ETV Bharat / state

Jerifa Murder Case: জেৰিফাৰ ন্যায়ৰ দাবীত বৰপেটাত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

author img

By

Published : Aug 8, 2022, 5:27 PM IST

জেৰিফা হত্যাকাণ্ডৰ বিৰুদ্ধে জনীয়াৰ বাণীয়াৰাপাৰা-গৰৈমাৰী অঞ্চলত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠনৰ দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে ৷ যোৱা 4 আগষ্টত জনীয়াৰ বাংলীপাৰাত জেৰিফা খাতুন নামৰ এগৰাকী মহিলাৰ মৃতদেহ চিপ লৈ অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷ জেৰিফাক হত্যা কৰা চাৰি হত্যাকাৰীক অনতিপলমে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী উত্থাপন প্ৰতিবাদকাৰীৰ (Protest Against Jerifa Murder)৷

Jerifa Murder Case
জেৰিফাৰ ন্যায়ৰ দাবীত বৰপেটাত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

জনীয়া, 8 আগষ্ট: জেৰিফা হত্যাকাণ্ডই তোলপাৰ লগাইছে জনীয়াৰ বাণীয়াৰাপাৰা-গৰৈমাৰী অঞ্চল (Jerifa Murder Case)৷ জেৰিফাক হত্যা কৰা চাৰি হত্যাকাৰীক অনতিপলমে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী উত্থাপন কৰি বাণীয়াৰাপাৰা-গৰৈমাৰী অঞ্চলৰ তিনিখন শিক্ষানুষ্ঠানৰ লগতে বিভিন্ন দল-সংগঠনৰ দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ধৰণৰ শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে (Protest Against Jerifa Murder) ৷

যোৱা 4 আগষ্টত জনীয়াৰ বাংলীপাৰাত জেৰিফা খাতুন নামৰ এগৰাকী মহিলাৰ মৃতদেহ চিপ লৈ অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷ ইয়াৰ পিছতে জেৰিফাৰ সম্বন্ধীয় ককায়েকে ফাদিল কৰিছিল ঘটনাৰ আঁৰৰ ৰহস্য ৷ ভাই বোৱাৰীয়েকৰ সৈতে সম্পৰ্ক থকাৰ কাৰণেই পত্নীক হত্যা কৰি ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল স্বামীৰ পৰিয়ালৰ লোকে (suspected murder case at Jania) ৷

বাংলীপাৰা গাঁৱৰ মীৰ ৰৌশন আলীৰ পুত্ৰ বাহাৰুল ইছলামৰ (36) সৈতে কুমুল্লীপাৰা গাঁৱৰ জলিলুৰ ৰহমানৰ কন্যা জেৰিফা খাতুনে (19) প্ৰায় 7 মাহৰ পূৰ্বে সামাজিক ৰীতি নীতিৰে বিবাহপাশত আৱদ্ধ হৈছিল (Husband killed wife) ৷ বিয়াৰ পিছতেই জেৰিফাৰ স্বামী বাহাৰুলৰ আৰু তেওঁৰ ভাই বোৱাৰীৰ সৈতে থকা অবৈধ সম্পৰ্ক থকা কথা প্ৰত্যক্ষ কৰে (Extra Marital Affair) ৷ এই বিষয়তে স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ঘটিছিল ৷ এই কথা জেৰিফাই নিজ আত্মীয়ক অৱগত কৰিছিল ৷

জেৰিফাৰ ন্যায়ৰ দাবীত বৰপেটাত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ইয়াৰ পিছতে জেৰিফাৰ পিতৃ গৃহৰ লোকে বাহাৰুলৰ ঘৰলৈ আহি দুয়োৰে মাজৰ সমস্যাৰ মীমাংসা কৰি দিছিল ৷ কিন্তু মীমাংসা কৰাৰ দুদিনৰ পিছতেই জেৰিফাই চিপ লৈ আত্মহত্যা কৰি বুলি পিতৃ জলিলুৰ ৰহমানক খবৰ দিয়ে স্বামীৰ পৰিয়ালে ৷

লগে লগে জেৰিফাৰ পিতৃ গৃহৰ পৰিয়াল ঘটনাস্থলীত উপস্থিত হৈ কন্যাৰ মৃতদেহ উদ্ধাৰ কৰে ৷ জেৰিফাৰ মৃত্যুক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰিছিল ভাতৃ আৰু পিতৃয়ে ৷ পৰকীয়া প্ৰেমত বাধা সৃষ্টি কৰাৰ বাবেই জেৰিফাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰিছিল পিতৃয়ে ৷

ইয়াৰোপৰি জেৰিফাৰ মৃত্যুৰ ঘটনাৰ লগত স্বামী মীৰ বাহাৰুল ইছলাম, বাহাৰুলৰ পিতৃ মীৰ ৰৌশন আলী, মাতৃ ফজিলা খাতুন আৰু ভাই বোৱাৰী জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে জেৰিফাৰ পিতৃয়ে ৷

ইয়াৰ পিছতেই স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ জেৰিফাৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ কৰিছিল ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে তিনি অভিযুক্তক আটক কৰিছিল যদিও এটা অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে ৷

লগতে পঢ়ক: Extra Marital Affair: পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামী পৰিয়ালৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.