ETV Bharat / state

Azadi ka Amrit Mahotsav: BCPLৰ উদ্যোগত ডিব্রুগড়ত ৭৫ জনকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

author img

By

Published : Aug 7, 2022, 10:58 PM IST

facilitation-program-for-the-occasion-of-azadi-ka-amrit-mahotsav
BCPLৰ উদ্যোগত ডিব্রুগড়ত ৭৫ জনকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ডিব্ৰুগড়ত ৰাজহুৱা খণ্ডৰ অন্যতম উদ্যোগিক প্ৰতিষ্ঠান BCPLৰ উদ্যোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় (BCPL celebrate Azadi ka Amrit Mahotsav in Dibrugarh)৷ সমাজ জীৱনলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে ৭৫ জনকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে BCPL কৰ্তৃপক্ষই ।

মৰাণ, 7 আগষ্ট : দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশজুৰি উদযাপন কৰা হ'ব আজাদী কা অমৃত মহোৎসৱ ৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত উদযাপন কৰা 'আজাদী কা অমৃত মহোৎসৱ'ৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি সকলোৰে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনাইছিল আহ্বান(Har Ghar Tiranga Abhiyan) ।

facilitation-program-for-the-occasion-of-azadi-ka-amrit-mahotsav
BCPLৰ উদ্যোগত ডিব্রুগড়ত ৭৫ জনকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

সমান্তৰালকৈ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ডিব্ৰুগড়ত ৰাজহুৱা খণ্ডৰ অন্যতম উদ্যোগিক প্ৰতিষ্ঠান BCPLৰ উদ্যোগত দেওবাৰে বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়(BCPL celebrate Azadi ka Amrit Mahotsav in Dibrugarh)৷ সমাজ জীৱনলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে ৭৫ জনকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে BCPL কৰ্তৃপক্ষই ।

facilitation-program-for-the-occasion-of-azadi-ka-amrit-mahotsav
BCPLৰ উদ্যোগত ডিব্রুগড়ত ৭৫ জনকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ সৌজন্যত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আৰু শ্ৰম নিয়োগ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জিলাখনৰ ৭৫ জন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে । আনহাতে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফলমণ্ডিত কৰাৰ উদ্দেশ্যে BCPLৰ তৰফৰ পৰা সকলোকে একোখনকৈ জাতীয় পতাকা প্ৰদান কৰে ৷

BCPLৰ উদ্যোগত ডিব্রুগড়ত ৭৫ জনকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

BCPLৰ পৰিচালন সঞ্চালক ৰীপ হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । ইফালে এই অনুষ্ঠানত উপস্থিত থাকে লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা,অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগু, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজকোঁৱৰ আদিকে ধৰি ভালে কেইগৰাকী বিষয়ববীয়াই ।

লগতে পঢ়ক : Har Ghar Tiranga Abhiyan: হাতত ত্ৰিৰংগ পতাকা লৈ টিংখাঙৰ ৰাজপথত পদযাত্ৰা মন্ত্ৰী বিমল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.