ETV Bharat / state

Merapani Border Naga Aggression : মেৰাপানী সীমান্তত গোপনে অসমীয়াৰ মাটিত নগাই কৰিছে খেতি

author img

By

Published : Aug 8, 2022, 5:37 PM IST

এইবাৰ পুনৰ মেৰাপানী সীমান্তৰ ডি ছেক্টৰত নগাৰ আগ্ৰাসন (Naga aggression in D sector of Merapani border) । অসমীয়া লোকৰ মাটিত সংগোপনে ধানখেতি নগাৰ। বাৰম্বাৰ জনোৱাৰ পাছতো ব্যৱস্থা নোলোৱাৰ অভিযোগ চি আৰ পি এফৰ বিৰুদ্ধে ।

Merapani
Merapani

তিতাবৰ, ৮ আগষ্ট : অসম-নাগালেণ্ড সীমান্তত অসমীয়া আৰু নগা লোকৰ মাজত সংঘাত এতিয়াও দূৰ হোৱা নাই (Conflict between Assamese and Nagas on border) । দুয়োখন ৰাজ্যৰ চৰকাৰে সীমা বিবাদ সমাধানৰ বাবে কেইবালানিও বৈঠকত মিলিত হৈ স্থিতাৱস্থা বাহাল ৰখাৰ পক্ষত সিদ্ধান্ত ল'লেও কাৰ্যক্ষেত্ৰত কিন্তু সীমান্তত এতিয়াও নগাৰ আগ্ৰাসন চলিয়ে আছে । ইতিমধ্যে নগাই অসম-নাগালেণ্ড সীমান্তত চলোৱা আগ্ৰাসনৰ প্ৰতিৰোধ কৰিবলৈ গৈ এক অনাকাংক্ষিত ঘটনাৰো সন্মুখীন হ'বলগীয়া হৈছে অসমৰ ৰাইজ তথা আৰক্ষী প্ৰশাসন ।

শেহতীয়াভাৱে মেৰাপানী সীমান্তত অসমীয়াৰ মাটিত পুনৰ আগ্ৰাসন চলাইছে নগাই (Aggression again by Naga on merapani border) । মেৰাপানীৰ ১ নং ওপৰ তৰাণিৰ গড়বস্তিৰ বিতৰ্কিত ভূমিত নগাই চলাইছে আধিপত্য । অসম চৰকাৰৰ 'হাফ মাইল বেল্ট'ৰ অধীনত ১৯৭০ চনতে সীমান্তবাসী ৰাইজক আবণ্টন দিয়া ১২ বিঘাকৈ ভূমিত এতিয়া নগাৰ শেনচকু পৰিছে ।

পুনৰ মেৰাপানী সীমান্তৰ ডি ছেক্টৰত নগাৰ আগ্ৰাসন

১ নং তৰাণিৰ গোপাল গড় আৰু তেওঁৰ ভগ্নী তৰামাই গড়ৰ নামত পৈতৃক সূত্ৰে লাভ কৰা ভূমিত নগা আৰু অসমীয়াৰ মাজত সীমাবিবাদৰ সূত্ৰপাত হৈ ২০১১ চনৰে পৰা বিবদমান ভূমি হিচাপে চিহ্নিত হৈ আহিছিল । ফলস্বৰূপে সীমান্তত নিয়োজিত চি আৰ পি এফৰ হস্তক্ষেপত বিবদমান ভূমি খণ্ডত গোপাল গড়ৰ পৰিয়ালৰ লগতে অধিকাৰ সাব্যস্ত কৰিব খোজা নগা লোকক খেতি-বাতি কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি ৰাখিছিল যদিও এই বাধা নামানি একাংশ নগা লোকে উক্ত ভূমিত ধানখেতি কৰিছে ।

ইফালে নগাই হাবি কাটি খেতি কৰিবলৈ যা-যোগাৰ কৰাৰ লগতে ধানৰ কঠীয়া ৰোপণ কৰাৰ তথ্য লাভ কৰি তৰামাই গড়ে ঘটনা সন্দৰ্ভত মেৰাপানীস্থিত ১৪২ নং চি আৰ পি এফক যোৱা ২৫ জুনতেই অৱগত কৰায় । কিন্তু চি আৰ পি এফে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে (CRPF accused of not taking any serious note) ।

আনহাতে, নিজৰে পৈতৃক সম্পত্তিত নগাৰ বেদখল কোনো কাৰণতেই মানি ল'ব খোজা নাই দুৰ্ভগীয়া পৰিয়ালটোৱে । লগতে দীৰ্ঘদিন ধৰি বিৰ্তকিত হৈ থকা ভূ-খণ্ডৰ উচিত মীমাংসা কৰি নগাৰ কবলৰ পৰা হস্তান্তৰ কৰাৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালটোৱে ।

লগতে পঢ়ক :SP Leena Doley at Kaliabor : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সষ্টম নগাঁৱৰ আৰক্ষী প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.