ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 24, 2022, 7:09 PM IST

TOP TEN AT 7 PM
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Maharashtra political crisis: মহাৰাষ্ট্ৰৰ বিসম্বাদী শিবিৰৰ বাবে সাত দিনলৈ বুকিং ৰেডিশ্বন ব্লু

মহাৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক সংকটক লৈ এতিয়া চলিছে চৰ্চা । আলোচনাৰ বাবে আগতীয়াকৈ কিয় বুকিং বিলাসী হোটেল ? মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কক হোটেলত ৰখাৰ বাবদেই ব্যয় হ'ব ১ কোটি ১২ লাখ টকা (Rebel MLA of Maharashtra)।

আফগানিস্তানত পুনৰ ভূমিকম্প, ৫ গৰাকী লোকৰ মৃত্যু

আফগানিস্তানৰ পাকটিকা প্ৰদেশত তিনি দিনৰ ভিতৰত দুটাকৈ ভূমিকম্প (Another earth quake in Afghanistan)। শুকুৰবাৰে ভূমিকম্পৰ ফলত ৫ গৰাকী লোকৰ মৃত্যু । ইয়াৰ পূৰ্বে বুধবাৰে হোৱা ভূমিকম্পত প্ৰায় ১,১০০ গৰাকী লোকৰ মৃত্যু হৈছিল ।

Super Nani : ১০০ মিটাৰ দৌৰত ১০৫ বছৰীয়া বৃদ্ধাৰ নতুন ৰেকৰ্ড

অনুপ্ৰেৰণাৰ উৎস ৰামবাইয়ে 100 ঊৰ্ধ্বৰ শাখাত অংশগ্ৰহণ কৰে (Rambai participated in above 100 category) । কিন্তু প্ৰতিযোগীৰ অভাৱত তেওঁ অকলেই এই দৌৰ সমাপ্ত কৰে । প্ৰতিযোগিতাখনত বিজয়ী হৈ তেওঁ ৱৰ্ল্ড মাষ্টাৰ্ছ মিটত (World Masters meet) 74 ছেকেণ্ডত 100 মিটাৰত স্বৰ্ণ জয় কৰি খ্যাতি অৰ্জন কৰা 101 বছৰীয়া মান কৌৰৰ অভিলেখ ভংগ কৰে ৷

Relief to Afghanistan : ভূমিকম্পপীড়িত আফগানিস্তানলৈ ভাৰতৰ সাহায্য

ভূমিকম্পপীড়িত আফগানিস্তানলৈ ভাৰতে প্ৰেৰণ কৰিছে সাহায্য (India sends earthquake relief assistance to Afghanistan)। দুখনকৈ বিমানত ২৭ টন জৰুৰীকালীন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ভাৰতে । আফগানিস্তানৰ পূব পাকটিকা প্ৰদেশত হোৱা ভূমিকম্পত প্ৰায় ১,০০০ লোক নিহত হৈছে আৰু ১,৫০০ ৰো অধিক লোক আহত হৈছে ।

ডেটিং এপত চিনাকি যুৱতীক ৬ কোটি টকা ঋণ দি ৰঙাঘৰৰ আলহী মেনেজাৰ

বেংক মেনেজাৰজনৰ নাম হৈছে হৰিশংকৰ (Bank manager Harishankar) । তেওঁ হনুমন্ত নগৰৰ ইণ্ডিয়ান বেংকৰ মেনেজাৰ (Manager of Indian Bank at Hanumanthanagar) । বেংকটোৰ গ্ৰাহক অনিতাৰ এফডি (Fixed Deposit) একাউণ্টৰ পৰা ৬ কোটি টকা ঋণ লোৱাৰ অভিযোগত হনুমন্তনগৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে (Hanumanthanagar police) ।

উদ্ধাৰ হ’ল ডিমৌ নদীত নিখোঁজ হোৱা তিনিজনীয়া পৰিয়ালটো

মৰ্মান্তিক ! হৃদয় বিদাৰক ! ডিমৌত পৰকীয়া প্ৰেমৰ ভয়াৱহ পৰিণতি ৷ মূহুৰ্ততে নিঃশেষ হৈ গ’ল এটা পৰিয়াল (Sivasaagar suicide case)। অৱশেষত ডিমৌ নদীৰ বুকুৰ পৰাই উদ্ধাৰ হ’ল কল্যান গগৈৰ তিনিজনীয়া পৰিয়ালটো (A family of three who went missing in the Dimow River was rescued)৷

খটখটী আৰক্ষীৰ জালত প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছসহ পিতা-পুত্ৰ

অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল পিতা-পুত্ৰ ৷ ড্ৰাগছ সৰৱৰাহকাৰী পিতা-পুত্ৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰায় 7 কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ (Father son arrested with drugs worth Rs 7 crore) ৷

আনন্দৰাম বৰুৱা বঁটা লাগিবই: লখিমপুৰত নাৰী শক্তিৰ প্ৰতিবাদ

প্ৰতিবাদত উত্তাল হ’ল লখিমপুৰ ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বিৰুদ্ধে বিৰুদ্ধে লখিমপুৰ নগৰৰ সমীপৰ ঘাৰমৰাত জাগৃত নাৰী শক্তি সমিতিয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ (Nari Shakti protest in Lakhimpur) ৷

মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলক শীঘ্ৰে অসম এৰিবলৈ আহ্বান ভূপেন বৰাৰ

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মহাৰাষ্ট্ৰৰ বিসম্বাদী শিবিৰক নেতৃত্ব দিয়া একনাথ সিন্দেলৈ প্ৰেৰণ কৰে পত্র (Bhupen Bora sent letter to Eknath Shinde)। মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ অনৈতিক ৰাজনীতিয়ে অসমৰ পৰিৱেশ বিনষ্ট কৰিছে । ৰাজ্যখনৰ স্বাৰ্থত একনাথ সিন্দেক অতি সোনকালে অসম এৰি যাবলৈ পৰামৰ্শ দিলে ভূপেন বৰাই ।

Presidential Election 2022: ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ

শুকুৰবাৰে পুৱা ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে (Presidential Election 2022)৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত মনোনয়ন দাখিল কৰে মুৰ্মুৱে (Draupadi murmus filed nomination today)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.