ETV Bharat / state

9 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Jun 1, 2022, 9:02 AM IST

top-10-at-9-am
9 বজাৰ শীৰ্ষ 10টা বাতৰি

9 বজাৰ শীৰ্ষ 10টা বাতৰি

অবড়ো ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত জীৱন আহুতি দিয়া ব্যক্তিৰ নিকটাত্মীয়লৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য

অবড়ো ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত জীৱন আহুতি দিয়া ১৮ গৰাকী ব্যক্তিৰ নিকটাত্মীয়লৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান মুখ্যমন্ত্ৰী(CM programme at janata bhawan) ৰ ৷ জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিলে সাহায্যৰ চেক(Cheque distribution program at janata bhawan) ৷ বড়োভূমিত উন্নয়নমূলক কাম-কাজেৰে বিকাশৰ গংগা বোৱাই নিব লাগিব- এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ৷

Amguri Solar Park Project: মুকলি হ’ল ৰাজ্যৰ সৰ্ববৃহৎ সৌৰ শক্তি প্ৰকল্প

উদ্বোধন কৰা হ’ল আমগুৰিৰ ৭০ মেগাৱাট শক্তিসম্পন্ন সৌৰ শক্তি প্ৰকল্পৰ । ৭০ মেগাৱাট শক্তিসম্পন্ন সৌৰশক্তি প্ৰকল্পটো শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Biggest solar power project of Assam)। ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰিছিল এই প্ৰকল্পৰ।

Garib Kalyan Sammelan: ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

মঙলবাৰে সমগ্ৰ দেশৰ লগতে অসমৰ ডিব্ৰুগড়তো অনুষ্ঠিত হৈ যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাৰ্চুৱেল সভা(Virtual meeting with PM at Dibrugarh) ৷ য'ত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী(Rameswar Teli in Dibrugarh) ৷ 'আজাদী কা অমৃত মহোৎসৱ'ৰ লগত সংগতি ৰাখি তথা নৰেন্দ্ৰ মোডী চৰকাৰৰ ৮ বছৰ পূৰ্ণ (Eight Years Of Modi Govt) হোৱাৰ উপলক্ষে মঙলবাৰে দেশজুৰি গৰীৱ কল্যাণ আঁচনিৰ অন্তৰ্গত বিভিন্ন আঁচনিৰ হিতাধিকাৰীক ভাৰ্চুৱেলী সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে(Pradhan Mantri Garib Kalyan Yojana) ৷

শিক্ষক নিযুক্তি কেলেংকাৰী প্ৰসংগ: মুখ্যমন্ত্ৰীৰ স্থিতিক লৈ প্ৰশ্ন

শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কেলেংকাৰী সংঘটিত হোৱাৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰ কৰাৰ লগতে এই বিষয়ত এৰা-ধৰা কৰা বুলিও মন্তব্য কৰে (Teacher recruitment scam in Assam) ৷ শূণ্য সহনশীলতাৰ কথা কৈ কেলেংকাৰীৰ তদন্ত নকৰাৰ কথা নিজমুখে মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰাৰ ঘটনাই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ শিৱসাগৰ জিলাৰ শিক্ষক নিযুক্তিৰ কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গোচৰীয়া পক্ষই । মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম নৱ নিৰ্মাণ সেনাই(Asom Nabanirman Sena) ৷

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ প্ৰদৰ্শন

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ প্ৰদৰ্শন(Cotton University students protest) । কটনৰ সমীপৰ মূল পথ অৱৰোধ কৰি কটনীয়ানৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত ।

প্ৰতীক হাজেলাৰ বিপদ ঘনীভূতঃ চি আই ডিয়ে বিচাৰিছে তদন্তৰ অনুমতি

প্ৰাপ্ত তথ্য অনুসৰি শেহতীয়াকৈ হাজেলাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিবলৈ চি আই ডিয়ে অনুমতি বিচাৰি ৰাজ্য চৰকাৰৰ গৃহ বিভাগলৈ এক পত্ৰ প্ৰেৰণ কৰিছে । গৃহ বিভাগৰ পৰা অনুমোদন লাভ কৰাৰ পিছতেই চি আই ডিয়ে প্ৰতীক হাজেলাৰ বিৰুদ্ধে আৰম্ভ কৰিব তদন্ত ।

খাদ্যত বিষক্ৰিয়া হৈ তামুলপুৰত ছাত্ৰীসহ 15 জন চিকিৎসাধীন

তামুলপুৰৰ নাগ্ৰীজুলিৰ বিদ্যালয়ৰ খাদ্যত বিষবিক্ৰিয়া (Food poison at school in Tamulpur) । কস্তুৰবা গান্ধী আবাসিক বালিকা বিদ্যালয়ত(Kasturba Gandhi Balika Vidyalaya) হৈছে এই বিষক্ৰিয়া । ১৪ গৰাকী ছাত্ৰীৰ লগতে ৱাৰ্ডেনো অসুস্থ হৈ পৰে । পেটৰ বিষ, বমি আৰু শৌচত আক্ৰান্ত আটাইকেইজন । খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হোৱা ছাত্ৰীকেইগৰাকীসহ ৱাৰ্ডেনগৰাকীক নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ঘটনাৰ খবৰ পাই তামুলপুৰৰ সদৰ মহকুমা বিষয়া ৰামানুজ হাজৰিকা নাগ্ৰিজুলি আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে ।

এইবাৰো ভুৱা কৃষকৰ একাউন্টতে সোমাব কৃষক সন্মান নিধিৰ ধন !

দুই এদিনতে দেশৰ আন ৰাজ্যৰ লগতে অসমৰ কৃষকৰ বেংক একাউণ্টটো সোমাব প্ৰধানমন্ত্ৰীৰ কৃষক কল্যাণ নিধিৰ ধনৰ দুহেজাৰ টকীয়া কিস্তি (kisan samman nidhi)। সমগ্ৰ দেশৰ প্ৰেক্ষাপটত এই কিস্তি হ'ব একাদশতম । কিন্তু এইবাৰ অসমৰ প্ৰতিজন প্ৰকৃত কৃষকে পাবনে এই আচঁনিৰ ধন ?

টুলুঙা নাৱৰে শিক্ষাৰ্থীৰ বিপদসংকুল যাত্ৰা: গুণোৎসৱৰ মাজতে মুকালমুৱাৰ শিক্ষাৰ্থীৰ হাহাকাৰ

ৰাজ্যত উন্নয়নৰ এখন পঁয়ালগা ছবি । নলবাৰীৰ মুকালমুৱাৰ এটা অঞ্চলৰ শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণৰ বাবে টুলুঙা নাৱৰেই বিপদসংকুলভাৱে যাত্ৰা কৰি উপস্থিত হয়হি বিদ্যালয়ত(Students distressed journey due to lack of bridge) । গুণোৎসৱৰ সময়চোৱাতে চৰ্চালৈ আহিছে এই বিশেষ দৃশ্য ।

সম্ৰাট পৃথ্বীৰাজৰ সফলতাৰ বাবে বাৰাণসীত গংগা পূজা অক্ষয় কুমাৰৰ

অক্ষয় কুমাৰে তেওঁৰ পিৰিয়ড ছবি 'সম্ৰাট পৃথ্বীৰাজ'ৰ সফলতা কামনা কৰি গংগাত ডুব মাৰি আহিছে । বাৰাণসীৰ পৰা অভিনেতাজনৰ ফটো আৰু ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে (Akshay Kumar latest news) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.