ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোদীসহ মন্ত্ৰী পৰিষদৰ পদত্যাগ: পদত্যাগ গ্ৰহণ ৰাষ্ট্ৰপতিৰ - Lok sabha election results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 1:00 PM IST

Updated : Jun 5, 2024, 3:33 PM IST

PM Modi Resigns : মন্ত্ৰী পৰিষদৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ পদত্যাগ । পদত্যাগ-পত্ৰ গ্ৰহণ কৰিলে ৰাষ্ট্ৰপতিয়ে । ৰাষ্ট্ৰপতিয়ে পদত্যাগ গ্ৰহণ কৰি নৰেন্দ্ৰ মোদী আৰু মন্ত্ৰী পৰিষদক নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ নকৰালৈকে কাৰ্য অব্যাহত ৰাখিবলৈ অনুৰোধ জনায় ।

Union Cabinet Meeting
ফলাফলৰ পিচত এনডিএ-ইণ্ডিয়াৰ উল্লাস (ANI Photo)

নিউজ ডেস্ক, ৫ জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক সাক্ষাৎ কৰে আৰু মন্ত্ৰী পৰিষদৰ সৈতে পদত্যাগ-পত্ৰ প্ৰদান কৰে । "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে আৰু মন্ত্ৰী পৰিষদৰ সৈতে পদত্যাগ-পত্ৰ প্ৰদান কৰে । ৰাষ্ট্ৰপতিয়ে এই পদত্যাগ গ্ৰহণ কৰিছে আৰু নৰেন্দ্ৰ মোদী আৰু মন্ত্ৰী পৰিষদক নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ নকৰালৈকে কাৰ্য অব্যাহত ৰাখিবলৈ অনুৰোধ জনায় ।" ৰাষ্ট্ৰপতিৰ সচিবালয়ৰ এক বিবৃতিত উল্লেখ কৰা হৈছে ।

উল্লেখ্য, ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ এদিন পিচত বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'ব । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে মঙলবাৰে সন্ধিয়া কয় যে এনডিএয়ে পৰৱৰ্তী চৰকাৰ গঠন কৰিব ।

আনহাতে, মহাৰাষ্ট্ৰৰ বিড সমষ্টিত ভোটদানৰ ফলাফল পোষ্ট কৰি বুধবাৰে পুৱা আয়োগৰ ৱেবছাইটত নিৰ্বাচন আয়োগে 543 টা লোকসভা সমষ্টিৰ সকলোকেইটাৰে ফলাফল ঘোষণা কৰে । ফলাফল অনুসৰি, বিজেপিয়ে 240 খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে 99 খন আসন লাভ কৰে ।

বুধবাৰে এনডিএৰ নেতাসকলে প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহ ৭ লোক কল্যাণ মাৰ্গত তেওঁক সাক্ষাৎ কৰিব । এনডিএৰ বৈঠকখন আবেলি প্ৰায় ৩.৩০ বজাত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে । আনহাতে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ দৰে গুৰুত্বপূৰ্ণ নেতাসকল এনডিএৰ বৈঠকত উপস্থিত থাকিব বুলি আশা কৰা হৈছে । ইফালে সন্ধিয়া প্ৰায় ৬ বজাত ৰাষ্ট্ৰীয় ৰাজধানীত ইণ্ডিয়া ব্লকৰ বৈঠক অনুষ্ঠিত হ'ব ।

লগতে পঢ়কদেশৰ ভিতৰতেই সৰ্বাধিক ভোটৰ ব্য়ৱধানত জয়ী ৰকিবুল হুছেইন - LOK SABHA ELECTION RESULTS 2024

উল্লেখ্য যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ ভোটগণনা মঙলবাৰে অনুষ্ঠিত হয় । ভাৰতৰ নিৰ্বাচন আয়োগৰ তথ্য অনুযায়ী, বিজেপিয়ে 240 খন আসন লাভ কৰে । অৱশ্যে এই সংখ্যা 2019 চনৰ 303 খন আসনতকৈ যথেষ্ট কম ।

আনহাতে, কংগ্ৰেছে শক্তিশালীভাৱে উত্থান ঘটাই 99 খন আসন লাভ কৰে । লগতে নিৰ্বাচনৰ পিচৰ সকলো ভৱিষ্যদ্বাণী ওফৰাই ইণ্ডিয়া ব্লকে 230 খন আসনৰ সীমা অতিক্ৰম কৰে । এইবাৰৰ নিৰ্বাচনৰ ফলাফলত তুমুল প্ৰতিদ্বন্দ্বিতা পৰিলক্ষিত হয় । কিন্তু অন্তিম মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয় কাৰ্যকালৰ বাবে শাসন ক্ষমতালৈ ঘূৰি অহাৰ সুবিধা পায় । কিন্তু বিজেপিয়ে ইয়াৰ বাবে তেওঁলোকৰ মিত্ৰজোঁটৰ আন দলসমূহৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব, বিশেষকৈ জেডি (ইউ)ৰ মুৰব্বী নীতিশ কুমাৰ আৰু টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৰ ওপৰত ।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰ সংখ্যাত 272তকৈ 32 খন আসন কমকৈ লাভ কৰে । 2014 চনত ভাৰতীয় জনতা পাৰ্টী ক্ষমতালৈ অহাৰ পিচত প্ৰথমবাৰৰ বাবে দলটোৱে নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠতা লাভৰ পৰা বঞ্চিত হয় । ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰ গঠনৰ দাবী দাঙি ধৰিছে ।

লগতে পঢ়ক : ৰাজনৈতিক প্ৰতিদ্বন্দ্বী ৰকিবুল হুছেইনৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ! - LOK SABHA ELECTION RESULTS 2024

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই জনাদেশৰ বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰি কয় যে বিজেপি নেতৃত্বাধীন এনডিএই ক্ৰমাগত তৃতীয়খন চৰকাৰ গঠন কৰিব আৰু ই হৈছে বিকশিত ভাৰতৰ সংকল্প, 'সবকা সাথ সবকা বিকাশ'ৰ সংকল্প আৰু ভাৰতৰ সংবিধানত জনসাধাৰণৰ দৃঢ় বিশ্বাসৰ জয় ।

"এই পৱিত্ৰ দিনটোত এইটো নিশ্চিত হৈছে যে এনডিএয়ে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিছে । আমি জনসাধাৰণৰ প্ৰতি কৃতজ্ঞ, তেওঁলোকে বিজেপি, এনডিএৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰখাৰ বাবে । এয়া হৈছে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ বিজয়, ই ভাৰতৰ সংবিধানৰ ওপৰত দৃঢ় বিশ্বাসৰ জয়, ই হৈছে বিকশিত ভাৰতৰ সংকল্পৰ বিজয় । এয়া হৈছে 'সবকা সাথ সবকা বিকাশ'ৰ বিজয়' ।" মঙলবাৰে তেওঁ বিজেপিৰ মুখ্য কাৰ্যালয়ত দেশবাসীক সম্বোধন কৰি কয় । ইফালে ফলাফলৰ পিচত কংগ্ৰেছ দল আৰু অন্যান্য বিৰোধী নেতাসকলেও কৈছে যে ভৱিষ্যতৰ ৰণনীতি নিৰ্ধাৰণ কৰিবলৈ বুধবাৰে ইণ্ডিয়া ব্লকৰ বৈঠক অনুষ্ঠিত হ'ব ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

Last Updated : Jun 5, 2024, 3:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.