ETV Bharat / state

মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলক শীঘ্ৰে অসম এৰিবলৈ আহ্বান ভূপেন বৰাৰ

author img

By

Published : Jun 24, 2022, 4:10 PM IST

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মহাৰাষ্ট্ৰৰ বিসম্বাদী শিবিৰক নেতৃত্ব দিয়া একনাথ সিন্দেলৈ প্ৰেৰণ কৰে পত্র (Bhupen Bora sent letter to Eknath Shinde)। মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ অনৈতিক ৰাজনীতিয়ে অসমৰ পৰিৱেশ বিনষ্ট কৰিছে । ৰাজ্যখনৰ স্বাৰ্থত একনাথ সিন্দেক অতি সোনকালে অসম এৰি যাবলৈ পৰামৰ্শ দিলে ভূপেন বৰাই ।

Bhupen Bora
মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলক শীঘ্ৰে অসম এৰিবলৈ আহ্বান ভূপেন বৰাৰ

গুৱাহাটী,২৪ জুন : মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলে শীঘ্ৰেই অসম ত্যাগ কৰাৰ আহ্বান জনালে কংগ্ৰেছে (Congress urges rebel MLA to leave Assam)। এই সন্দৰ্ভত শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মহাৰাষ্ট্ৰৰ বিসম্বাদী শিবিৰক নেতৃত্ব দিয়া একনাথ সিন্দেলৈ পত্র প্ৰেৰণ কৰে । তেওঁ কয় যে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ অনৈতিক ৰাজনীতিয়ে অসমৰ পৰিৱেশ বিনষ্ট কৰিছে । যাৰ পৰিপ্ৰেক্ষিতত অসম ত্যাগ কৰাৰ আহ্বান জনাই তেওঁ বিসম্বাদী শিবিৰৰ নেতা একনাথ সিন্দেলৈ পত্র প্ৰেৰণ কৰে (Bhupen Bora sent letter to Eknath Shinde)।

Bhupen Bora
মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলক শীঘ্ৰে অসম এৰিবলৈ আহ্বান ভূপেন বৰাৰ

পত্র যোগে তেওঁ কয় যে অসম হৈছে এনে এখন দেশ য'ত মানুহে নৈতিকতাক যথেষ্ট সন্মান দিয়ে । মহাৰাষ্ট্ৰত চৰকাৰ ভঙাৰ ষড়যন্ত্রৰে গুৱাহাটীত বাহৰ পতা কাৰ্যই অসমৰ পৰিৱেশ বিনষ্ট কৰিছে । তেওঁ লগতে কয় যে নিৰ্বাচিত চৰকাৰক উৎখাত কৰিবলৈ ঘোঁৰা বেচা-কিনাৰ এই ব্যৱসায়ৰ মিডিয়া কভাৰেজ গুৱাহাটীতকৈ মহাৰাষ্ট্ৰত ভাল হ'ব ।

বৰ্তমান সময়ত অসমে বিধ্বংসী বান পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু পৰ্যাপ্ত বান সাহায্যৰ অভাৱত বানপীড়িত লোকসকল গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে । ৬ এপ্ৰিলৰ পৰা বানপানী আৰু ভূমিস্খলনত মুঠ ১০৭ গৰাকী লোকৰ মৃত্যু হৈছে আৰু ৩২ খন জিলাৰ ৫৫ লাখ লোক বানত প্ৰভাৱিত হৈছে (Flood situation of Assam)। তেওঁ একনাথ সিন্দেক উদ্দেশ্যি কয় যে ৰাজ্যৰ এনে এক সংকটজনক আৰু শোচনীয় পৰিস্থিতিত গুৱাহাটীত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলক ৰাজকীয় আতিথ্য প্ৰদান কৰাটো একেবাৰে অন্যায় হৈছে আৰু এয়া গ্ৰহণযোগ্য নহয় ।

Bhupen Bora
মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলক শীঘ্ৰে অসম এৰিবলৈ আহ্বান ভূপেন বৰাৰ

গুৱাহাটীক সুৰক্ষিত বুলি বিবেচনা কৰি বিসম্বাদী বিধায়কসকলক আশ্ৰয় দি অসমক বদনাম কৰা হৈছে । তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে মুখ্যমন্ত্রী আৰু চৰকাৰখন বান সংকটৰ ব্যৱস্থাপনাত ব্যস্ত থাকিব লাগিছিল যদিও বিসম্বাদী বিধায়কসকলৰ উপস্থিতিয়ে এইক্ষেত্রত বাধাৰ সৃষ্টি কৰিছে । একনাথ সিন্দেক উদ্দেশ্যি তেওঁ কয়-'আপোনালোকৰ উপস্থিতিয়ে অসম আৰু অসমবাসীক ব্যাপক ক্ষতি সাধন কৰিছে । সেয়ে মই ৰাজ্যখনৰ স্বাৰ্থত আপোনালোকক অতি সোনকালে অসম এৰি যাবলৈ পৰামৰ্শ দিব বিচাৰো ।'

লগতে পঢ়ক :Maharashtra political crisis: মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ ওপৰত টুইট কৰিলে ফাৰাহ খানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.