ETV Bharat / state

আনন্দৰাম বৰুৱা বঁটা লাগিবই: লখিমপুৰত নাৰী শক্তিৰ প্ৰতিবাদ

author img

By

Published : Jun 24, 2022, 5:45 PM IST

প্ৰতিবাদত উত্তাল হ’ল লখিমপুৰ ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বিৰুদ্ধে বিৰুদ্ধে লখিমপুৰ নগৰৰ সমীপৰ ঘাৰমৰাত জাগৃত নাৰী শক্তি সমিতিয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ (Nari Shakti protest in Lakhimpur) ৷

Nari Shakti protest in Lakhimpur
আনন্দৰাম বৰুৱা বঁটা লাগিবই: লখিমপুৰত নাৰী শক্তিৰ প্ৰতিবাদ

লখিমপুৰ, ২৪ জুন : শুকুৰবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল লখিমপুৰৰ ঘাৰমৰা ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বিৰুদ্ধে এইবাৰ লখিমপুৰত প্ৰতিবাদত বহিল জাগৃত নাৰী শক্তি সমিতি (Nari Shakti protest in Lakhimpur) ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক চলিত বছৰৰ পৰা আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা নহ’ব বুলি কৰা শিক্ষামন্ত্ৰীগৰাকীৰ ঘোষণাৰ পাচতে লখিমপুৰত এতিয়া জ্বলিছে প্ৰতিবাদৰ অগনি ৷

আনকি প্ৰতিবাদকাৰীসকলে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভাক লৈ হেতালি নেখেলিবলৈ শিক্ষামন্ত্ৰীগৰাকীক সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী মহিলাসকলে । লগতে চৰকাৰৰ সিদ্ধান্ত কেৱল ৰাজনৈতিক উদেশ্য প্ৰণোদিত বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে ৷ লগতে প্ৰতিবাদকাৰীসকলে কয় যে, 18 বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভোটাধিকাৰ নথকাৰ বাবেই তেওঁলোকক আনন্দৰাম বৰুৱা বঁটাৰ পৰা বঞ্চিত কৰা হৈছে ৷

প্ৰতিবাদমুখৰ হৈ পৰিল লখিমপুৰ নগৰৰ সমীপৰ ঘাৰমৰা

আনহাতে, বহু ছাত্ৰ-ছাত্ৰীয়ে এই বঁটা পোৱাৰ আশাৰে অধ্যয়ন কৰাৰ উপৰি বহু দুখীয়া ছাত্ৰ-ছাত্ৰী এই বঁটাৰ দ্বাৰা ভৱিষ্যতৰ শিক্ষাৰ ক্ষেত্ৰত কিছু সকাহ লাভ কৰে ৷ কিন্তু চৰকাৰে এই বঁটা বন্ধ কৰিব লোৱাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে জাগৃত নাৰী শক্তি সমিতিৰ প্ৰতিবাদকাৰী মহিলাসকলে ৷

শিক্ষামন্ত্ৰীগৰাকীয়ে যদি এই সিদ্ধান্ত সলনি নকৰে, তেন্তে আগন্তুক সময়ত লখিমপুৰ-ধেমাজি জিলাত তেওঁক যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও এক প্ৰকাৰে সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী মহিলাসকলে ৷

লগতে পঢ়ক : MAHA Political crisis : মুম্বাইৰ পৰা আহি ৰেডিশ্বন ব্লু'ৰ সম্মুখত শিৱসেনাৰ সমৰ্থকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.