণি অনুষ্ঠানৰ পতাকা বাহক

কমনৱেলথ গেমছৰ সামৰণি অনুষ্ঠানত ভাৰতৰ পতাকা বাহক হ’ব শৰৎ কমল আৰু নিখাত জাৰিন ৷ শৰতে ভাৰতৰ হৈ মুঠ চাৰিটা পদক নিজৰ নামত কৰিবলৈ সক্ষম হয় (Sharath Kamal Win 4 medal in CWG 2022) ৷ আনহাতে, জাৰিনে বক্সিঙত মহিলাৰ ৫০ কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰে (World Champion boxer Nikhat Zareen) ।

Fire Breakout at Noonmati: নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় (Fire Breakout at Noonmati)৷ নুনমাটিৰ আনন্দ নগৰত সোমবাৰে এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় ৷ জানিব পৰা মতে আনন্দ নগৰৰ বাসিন্দা টুবুল আলী নামৰ লোক এজনৰ তিনিমহলীয়া বাসগৃহটোত থকা প্ৰায় ১৫ টাকৈ তৰ্জা বেৰ সংলগ্ন কোঠাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো ৷

Tripura CM in NITI Aayog Meeting : ভৱিষ্যতৰ তৎপৰতা হিচাপে নটা প্ৰকল্প গ্ৰহণ ত্ৰিপুৰা চৰকাৰৰ

ত্ৰিপুৰা চৰকাৰে ড্ৰোণ ব্যৱহাৰৰ প্ৰচাৰৰ বাবে ৫ কোটি টকা ব্যয়েৰে 'ড্ৰোণ প্ৰযুক্তি কেন্দ্ৰ' স্থাপনকে ধৰি ভৱিষ্যতৰ প্ৰস্তুতি হিচাপে আন কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে (Tripura government setting up Drone Technology Centre) ।

Clash Between JDU and BJP : পট পৰিৱৰ্তন হ’ব নেকি বিহাৰ চৰকাৰৰ !

বিহাৰৰ ৰাজনীতিত অতি সোনকালেই ডাঙৰ পৰিৱৰ্তন দেখা পোৱাৰ সম্ভাৱনাই দেখা দিছে । মুখ্যমন্ত্ৰী নীতিশ কুমাৰে (Bihar CM Nitish Kumar) কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ সৈতে ফোনযোগে কথা পাতিছে (Congress President Sonia Gandhi) । একে সময়তে যোৱা কেইমাহমানত বিজেপি আৰু জেডিইউৰ মাজৰ বিবাদ সন্মুখলৈ আহিছে । এনে পৰিস্থিতিত এইটো বিশ্বাস কৰা হৈছে যে বিজেপিক বিহাৰ চৰকাৰৰ পৰা উলিয়াই বাহিৰ কৰিব পাৰে ।

Jerifa Murder Case: জেৰিফাৰ ন্যায়ৰ দাবীত বৰপেটাত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

জেৰিফা হত্যাকাণ্ডৰ বিৰুদ্ধে জনীয়াৰ বাণীয়াৰাপাৰা-গৰৈমাৰী অঞ্চলত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠনৰ দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে ৷ যোৱা 4 আগষ্টত জনীয়াৰ বাংলীপাৰাত জেৰিফা খাতুন নামৰ এগৰাকী মহিলাৰ মৃতদেহ চিপ লৈ অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷ জেৰিফাক হত্যা কৰা চাৰি হত্যাকাৰীক অনতিপলমে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী উত্থাপন প্ৰতিবাদকাৰীৰ (Protest Against Jerifa Murder)৷

Merapani Border Naga Aggression : মেৰাপানী সীমান্তত গোপনে অসমীয়াৰ মাটিত নগাই কৰিছে খেতি

এইবাৰ পুনৰ মেৰাপানী সীমান্তৰ ডি ছেক্টৰত নগাৰ আগ্ৰাসন (Naga aggression in D sector of Merapani border) । অসমীয়া লোকৰ মাটিত সংগোপনে ধানখেতি নগাৰ। বাৰম্বাৰ জনোৱাৰ পাছতো ব্যৱস্থা নোলোৱাৰ অভিযোগ চি আৰ পি এফৰ বিৰুদ্ধে ।

Commonwealth Games 2022 : বেডমিন্টনত স্বৰ্ণ অৰ্জন পি ভি সিন্ধুৰ

কমনৱেলথ গেমছত পুনৰ ভাৰতৰ শিৰত আন এক স্বৰ্ণ ৷ এইবাৰ কমনৱেলথ গেমছত স্বৰ্ণ আঁজুৰি আনিলে ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধুৱে(PV Sindhu won gold medal in badminton) ৷ মহিলাৰ একক শাখাত ভাৰতীয় শ্বাটলাৰ সিন্ধুৱে কানাডাৰ মিচেল লিক পৰাস্ত কৰি অৰ্জন কৰে স্বৰ্ণ পদক(PV Sindhu Clinches Elusive Singles Gold Medal) ।

National Handloom Day: বৰমাত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আৰু শিপিনী সমাৰোহত কেন্দ্ৰীয় মন্ত্ৰী দৰ্শনা বিক্ৰম জাৰ্ডোশ

বাক্সাৰ বৰমাৰ খাৰুৱাজানস্থিত ইন্টিগ্ৰেটেড টেক্সটাইল পাৰ্কত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আৰু শিপিনী সমাৰোহ (National Handloom Day and Weavers Ceremony at Barama Baksa) । ৭ আগষ্টৰ পৰা অহা ২০ আগষ্টলৈ চলিবলগা এই বস্ত্ৰমেলা আনুষ্ঠানিকভাৱে উদ্বোধন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী দৰ্শনা বিক্ৰম জাৰ্ডোশৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.