ETV Bharat / state

উদ্ধাৰ হ’ল ডিমৌ নদীত নিখোঁজ হোৱা তিনিজনীয়া পৰিয়ালটো

author img

By

Published : Jun 24, 2022, 6:15 PM IST

মৰ্মান্তিক ! হৃদয় বিদাৰক ! ডিমৌত পৰকীয়া প্ৰেমৰ ভয়াৱহ পৰিণতি ৷ মূহুৰ্ততে নিঃশেষ হৈ গ’ল এটা পৰিয়াল (Sivasaagar suicide case)। অৱশেষত ডিমৌ নদীৰ বুকুৰ পৰাই উদ্ধাৰ হ’ল কল্যান গগৈৰ তিনিজনীয়া পৰিয়ালটো (A family of three who went missing in the Dimow River was rescued)৷

Three dead bodies rescued in Sivsagar
উদ্ধাৰ হ’ল ডিমৌ নদীত নিখোঁজ হোৱা তিনিজনীয়া পৰিয়ালটো

শিৱসাগৰ, 24 জুন : ডিমৌত এতিয়া কান্দোনৰ ৰোল ৷ পৰকীয়া প্ৰেমৰ বাবেই মূহুৰ্ততে নিঃশেষ হৈ গ’ল এটা পৰিয়াল । অৱশেষত শুকুৰবাৰে পুৱা উদ্ধাৰ হ’ল ডিমৌ সমীপৰ নিতাইপুখুৰী হাঁহপৰা চুকৰ কল্যান গগৈৰ তিনিজনীয়া পৰিয়ালটো (Three dead bodies rescued in Sivasagar)৷

উল্লেখ্য যে, বৃহস্পতিবাৰে নিতাইপুখুৰী হাঁহপৰা চুকৰ নিবাসী কল্যাণ গগৈয়ে পত্নী আৰু 3 বছৰীয়া কন্যা সন্তানৰ সহিতে আত্মহত্যা কৰাৰ কথা এটা ফেচবুক প'ষ্টত উল্লেখ কৰিছিল ৷ ফেচবুক প'ষ্ট'টোক লৈ অঞ্চলজুৰি সৃষ্টি হয় এক হুৱাদুৱা পৰিৱেশৰ (Tension prevails in Sivasaagar over suicide case) । তাৰ পাচৰ পৰাই সন্ধানহীন হৈ আছিল তিনিজনীয়া পৰিয়ালটো ।

উদ্ধাৰ হ’ল ডিমৌ নদীত নিখোঁজ হোৱা তিনিজনীয়া পৰিয়ালটো

ডিব্ৰুগড় জিলাৰ নিতাইপুখুৰীৰ সমীপৰ কেঁকণী চুক নামৰ স্থানত ডিমৌ নদীত পৰি উক্ত পৰিয়ালটোৱে আত্মহত্যা কৰাৰ সন্দেহ কৰিছিল অঞ্চলটোৰ ৰাইজে (Family committed suicide together in Dimow River) । তাৰ পাচতে ঘটনাস্থলীত মৰাণ আৰক্ষীৰ এটা দল উপস্থিত হৈ নিখোঁজ পৰিয়ালটোৰ সন্ধানত নামি পৰিছিল ৷ কিন্তু বৃহস্পতিবাৰে পৰিয়ালটোৰ সন্ধানত উলিওৱাত ব্যৰ্থ হৈছিল আৰক্ষী তথা SDRF বাহিনী ৷

অৱশেষত শুকুৰবাৰে পুৱা প্ৰায় 7:39 বজাত উদ্ধাৰ কৰা হয় নিখোঁজ হৈ থকা তিনিজনীয়া পৰিয়ালটো ৷ আনহাতে, আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ নিতাইপুখুৰী আৰক্ষীয়ে অভিযুক্ত জিতু তপন চেতিয়া আৰু তেওঁৰ পত্নীক আটক কৰিছে ৷ আজি অৰ্থাৎ শুকুৰবাৰে ঘটনাৰ তদন্তৰ খাতিৰত অভিযুক্ত দম্পতীটোক মৰাণ আৰক্ষীৰ হাতত চমজাই দিয়ে ।

লগতে পঢ়ক : ডিমৌ নদীত একেলগে আত্মহত্যা এটা পৰিয়ালৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.