ETV Bharat / bharat

Relief to Afghanistan : ভূমিকম্পপীড়িত আফগানিস্তানলৈ ভাৰতৰ সাহায্য

author img

By

Published : Jun 24, 2022, 4:38 PM IST

ভূমিকম্পপীড়িত আফগানিস্তানলৈ ভাৰতে প্ৰেৰণ কৰিছে সাহায্য (India sends earthquake relief assistance to Afghanistan)। দুখনকৈ বিমানত ২৭ টন জৰুৰীকালীন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ভাৰতে । আফগানিস্তানৰ পূব পাকটিকা প্ৰদেশত হোৱা ভূমিকম্পত প্ৰায় ১,০০০ লোক নিহত হৈছে আৰু ১,৫০০ ৰো অধিক লোক আহত হৈছে ।

Relief to Afghanistan
ভূমিকম্পপীড়িত আফগানিস্তানলৈ ভাৰতৰ সাহায্য

নেশ্যনেল ডেস্ক,২৪ জুন : শেহতীয়াকৈ আফগানিস্তানৰ পূব পাকটিকা প্ৰদেশত হোৱা ভূমিকম্পত প্ৰায় ১,০০০ লোক নিহত হৈছে আৰু ১,৫০০ ৰো অধিক লোক আহত হৈছে (Earthquake in Afghanistan)। ভূমিকম্পত বহু সম্পত্তিও ধ্বংস হোৱা দেখা গৈছে । আফগানিস্তানৰ এই দুৰ্যোগৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে চুবুৰীয়া দেশ ভাৰতে ।

ইতিমধ্যে ভাৰত চৰকাৰে আফগানিস্তানলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে (India sends earthquake relief assistance to Kabul)। আফগানিস্তানৰ জনসাধাৰণৰ বাবে দুখন বিমানত ২৭ টন জৰুৰীকালীন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ভাৰতে । শুকুৰবাৰে এই সন্দৰ্ভত বিবৃতিযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰতে আফগানিস্তানৰ জনসাধাৰণৰ এই সংকটৰ সময়ত তেওঁলোকৰ কাষত আছে ।

সাহায্য সামগ্ৰীবোৰৰ ভিতৰত আছে টেণ্ট, শ্লিপিং বেগ, কম্বল, শ্লীপিং মেট আদিকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই সাহায্য সামগ্ৰী ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয় কাৰ্যালয় (UNOCHA) আৰু কাবুলৰ আফগান ৰেড ক্ৰিছেণ্ট চ'চাইটি (ARCS)ক হস্তান্তৰ কৰা হ'ব ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে আফগানিস্তানৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া এক সুসম্পৰ্ক আছে । সেই সম্পৰ্ক বজাই ৰখাৰ স্বাৰ্থত ভাৰতে তাৎক্ষণিকভাৱে দেশখনৰ নাগৰিকক সহায়ৰ বাবে প্ৰস্তুত । ইফালে ভূমিকম্পৰ পাছতে বুধবাৰে ভাৰতে ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত লোকসকল আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ।

উল্লেখ্য যে তালিবানৰ আক্ৰমণৰ পাছত দেশখনত তীব্ৰ অৰ্থনৈতিক সংকট আৰু খাদ্য সংকটে দেখা দিছে । যাৰ বাবে বন্ধু ৰাষ্ট্ৰ ভাৰতে আফগানিস্তানৰ নাগৰিকৰ সহায়ৰ বাবে কেইবাবাৰো মানৱীয় সাহায্য প্ৰদান কৰিছে ।

লগতে পঢ়ক :আফগানিস্তানত ভূমিকম্পত মৃত্যু প্ৰায় 155 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.