ETV Bharat / politics

তৃতীয় কাৰ্যকালৰ বাট মুকলি ! পুনৰ এন ডি এৰ নেতা হিচাবে নিৰ্বাচিত নৰেন্দ্ৰ মোদী - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 7:49 PM IST

Narendra Modi : নৰেন্দ্ৰ মোদীক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ নেতা হিচাপে নিৰ্বাচিত ৷ মিত্ৰজোঁটৰ নেতৃত্ব অব্যাহত ৰাখিবলৈ সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা এখন বৈঠকত এই সিদ্ধান্ত লোৱা হয় ৷

ELECTION RESULTS 2024
এন ডি এৰ নেতা নিৰ্বাচিত নৰেন্দ্ৰ মোদী (ETV BHARAT ENGLISH DESK)

নেশ্যনেল ডেস্ক, 5 জুন : তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱাৰ পথত আগবাঢ়িছে নৰেন্দ্ৰ মোদী ৷ নৰেন্দ্ৰ মোদীক পুনৰ এন ডি এৰ (NDA) নেতা হিচাবে নিৰ্বাচিত কৰা হৈছে ৷ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (National Democratic Alliance) নেতা হিচাপে নিৰ্বাচিত কৰে দলৰ নেতাসকলে ৷ মিত্ৰজোঁটৰ নেতৃত্ব অব্যাহত ৰাখিবলৈ সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা এখন বৈঠকত এই সিদ্ধান্ত লোৱা হয় ৷

নিৰ্বাচিত হোৱাৰ পিচত মোদীয়ে কৃতজ্ঞতা জ্ঞাপন কৰি কয়, "মই সকলো সহযোগী আৰু সাংসদক ধন্যবাদ জনাইছো যিসকলে সৰ্বসন্মতিক্ৰমে মোক এন ডি এৰ নেতা হিচাপে বাছনি কৰিছে ৷ মই আপোনালোক সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷" এন ডি এই মোডীৰ নেতৃত্বৰ প্ৰতি তেওঁলোকৰ সমৰ্থনত শক্তিশালী ঐক্য প্ৰদৰ্শন কৰিছিল ৷

উল্লেখ্য যে, বুধবাৰে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (NDA) জ্যেষ্ঠ নেতাসকলে শেহতীয়া লোকসভা নিৰ্বাচনত জয়লাভ কৰি চৰকাৰ গঠন সন্দৰ্ভত আলোচনা কৰিবলৈ নতুন দিল্লীত একত্ৰিত হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই বৈঠকত টি ডি পিৰ সভাপতি এন চন্দ্ৰবাবু নাইডু, জে ডি ইউৰ নেতা আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, শিৱসেনাৰ নেতা তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, এল জে পি (ৰামবিলাস)ৰ নেতা চিৰাগ পাছোৱান আদি বিশিষ্ট নেতাসকল উপস্থিত থাকে ৷ এই বৈঠকতে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে মিত্ৰজোঁটৰ নেতা হিচাপে আনুষ্ঠানিকভাৱে নিৰ্বাচিত কৰাৰ প্ৰস্তাৱ গৃহীত কৰা হয় ৷

লগতে পঢ়ক : ২৯৩ খন আসনেৰে তৃতীয় কাৰ্যকালৰ বাবে এন ডি এ সাজু - LOK SABHA ELECTIONS RESULTS 2024

4 জুনত ঘোষণা হোৱা ফলাফলত এন ডি এই লোকসভাৰ 293 খন আসন লাভ কৰে ৷ গেৰুৱা দলটোৱে 240 খন আসন লাভ কৰি মেজিক নম্বৰ 272 ত উপনীত হোৱাত ব্যৰ্থ হয় ৷ মোদী কেবিনেটৰ পূৰ্বৰ কেবাজনো হাইপ্ৰফাইল মন্ত্ৰীৰ পৰাজয়ৰ লগতে ঠায়ে ঠায়ে হতাশাজনক প্ৰদৰ্শনৰ বাবে সংখ্যাগৰিষ্ঠতা লাভত ব্যৰ্থ হয় গেৰুৱা দলটো ৷ ইফালে উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টি আৰু পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ উৎসাহজনক প্ৰদৰ্শনৰ সৌজন্যত INDIA ব্লকে 232 খন আসন লাভ কৰিবলৈ সক্ষম হয় ৷

ইফালে মোদীৰ নেতৃত্বত চৰকাৰ গঠনৰ দাবী দাখিল কৰিবলৈ এন ডি এই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক সাক্ষাৎ কৰিবলৈ সাজু হৈছে ৷ শপতগ্ৰহণ অনুষ্ঠানৰ সঠিক তাৰিখ এতিয়াও নিশ্চিত হোৱা নাই যদিও মিত্ৰজোঁটৰ সদস্যসকলক মূল পৰ্টফলিঅ’ আৱণ্টন সন্দৰ্ভত আলোচনা অব্যাহত আছে ৷ 2014 চনৰ পিচত প্ৰথমবাৰৰ বাবে বিজেপিয়ে মেজিক নম্বৰ লাভৰ পৰা বঞ্চিত হোৱাৰ পাচতো এন ডি এ 543 জনীয়া লোকসভাত সংখ্যাগৰিষ্ঠতাৰ সংখ্যা 272ৰ ওপৰত আছে ৷ এই বিজয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালৰ বাট মুকলি কৰিছে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীসহ মন্ত্ৰী পৰিষদৰ পদত্যাগ: পদত্যাগ গ্ৰহণ ৰাষ্ট্ৰপতিৰ - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.