ETV Bharat / bharat

ডেটিং এপত চিনাকি যুৱতীক ৬ কোটি টকা ঋণ দি ৰঙাঘৰৰ আলহী মেনেজাৰ

author img

By

Published : Jun 24, 2022, 5:37 PM IST

বেংক মেনেজাৰজনৰ নাম হৈছে হৰিশংকৰ (Bank manager Harishankar) । তেওঁ হনুমন্ত নগৰৰ ইণ্ডিয়ান বেংকৰ মেনেজাৰ (Manager of Indian Bank at Hanumanthanagar) । বেংকটোৰ গ্ৰাহক অনিতাৰ এফডি (Fixed Deposit) একাউণ্টৰ পৰা ৬ কোটি টকা ঋণ লোৱাৰ অভিযোগত হনুমন্তনগৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে (Hanumanthanagar police) ।

ডেটিং এপত চিনাকি যুৱতীক ৬ কোটি টকা ঋণ দি ৰঙাঘৰৰ আলহী মেনেজাৰ
ডেটিং এপত চিনাকি যুৱতীক ৬ কোটি টকা ঋণ দি ৰঙাঘৰৰ আলহী মেনেজাৰ

নিউজ ডেস্ক, ২৪ জুন : ডেটিং এপত (dating app) যুৱতীৰ সৈতে হলি-গলি কৰি সৰ্বাস্ৰান্ত হ'ল এগৰাকী বেংক মেনেজাৰ (Bank manager) । প্ৰাপ্ত তথ্যমতে, ডেটিং এপৰ জৰিয়তে এগৰাকী যুৱতীৰ সৈতে পৰিচয় হৈছিল বেংক মেনেজাৰজনৰ । তাৰ পিছতে যুৱতীগৰাকীয়ে বাংগালুৰুৰ বেংক মেনেজাৰজনৰ পৰা সৰকায় ৬ কোটি টকা (Bank Manager lost 6 crore in Bengaluru)। উল্লেখ্য, মেনেজাৰজনে উক্ত ধনখিনি বেংকটেৰ এগৰাকী গ্ৰাহকৰ একাউণ্টৰ পৰা যুৱতীগৰাকীক দিয়ে । ইতিমধ্যে আৰক্ষীয়ে বেংক মেনেজাৰক গ্ৰেপ্তাৰ কৰিছে ।

বেংক মেনেজাৰজনৰ নাম হৈছে হৰিশংকৰ (bank manager Harishankar) । তেওঁ হনুমন্ত নগৰৰ ইণ্ডিয়ান বেংকৰ মেনেজাৰ (Manager of Indian Bank at Hanumanthanagar) । বেংকটোৰ গ্ৰাহক অনিতাৰ এফডি (Fixed Deposit) একাউণ্টৰ পৰা ৬ কোটি টকা ঋণ লোৱাৰ অভিযোগত হনুমন্তনগৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে (Hanumanthanagar police) ।

উল্লেখ্য, হৰিশংকৰে চাৰি মাহ পূৰ্বে ডেটিং এপটোত তেওঁৰ নাম পঞ্জীয়ন কৰিছিল । তাৰ পিছত তেওঁৰ এগৰাকী যুৱতীৰ সৈতে পৰিচয় হয় । যুৱতীগৰাকীয়ে হৰিশংকৰৰ মোবাইলত মেছেজো কৰি আছিল । যুৱতীগৰাকীৰ মেছেজত আকৰ্ষিত হৈ পৰে হৰিশংকৰ । এবাৰ যুৱতীগৰাকীয়ে হৰিশংকৰৰ পৰা টকাও বিচাৰে । তাৰ পিছত হৰিশংকৰে তেওঁৰ একাউণ্টলৈ 12 লাখ টকা প্ৰেৰণ কৰে ।

তাৰ পিছত যুৱতীগৰাকীয়ে অধিক টকা বিচাৰিবলৈ ধৰে । যুৱতীগৰাকীৰ মেছেজৰ দ্বাৰা আকৰ্ষিত হোৱা হৰিশংকৰে ইণ্ডিয়ান বেংকৰ এগৰাকী গ্ৰাহক অনিতাৰ স্থায়ী জমা একাউণ্টৰ পৰা 6 কোটি টকা ঋণ লয় (Indian bank depositor) । তাৰ পিছত তেওঁ ডেটিং এপৰ মহিলাগৰাকীক ৬ কোটি টকা প্ৰদান কৰে । অভিযুক্ত প্ৰৱঞ্চনাৰ (bank fraud) ঘটনাটো সংঘটিত হয় ১৩ মে'ৰ পৰা ১৯ মে'ৰ ভিতৰত । কিন্তু বেংকটোৰ আভ্যন্তৰীণ তদন্তৰ সময়ত বেংকৰ গ্ৰাহকৰ নামত ৬ কোটি টকা মোকলাই দিয়াৰ কথাটো পোহৰলৈ আহে । তাৰ পিছতে আৰক্ষীয়ে বেংক মেনেজাৰজনক গ্ৰেপ্তাৰ কৰে ।

ইণ্ডিয়ান বেংকৰ আঞ্চলিক মেনেজাৰ ডি এছ মূৰ্তিৰ দ্বাৰা দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে 17 জুনত হৰিশংকৰ আৰু তেওঁৰ অধীনস্থ দুজনৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ ৰুজু কৰে (Police registered cheating and criminal conspiracy case) । জেৰাৰ সময়ত মেনেজাৰজনে ডেটিঙৰ বিষয়ে আৰক্ষীৰ ওচৰত স্বীকাৰ কৰে । শংকৰক বুধবাৰে আদালতত হাজিৰ কৰোৱা হয় আৰু ১০ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক :শ্ৰীলংকাৰ দ্ৰুত অৰ্থনৈতিক পুনৰুদ্ধাৰত সহায় কৰিবলৈ সাজু ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.