MAHA Political crisis : মুম্বাইৰ পৰা আহি ৰেডিশ্বন ব্লু'ৰ সম্মুখত শিৱসেনাৰ সমৰ্থকৰ প্ৰতিবাদ

author img

By

Published : Jun 24, 2022, 11:03 AM IST

Updated : Jun 24, 2022, 1:17 PM IST

Shiv Sena supporters protest in front of Radisson Blue

গুৱাহাটীৰ ৰেডিশ্বন ব্লু' দেশবাসীৰ আকৰ্ষণৰ বিন্দু হৈ পৰাৰ সময়তে শুকুৰবাৰে ৰেডিশ্বন ব্লু'ৰ সম্মুখত শিৱসেনাৰ এগৰাকী সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰে (Shiv Sena supporter protest in Guwahati) । শিৱসেনাৰ সমৰ্থকগৰাকীয়ে মহাৰাষ্ট্ৰৰ পৰা গুৱাহাটীলৈ আহি "একনাথ সিন্দে আপুনি মহাৰাষ্ট্ৰলৈ উভতি বলক" শীৰ্ষক শ্ল'গানেৰে বেনাৰ লৈ প্ৰতিবাদ কৰে ৷

গুৱাহাটী, 24 জুন : মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতাৰ শ্বাসৰুদ্ধ নাটকৰ অভিকেন্দ্ৰ গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলত ক্ৰমাৎ বাঢ়িছে উৎকণ্ঠা (Maharashtra political crisis update) । শিৱসেনাৰ বিদ্ৰোহী বিধায়ক একনাথ সিন্দেৰ নেতৃত্বত গুৱাহাটীত একত্ৰিত‌ হোৱা বিধায়কৰ সংখ্যা যোৱা সন্ধিয়াৰ পৰা লক্ষ্যনীয়ভাৱে বাঢ়িছে যদিও মুম্বাইত সঘনে সৃষ্টি হোৱা ৰাজনৈতিক সমীকৰণে পৰিস্থিতি কোনো কোনো মূহুৰ্তত ধূসৰ কৰি তুলিছে ।

গুৱাহাটীৰ ৰেডিশ্বন ব্লু' দেশবাসীৰ আকৰ্ষণৰ বিন্দু হৈ পৰাৰ সময়তে শুকুৰবাৰে ৰেডিশ্বন ব্লু'ৰ সম্মুখত শিৱসেনাৰ এগৰাকী সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰে (Shiv Sena supporter protest in Guwahati) । শিৱসেনাৰ সমৰ্থকগৰাকীয়ে মহাৰাষ্ট্ৰৰ পৰা গুৱাহাটীলৈ আহি ৰেডিশ্বন ব্লু'ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

জানিব পৰা মতে প্ৰতিবাদ কৰিব অহা শিৱসেনাৰ সমৰ্থকগৰাকী উদ্ধৱ থাকৰেৰ সমৰ্থক । শিৱসেনাৰ সমৰ্থকগৰাকীয়ে হাতত বেনাৰ লৈ "একনাথ সিন্দে আপুনি মহাৰাষ্ট্ৰলৈ উভতি বলক" শীৰ্ষক শ্ল'গানেৰে বেনাৰ লৈ প্ৰতিবাদ কৰে ৷ লগে লগে হোটেলখনত নিয়োজিত থকা আৰক্ষীয়ে শিৱসেনাৰ সমৰ্থকগৰাকীক আটক কৰে।

উল্লেখ্য যে বৃহস্পতিবাৰে নিশা 9.45 বজাত হোটলখনত পুনৰ তিনিজন বিসম্বাদী বিধায়ক উপস্থিত হৈছিল । এতিয়া ৰেডিশ্বন ব্লু'ত 46 জন বিসম্বাদী বিধায়কে বাহৰ পাতি আছেহি ৷ ইয়াৰে শিৱসেনাৰ 37 জন আৰু 9 জন নিৰ্দলীয় বুলি জানিব পৰা গৈছে ৷

বুধবাৰৰ পুৱাৰ পৰা এতিয়ালৈ বিলাসী হোটেলখনত বিসম্বাদী বিধায়কৰ সোঁত বৈছে ৷ আৰক্ষীয়ে ৰেডিশ্বন ব্লু'ৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ।

ইয়াৰ সমান্তৰালকে শেহতীয়াকৈ একনাথ সিন্দেই এক বিবৃতিৰ জৰিয়তে ৰাষ্ট্ৰীয় দলৰ লগত থাকি চৰকাৰ গঠন কৰা হ'ব বুলি মন্তব্য প্ৰকাশ কৰে (Eknath Shinde with rebel MLAs in Guwahati) ৷ এই বিবৃতিটোৰ জৰিয়তে সিন্দেই বিজেপিৰ লগত লগ হৈ মহাৰাষ্ট্ৰৰ চৰকাৰ গঠন কৰাৰ স্পষ্ট ইংগিত বহন কৰিছে সম্প্ৰতি একনাথ সিন্দেৰ লগত 50 জন বিধায়ক আছে ৷ তেওঁৰ সমৰ্থনত শিৱসেনাৰ 40 গৰাকী বিধায়কৰ আছে বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে সিন্দেই ৷

লগতে পঢ়ক: প্ৰচণ্ড মনস্তাত্বিক যুঁজত মহাৰাষ্ট্ৰৰ চৰকাৰ গঠনৰ ৰাজনীতি : শেষ হাঁহি কোনে মাৰিব সেয়া আজিও অনিশ্চিত !

Last Updated :Jun 24, 2022, 1:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.