National Handloom Day: বৰমাত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আৰু শিপিনী সমাৰোহত কেন্দ্ৰীয় মন্ত্ৰী দৰ্শনা বিক্ৰম জাৰ্ডোশ

author img

By

Published : Aug 8, 2022, 2:00 PM IST

Baksa
Baksa ()

বাক্সাৰ বৰমাৰ খাৰুৱাজানস্থিত ইন্টিগ্ৰেটেড টেক্সটাইল পাৰ্কত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আৰু শিপিনী সমাৰোহ (National Handloom Day and Weavers Ceremony at Barama Baksa) । ৭ আগষ্টৰ পৰা অহা ২০ আগষ্টলৈ চলিবলগা এই বস্ত্ৰমেলা আনুষ্ঠানিকভাৱে উদ্বোধন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী দৰ্শনা বিক্ৰম জাৰ্ডোশৰ ।

বাক্সা, ৭ আগষ্ট : দেওবাৰে সমগ্ৰ দেশত পালন কৰা হয় ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস (National Handloom Day celebrated on Sunday) । সমগ্ৰ দেশৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচীৰে ৭ আগষ্টত পালন কৰা হয় ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস । গুৱাহাটীত এই হস্ততাঁত দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হয় চানমাৰিস্থিত খাদী আৰু গ্ৰামোদ্যোগ পৰিষদৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগত (Khadi and Village Industry Board Chandmari Guwahati) ।

আনহাতে, হস্ততাঁত দিৱস উপলক্ষে বাক্সা জিলাৰ বৰমাৰ খাৰুৱাজানস্থিত ইন্টিগ্ৰেটেড টেক্সটাইল পাৰ্কত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আৰু শিপিনী সমাৰোহ অনুষ্ঠিত হয় (National Handloom Day and Weavers Ceremony at Barama Baksa) । ৭ আগষ্টৰ পৰা অহা ২০ আগষ্টলৈ চলিবলগা এই বস্ত্ৰমেলা বন্তি প্ৰজ্বালনেৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী দৰ্শনা বিক্ৰম জাৰ্ডোশে ।

বৰমাত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আৰু শিপিনী সমাৰোহত কেন্দ্ৰীয় মন্ত্ৰী দৰ্শনা বিক্ৰম জাৰ্ডোশ

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতবৰ্ষৰ হস্ততাঁত ক্ষেত্ৰখনক আগবঢ়াই নি বিশ্ব বজাৰ দখল কৰাৰ ওপৰত বক্তব্য ৰাখে (Union Minister Darshana Vikram Jardosh inaugurated Textile Fair) । লগতে তেওঁ সকলো বিভাগে পৰস্পৰে কাম কৰি হস্ততাঁত ক্ষেত্ৰখনক অধিক আগবঢ়াই নিব লাগিব বুলি কয় । আনহাতে, তেওঁৰ বক্তব্যত নৰেন্দ্ৰ মোডীৰ আত্মনিৰ্ভৰ ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈও আহ্বান জনায় ।

উল্লেখ্য, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিটিচিত বস্ত্ৰ গাঁও নিৰ্মাণ কৰাৰ কথা দোহাৰে (Union Minister reiterated construct textile villages at BTC) । বস্ত্ৰ গাঁৱত যাতে একেলগে বহুত শিপিনীয়ে কাম কৰি বস্ত্ৰ উৎপাদন কৰিব পাৰে তাৰ ব্যৱস্থা কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে । আনহাতে, উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী ক্ৰমে ইউ জি ব্ৰহ্ম, জয়ন্তমল্ল বৰুৱা (Minister of Assam Government Jayanta Malla Baruah), বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়ো, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, কাৰ্যবাহী সদস্য ঘনশ্যাম দাস, ৰাকেশ ব্ৰহ্মকে ধৰি যথেষ্ট সংখ্যক লোক উপস্থিত থাকে ।

লগতে পঢ়ক :Azadi ka Amrit Mahotsav: BCPLৰ উদ্যোগত ডিব্রুগড়ত ৭৫ জনকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.