Super Nani : ১০০ মিটাৰ দৌৰত ১০৫ বছৰীয়া বৃদ্ধাৰ নতুন ৰেকৰ্ড

author img

By

Published : Jun 24, 2022, 6:17 PM IST

a

অনুপ্ৰেৰণাৰ উৎস ৰামবাইয়ে 100 ঊৰ্ধ্বৰ শাখাত অংশগ্ৰহণ কৰে (Rambai participated in above 100 category) । কিন্তু প্ৰতিযোগীৰ অভাৱত তেওঁ অকলেই এই দৌৰ সমাপ্ত কৰে । প্ৰতিযোগিতাখনত বিজয়ী হৈ তেওঁ ৱৰ্ল্ড মাষ্টাৰ্ছ মিটত (World Masters meet) 74 ছেকেণ্ডত 100 মিটাৰত স্বৰ্ণ জয় কৰি খ্যাতি অৰ্জন কৰা 101 বছৰীয়া মান কৌৰৰ অভিলেখ ভংগ কৰে ৷

নিউজ ডেস্ক, ২৪ জুন : ৰাষ্ট্ৰীয় মুকলি প্ৰবীণ এথলেটিকছ চেম্পিয়নশ্বিপত (National Open Masters Athletics Championships) 100 মিটাৰ দৌৰত নতুন ৰেকৰ্ড (105 year old Rambai set new record)। 45.40 ছেকেণ্ডেৰে 105 বছৰীয়া ৰামবায়ে সকলো প্ৰতিকূলতাক পৰাস্ত কৰি এক নতুন অভিলেখ গঢ়ে । উল্লেখ্য, প্ৰথমবাৰৰ বাবে ভাৰতীয় এথলেটিকছ ফেডাৰেচনে বদোদৰাত এই চেম্পিয়নশ্বিপৰ আয়োজন কৰিছিল ।

অনুপ্ৰেৰণাৰ উৎস ৰামবাইয়ে 100 ঊৰ্ধ্বৰ শাখাত অংশগ্ৰহণ কৰে (Rambai participated in above 100 category) । কিন্তু প্ৰতিযোগীৰ অভাৱত তেওঁ অকলেই উক্ত দৌৰ সমাপ্ত কৰে । প্ৰতিযোগিতাখনত বিজয়ী হৈ তেওঁ ৱৰ্ল্ড মাষ্টাৰ্ছ মিটত (World Masters meet) 74 ছেকেণ্ডত 100 মিটাৰত স্বৰ্ণ জয় কৰি খ্যাতি অৰ্জন কৰা 101 বছৰীয়া মান কৌৰৰ অভিলেখ ভংগ কৰে (broke record of 101 year old Maan Kaur)। 45.40 ছেকেণ্ডেৰে হাৰিয়ানাৰ এইগৰাকী বয়োজ্যেষ্ঠ মহিলাই এতিয়া 100 মিটাৰত এক নতুন অভিলেখ গঢ়ে ।

"এই দৌৰৰ পূৰ্বে মোৰ আইতাই এখন প্ৰতিযোগিতাত 4 টা সোণৰ পদক জিকিছে । তাৰ পিছত তেওঁ মহাৰাষ্ট্ৰত এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি 5 টা সোণৰ পদক জয় কৰে । মহাৰাষ্ট্ৰৰ বদলাপুৰত তেওঁক দুটা ট্ৰফীৰে সন্মানিত কৰা হয় ।" ৰামবাইৰ নাতিনীয়েকে এএনআইৰ (told to ANI) আগত এনেদৰে কয় । ৰামবাইৰ নাতিনী শৰ্মিলাই কয় যে শতবৰ্ষ গৰকা আইতাগৰাকী খোৱা-লোৱা বিষয়ত যথেষ্ট সাৱধান । তেওঁ দৈনিক যথেষ্ট পৰিমাণে ঘিউ আৰু দৈ খায় বুলিও লগতে উল্লেখ কৰে (Rambai consume lot of ghee and curd) । "তেওঁ দিনত দুবাৰকৈ বিশুদ্ধ গাখীৰ আৰু যথেষ্ট পৰিমাণে ঘিউ খায় । তেওঁ বেছি ভাত নাখায় ।" শৰ্মিলাই লগতে কয় ।

"তেওঁ 2021 চনত তেওঁৰ এথলেটিক কেৰিয়াৰ আৰম্ভ কৰে । ইয়াৰ পূৰ্বে আমি নাজানিছিলোঁ যে প্ৰবীণ নাগৰিকসকলৰ বাবে দৌৰৰ শাখা আছে ।" শৰ্মিলাই কয় । আনহাতে, নিজৰ সাফল্যত আনন্দিত ৰামবাইৰ মন্তব্য, "এইটো এটা মহান অনুভৱ আৰু মই পুনৰ দৌৰিব বিচাৰোঁ ।"

লগতে পঢ়ক :ৰাষ্ট্ৰীয় পৰ্যায়ৰ Shooting championshipত অসমৰ দুটা পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.