ETV Bharat / bharat

Jharkhand MLA Horse Trading: ঝাৰখণ্ডৰ বিধায়ক ক্ৰয় কাণ্ডৰ সন্দৰ্ভত অখিল গগৈৰ বিস্ফোৰণ

author img

By

Published : Aug 8, 2022, 6:10 PM IST

ঝাৰখণ্ডৰ বিধায়ক ক্ৰয় কাণ্ড ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে নাম সাঙোৰ খোৱা ঘনিষ্ঠ ব্যৱসায়ী অশোক ধানুকাৰ বাসগৃহত পশ্চিম বংগৰ চি আই ডি বিভাগে অনুসন্ধান চলাবলৈ অহাৰ বাতৰি প্ৰকাশ হোৱাৰ পিছতে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে বিস্ফোৰক তথ্য ফাদিল কৰে (Jharkhand MLA Horse Trading) ৷

Akhil Gogoi Press Meet on Jharkhand MLA  Horse Trading
ঝাৰখণ্ডৰ বিধায়ক ক্ৰয় কাণ্ডৰ সন্দৰ্ভত অখিল গগৈৰ বিস্ফোৰণ

বোকাখাত, 8 আগষ্ট: ঝাৰখণ্ডৰ বিধায়ক ক্ৰয় কাণ্ডক লৈ ৰাজনৈতিক মহলত তোলপাৰ লাগিছে ৷ দেওবাৰে এই কাণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে নাম সাঙোৰ খোৱা ঘনিষ্ঠ ব্যৱসায়ী অশোক ধানুকাৰ বাসগৃহত পশ্চিম বংগৰ চি আই ডি বিভাগে অনুসন্ধান চলাবলৈ অহাৰ বাতৰি প্ৰকাশ হোৱাৰ পিছতে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে বিস্ফোৰক তথ্য ফাদিল কৰে (Jharkhand MLA Horse Trading) ৷

ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়ক কুমাৰ জয় মংগল সিঙে (Jharkhand Congress MLA Kumar Jaimangal) স্থানীয় থানা এখনত দাখিল কৰা এজাহাৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে ঝাৰখণ্ডৰ বিজেপি বিৰোধী জোঁট চৰকাৰৰ পতন ঘটোৱা আৰু ৰাজ্যখনৰ বিজেপি চৰকাৰৰ গঠন কৰাৰ ষড়যন্ত্ৰ চলা বুলি উল্লেখ কৰাৰ পাছতে বিষয়টোক আৰম্ভ হোৱা চৰ্চা অব্যাহত আছে (Himanta Biswa Sarma in Jharkhand MLA FIR)। দেশজুৰি চৰ্চা লাভ কৰা এই ঘটনা তথা ঝাৰখণ্ডৰ বিধায়কজনে দাখিল কৰা এজাহাৰ সন্দৰ্ভত ৰাজ্যৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

ঝাৰখণ্ডৰ বিধায়ক ক্ৰয় কাণ্ডৰ সন্দৰ্ভত অখিল গগৈৰ বিস্ফোৰণ

সোমবাৰে বোকাখাতত এখন সংবাদমেল আয়োজন কৰি অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক ক’লা অধ্যায়ৰ তথ্য পোহৰলৈ আনে ৷ গগৈয়ে কয় যে, অশোক ধানুকাৰ লগত কি সম্পৰ্ক আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ? অশোক ধানুকা কোন ? অশোক ধানুকাৰ নাম কিয় ঝাৰখণ্ডৰ বিধায়ক ক্ৰয়ৰ কেলেংকাৰীত সাঙোৰ খাইছে ?

উল্লেখ্য যে, যোৱা 30 জুলাইত পশ্চিম বংগৰ হাওৰা আৰক্ষীয়ে নগদ ৪৮ লাখ টকাসহ গ্ৰেপ্তাৰ কৰিছিল ঝাৰখণ্ডৰ তিনিজন কংগ্ৰেছী বিধায়কক (Jharkhand MLA nabbed with large amount of Cash) ৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ বাতৰি অনুসৰি এই ঘটনাৰ পূৰ্বে 28 জুলাইত গুৱাহাটীৰ এজন শীর্ষ বিজেপি নেতাক সাক্ষাৎ কৰিছিল ঝাৰখণ্ডৰ তিনি কংগ্ৰেছী বিধায়কে ৷

গুৱাহাটীৰ বিজেপিৰ শীৰ্ষ নেতাজনৰ লগত হোৱা বৈঠকৰ পিছতেই কলিকতালৈ ৰাওনা হোৱা কংগ্ৰেছী বিধায়কে সাক্ষাৎ কৰে মহেন্দ্ৰ আগৰৱালা নামৰ এজন ব্যৱসায়ীক ৷ এই ব্যৱসায়ীজনেই কংগ্ৰেছী বিধায়ক তিনিজনক ধনৰ যোগান ধৰাৰ তথ্য চি আই ডিৰ তদন্তত পোহৰলৈ অহা বুলি বাতৰি প্ৰকাশ পাইছে সংবাদ মাধ্যমত ৷ অশোক ধানুকাই এই বৃহৎ পৰিমানৰ ধনৰ যোগান ধৰাৰ সন্দেহ কৰিছে পশ্চিম বংগৰ চি আই ডিয়ে ৷

অসমৰ এটা পৰ্টেল আৰু এখন ৰাষ্ট্ৰীয় সংবাদ পত্ৰিকাৰ যৌথ অনুসন্ধানত সম্পূর্ণ তথ্য সহকাৰে অশোক কুমাৰ ধানুকাৰ সৈতে মুখ্যমন্ত্ৰী পৰিয়ালৰ ঘনিষ্ঠ ব্যবসায়ীক সম্পর্কৰ কথা উন্মোচিত হৈছিল ৷ অখিল গগৈয়ে প্ৰকাশ কৰা তথ্য অনুসৰি-

১) মুখ্যমন্ত্ৰীৰ পুত্ৰৰ সৰ্বাধিক অংশীদাৰিত্ব থকা বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড(পূৰ্বৰ আৰবিএছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড)ৰ সঞ্চালকৰ পদত আছে অশোক ধানুকা ৷ ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠাপক সঞ্চালক পদত থাকোতেই ২৯ বিঘা চৰকাৰী ভূমি অবৈধভাৱে ক্ৰয় কৰিছিল কোম্পেনীটোৱে ৷ ৰিণিকি ভূঞা শৰ্মা প্ৰতিষ্ঠাপক সঞ্চালক পদত থাকোতেই ১৭ টাকৈ কলকাতাৰ কোম্পেনীয়ে মুঠ ২ কোটি ১৭ লাখ ৪৫ হাজাৰ টকাৰ বিনিয়োগ কৰিছিল আৰবিএছ ৰিয়েলল্টৰ্ছ প্ৰাইভেট লিমিটেডত ৷

২) পদ্মাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেড নামৰ কোম্পেনী এটাত ২০০৫ চনত সঞ্চালক পদ গ্ৰহণ কৰে ৰিণিকি ভূঞা শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পিতৃ কৈলাশ নাথ শৰ্মাই ৷ এই কোম্পেনীটোতো ১৪ টাকৈ কোম্পেনীৰ কলকাতাৰ কোম্পেনীয়ে বিনয়োগ কৰে ৷ মুঠ বিনিয়োগৰ পৰিমাণ আছিল ৩ কোটি ৫০ লাখ টকা ৷ বিনিয়োগৰ পাছত ৰিণিকি ভূঞা শৰ্মা, কৈলাশ নাথ শৰ্মাই সঞ্চালক পদৰ পৰা পদত্যাগ কৰে ৷ আৰবিএছ ৰিয়ের্ল্টছৰ দৰে এই কোম্পেনীটোতো সঞ্চালক পদত নিযুক্ত হয় অশোক ধানুকা ৷

৩) দুয়োটা কোম্পেনীত কলকাতাৰ কোম্পেনীয়ে কৰা বিনয়োগ পিছলৈ হস্তান্তৰ হৈছিল মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু পৰিয়ালৰ ঘনিষ্ঠলৈ ৷

৪) ভূমি কেলেংকাৰী সংঘটিত কৰা আৰবিএছ ৰিয়ের্ল্টছৰ ঠিকনা হ’ল- DHANUKA COMPLEX, BLOCK-A, ROOM NO. 211, ATHGAON GUWAHATI Kamrup AS 781009 IN

৫) এই ঠিকনা অসমত ক’ভিড কালত সংঘটিত পিপিই কীট, চেনিটাইজাৰ কেলেংকাৰীৰো অভিকেন্দ্ৰ ৷

লগতে গগৈয়ে কয় যে, ঝাৰখণ্ডৰ বিধায়ক ক্ৰয় কাণ্ডৰ তদন্ত কৰিছে পশ্চিমবংগৰ আৰক্ষীয়ে ৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীয়ে ঝাৰখণ্ডৰ বিধায়ক ক্ৰয় কাণ্ড, আৰবিএছ ৰিয়ের্ল্টছত, পদ্মাৱতী ট্ৰেডার্চত কৰা সন্দেহজনক বিনিয়োগৰ সঠিক তদন্ত কৰিলেই হিমন্ত বিশ্ব শৰ্মা গ্ৰেপ্তাৰ হ’ব পাৰে ৷

লগতে পঢ়ক: Assam Public Works filed FIR: ঝাৰখণ্ডৰ বিধায়ক কিনা-বেচা সন্দৰ্ভত গীতানগৰ থানাত গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.