ETV Bharat / bharat

Clash Between JDU and BJP : পট পৰিৱৰ্তন হ’ব নেকি বিহাৰ চৰকাৰৰ !

author img

By

Published : Aug 8, 2022, 5:25 PM IST

বিহাৰৰ ৰাজনীতিত অতি সোনকালেই ডাঙৰ পৰিৱৰ্তন দেখা পোৱাৰ সম্ভাৱনাই দেখা দিছে । মুখ্যমন্ত্ৰী নীতিশ কুমাৰে (Bihar CM Nitish Kumar) কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ সৈতে ফোনযোগে কথা পাতিছে (Congress President Sonia Gandhi) । একে সময়তে যোৱা কেইমাহমানত বিজেপি আৰু জেডিইউৰ মাজৰ বিবাদ সন্মুখলৈ আহিছে । এনে পৰিস্থিতিত এইটো বিশ্বাস কৰা হৈছে যে বিজেপিক বিহাৰ চৰকাৰৰ পৰা উলিয়াই বাহিৰ কৰিব পাৰে ।

Etv Bharat
Etv Bharat

নিউজ ডেস্ক, ৮ আগষ্ট : বিহাৰত চৰকাৰ সম্পৰ্কে ৰাজনৈতিক উত্তাপৰ তীব্ৰতা বৃদ্ধি পাইছে । মুখ্যমন্ত্ৰী নীতিশ কুমাৰে (CM Nitish Called MLA MP Meeting) তেওঁৰ দলৰ সকলো বিধায়ক আৰু সাংসদক পাটনালৈ আহিবলৈ নিৰ্দেশ দিছে । মঙলবাৰে এখন সভা অনুষ্ঠিত হ'ব । ইফালে নীতিশ কুমাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ছোনিয়া গান্ধীৰ (CM Nitish Talks to Sonia Gandhi) সৈতেও ফোনত কথা পাতিছে । সূত্ৰ অনুসৰি, চৰকাৰ গঠনৰ বিষয়ে আলোচনা হৈছে ফোনৰ বাৰ্তালাপত । কিয়নো এইটো অনুমান কৰা হৈছে যে আগন্তুক বিহাৰ চৰকাৰত কংগ্ৰেছো জড়িত থাকিব ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে নীতিশ কুমাৰে পূৰ্বতে দুবাৰ পক্ষ সলনি কৰিছে । ইয়াৰ পূৰ্বে বিজেপিৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত তেওঁ আৰজেডিৰ সৈতে এক মহাজোঁট চৰকাৰ গঠন কৰিছিল । এজন কংগ্ৰেছীও তাত জড়িত আছিল । একে সময়তে 2017 চনত মহাজোঁটৰ পৰা পৃথক হোৱাৰ পিছত পুনৰ এন ডি এ চৰকাৰ গঠন কৰে । বৰ্তমান এতিয়া নীতিশ কুমাৰে আকৌ এবাৰ পক্ষ সলনি কৰাৰ কথা চৰ্চিত হৈছে ।

বিজেপি আৰু জেডিইউৰ মাজত উত্তেজনা বৃদ্ধি পাইছে : যদিও জেডিইউৰ নেতাসকলে নিৰন্তৰ দাবী কৰি আহিছে যে এন ডি এ চৰকাৰত সকলো ঠিকেই আছে, কিন্তু ৰাজনৈতিক গতি প্ৰবাহৰ ধৰণ বিহাৰত সলনি হোৱাটো স্পষ্টভাৱে দেখা গৈছে (clash between JDU and BJP) । যাৰ ফলতে এটা ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে ৰাজ্যখনত । ছোনিয়া গান্ধীৰ সৈতে বিহাৰৰ মুখ্যমন্ত্ৰীৰ কথোপকথন উক্ত দিশত এক পদক্ষেপ বুলি বিশ্বাস কৰা হৈছে ।

উল্লেখ্য যে, ৩০ আৰু ৩১ জুলাইত ৰাজধানী পাটনাত বিজেপিৰ সাতটা ফ্ৰণ্টৰ এখন বৈঠক অনুষ্ঠিত হয় । উক্ত বৈঠকত সমগ্ৰ দেশৰ পৰা মৰ্চাৰ কৰ্মীসকলৰ সমাবোশ অনুষ্ঠিত হয় । উক্ত কাৰ্যসূচীত ৭০০ তকৈও অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল । কিন্তু উক্ত বৈঠকত কেৱল জেডিইউৱে দূৰত্ব বজাই ৰখাটোকে প্ৰত্যক্ষ হোৱা নাছিল, জেডিইউৰ বিজয়ী বিধানসভা আসনসমূহো বিজেপিয়ে উপেক্ষা কৰা পৰিলক্ষিত হৈছিল । বিজেপিয়ে মাত্ৰ ২০০ টা বিধানসভা সমষ্টিত সন্মুখৰ সদস্যসকলক প্ৰেৰণ কৰিছিল । গৃহমন্ত্ৰী অমিত শ্বাহে বৈঠকৰ দ্বিতীয়দিনা সকলো কৰ্মীৰ সৈতে বৈঠক কৰিছিল আৰু বহুতো প্ৰয়োজনীয় নিৰ্দেশনাও দিছিল । সেইদিনাৰ পৰাই বিহাৰৰ ৰাজনীতিত আলোড়ন তীব্ৰতৰ হৈ পৰে ।

খুৰাক আৰু ভতিজাক পুনৰ আহিব নেকি ?

এতিয়া এই আলোচনাটোৱে পুনৰ নীতিশ কুমাৰৰ দিশ সলনি কৰিবলৈ গৈ আছে । অৱশ্যে ৰাষ্ট্ৰীয় সভাপতি লালন সিঙৰ পৰা জেডিইউৰ বহু মন্ত্ৰীলৈকে কৈছে যে, এন ডি এত সকলো ঠিকেই আছে । ইফালে জেডিইউৱেও কেন্দ্ৰীয় কেবিনেটত যোগদান নকৰাৰ সিদ্ধান্ত লৈছে । প্ৰথমে বিজয় চৌধুৰীয়ে কৈছিল যে আমি কেন্দ্ৰীয় কেবিনেটত যোগদান কৰা নাই । তাৰ পিছতে সংবাদমেলত ৰাষ্ট্ৰীয় সভাপতি লালন সিঙেও স্পষ্ট কৰি দিয়ে, "আমি জড়িত নহ'ম । ইয়াৰ কোনো প্ৰয়োজন নাই । মুখ্যমন্ত্ৰীয়ে ২০১৯ চনতহে সিদ্ধান্তটো লৈছিল আৰু আমি ইয়াৰ সৈতে থিয় দিছোঁ।"

একে সময়তে নীতিশ কুমাৰৰ বিজেপি নেতাসকলৰ পৰা দূৰত্ব, কেন্দ্ৰীয় কেবিনেটত জেডিইউৰ অন্তৰ্ভুক্তি নোহোৱা আৰু আৰচিপি সিঙৰ অজুহাতত বিজেপিৰ ওপৰত লালন সিঙৰ পোনপটীয়া আক্ৰমণে এক বেলেগ কাহিনীহে ব্যক্ত কৰিছে । নীতিশ কুমাৰে অতীজতো পক্ষ সলনি কৰিছে । সেয়েহে পৰিৱৰ্তনশীল ৰাজনৈতিক গতিধাৰাৰ বাবে পুনৰ অনুমান কৰা হৈছে যে বিহাৰত বিজেপি-জেডিইউ মিত্ৰজোঁটৰ চৰকাৰ ভংগ হোৱাৰ দিশে ।

উল্লেখ্য, নীতিশ কুমাৰৰ সুশাসনৰ শ্ল’গানত (Good Governance of Nitish Kumar) এইটো অধিক সত্য প্ৰমাণিত হৈছিল যেতিয়া ২০১০ চনত বিহাৰ বিধানসভাত বিৰোধী দলৰ মৰ্যাদাও লাভ কৰিব পৰা নাছিল ৰাষ্ট্ৰীয় জনতা দলে । ৰাইজে ৰাষ্ট্ৰীয় জনতা দলক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছিল ।

কিন্তু ২০১৩ চনৰ পিছত ৰাজনৈতিক পৰিস্থিতি সলনি হোৱাৰ পিছত আৰু ২০১৫ চনৰ বিধানসভা নিৰ্বাচনত নীতিশ আৰু লালুৱে একেলগ হোৱাৰ পিছত ৰাষ্ট্ৰীয় জনতা দলে বিহাৰৰ ৰাজনীতিত পুনৰ প্ৰত্যাৱৰ্তন কৰে । অৱশ্যে যদি ইয়াৰ বাবে ৰাজনৈতিক কৃতিত্ব দিয়া হয় তেন্তে সেইটোও নীতিশ কুমাৰৰ হিচাপতে যাব । লালুপ্ৰসাদ যাদৱ আৰু নীতিশ কুমাৰে বহু বছৰৰ শত্ৰুতাক আঁতৰাই হাত মিলাই সকলোকে আচৰিত কৰিছিল ।

নীতিশ কুমাৰ কৰ’নাৰ পৰা আৰোগ্য হৈ ওলাই আহিছে । তাৰ ঠিক পিছতে আৰচিপিৰ বৃহৎ সম্পত্তি সংগ্ৰহৰ ক্ষেত্ৰত দলটোৱে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে । তাৰ পিছত আৰচিপিয়েও পলম নকৰাকৈ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে । ইয়াৰ লগে লগেই জেডিইউত মিত্ৰতা ভংগৰ লক্ষণো প্ৰদৰ্শিত হ'বলৈ আৰম্ভ কৰে ।

আনহাতে, নীতি আয়োগৰ বৈঠকত মুখ্যমন্ত্ৰী উপস্থিত নাথাকি এই বাৰ্তাটো অধিক স্পষ্টভাৱে প্ৰদান কৰে । যদি বিজেপিয়ে এই লক্ষণবোৰ বুজি পাইছে তেন্তে বুজাপৰাৰ কাম আৰম্ভ হ'ব পাৰে । আনহাতে, আৰজেডিয়ে ইয়াৰ বিধায়কসকলক ১২ আগষ্টলৈকে পাটনা এৰি নাযাবলৈ কোৱা বুলিও বাতৰি ওলাইছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, নীতিশ কুমাৰে ছোনিয়া গান্ধীৰ সৈতেও যোগাযোগ কৰিছে । অৱশ্যে এইটো নিশ্চিত কৰা হোৱা নাই । এতিয়া এই সকলো ইংগিতে বিজেপি নেতাসকলৰ হৃদস্পন্দন বৃদ্ধি কৰিছে বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে ।

লগতে পঢ়ক :Sanjay Raut to 14 day judicial: সঞ্জয় ৰাউটক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.