ETV Bharat / city

এইবাৰো ভুৱা কৃষকৰ একাউন্টতে সোমাব কৃষক সন্মান নিধিৰ ধন !

author img

By

Published : May 31, 2022, 9:05 PM IST

দুই এদিনতে দেশৰ আন ৰাজ্যৰ লগতে অসমৰ কৃষকৰ বেংক একাউণ্টটো সোমাব প্ৰধানমন্ত্ৰীৰ কৃষক কল্যাণ নিধিৰ ধনৰ দুহেজাৰ টকীয়া কিস্তি (kisan samman nidhi)। সমগ্ৰ দেশৰ প্ৰেক্ষাপটত এই কিস্তি হ'ব একাদশতম । কিন্তু এইবাৰ অসমৰ প্ৰতিজন প্ৰকৃত কৃষকে পাবনে এই আচঁনিৰ ধন ?

Real farmers of Assam deprived of kisan samman nidhi
Real farmers of Assam deprived of kisan samman nidhi

গুৱাহাটী, ৩১ মে’: বহু চৰ্চিত প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ কিস্তিৰ ধন প্ৰদান প্ৰক্ৰিয়া মঙলবাৰৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হৈছে (kisan samman nidhi)। এই অভিলাসী প্ৰকল্পৰ একাদশতম কিস্তি হ'ব এইবাৰৰ দুহেজাৰ টকা । প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি পি এম কিষাণ নিধিৰ এই একাদশ কিস্তিৰ ধনৰ প্ৰদান পৰ্বৰ আজি শুভাৰম্ভণি হৈছে হাৰিয়ানা আৰু চিকিমত । পৰ্যায়ক্ৰমে এই আচঁনিৰ ধন সোমাব অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকৰ বেংক একাউণ্টটো ।

মনকৰিবলগীয়া যে, ২০১৮ চনৰ পৰা আৰম্ভ হোৱা পি এম কিষাণ নিধিৰ অধীনত প্ৰকৃত কৃষকক বছৰি ছয় হাজাৰকৈ টকা দি অহা হৈছে । তিনিটা কিস্তিত এই টকা পঞ্জীয়নভুক্ত কৃষকক দি অহা‌ হৈছে । ২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে দেশৰ ১৪.৫ কোটি কৃষকক এই আঁচনিৰে সামৰিব বিচাৰিছিল যদিও সেয়া সম্ভৱ হৈ উঠা নাছিল । আঁচনিয়ে সামৰিছিল মাত্ৰ ৬.৮ কোটি কৃষককহে ।

আনহাতে ২০১৮-১৯ আৰু ২০১৯-২০ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে এই আচঁনিৰ বিপৰীতে ৯৫০০০ কোটি টকা নিৰ্ধাৰণ কৰিছিল যদিও ব্যয় হৈছিল মাত্ৰ ৪৮০০০ কোটি টকা । অৰ্থাৎ চৰকাৰে এই আঁচনিৰে প্ৰকৃত কৃষকক সামৰি ল'ব পৰা নাছিল ।

পি এম কিষাণ নিধি ৰূপায়নৰ ক্ষেত্ৰত দেশৰ ভিতৰতে বৃহৎ কেলেংকাৰী সংঘটিত হৈছিল অসমত । অভিযোগ অনুসৰি কেৱল ৰাজনৈতিক স্বাৰ্থত এই আঁচনিৰে পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে কৃষি বিভাগৰ দ্বাৰা পঞ্জীয়ন কৰাইছিল লক্ষ লক্ষ অ-কৃষকক । ২০২১ চনৰ আগষ্ট মাহত অনুষ্ঠিত অসম বিধানসভাৰ অধিবেশনত কৃষি মন্ত্ৰী অতুল বৰাই দাঙি ধৰা তথ্য অনুসৰি এই আঁচনিৰে অসমৰ ২৩,৩৩,৮৬৪ জন কৃষকক সামৰি লৈছে । কিন্তু পিছলৈ এই কথা স্পষ্ট হৈছিল যে এই সংখ্যক কৃষকৰ মাজৰ ১১.৭২ লাখেই আছিল‌ অ-কৃষক ।

উল্লেখ্য যে, আমগুৰি নৱ নিৰ্মাণ সমিতি নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই এই আচঁনিৰ ৰূপায়নত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ বিপৰীতে ৰাজ্যৰ মুখ্য সচিব গৰাকীয়ে দাখিল কৰা শপতনামাত ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে এই কথা স্বীকাৰ কৰিছে (kisan samman nidhi scam in Assam) ।

আনহাতে, ২০২১ চনৰ ২০ জুলাইত সংসদত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে তথ্য দাঙি ধৰি কৈছিল যে, এই আঁচনিৰ পৰা দেশৰ ৪২.৬ লক্ষ অ-কৃষকেহে ধন লাভ কৰিছিল । ইয়াৰে সৰ্বাধিক ৮.৩৫ লক্ষ ভুৱা কৃষক আছিল অসমৰ । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংসদত দাখিল কৰা তথ্য মতে অসমৰ পৰা ৫৫৪.০১ কোটি টকা ওভটাই লোৱা হৈছিল ।

শেহতীয়া দুটা বছৰৰ তথ্য আৰু চৰকাৰ পক্ষই আদালতৰ মজিয়াত দাখিল কৰা তথ্যই প্ৰমাণ কৰে যে, অসমত এই আঁচনিৰ ৰূপায়নৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হৈছিল । কিন্তু তাৰ পিছতো এই কেলেংকাৰী সন্দৰ্ভত চৰকাৰে কোনো বিশেষ তদন্তৰ ব্যৱস্থা নকৰিলে । পুনৰ সেই তালিকাৰ কৃষককে এতিয়া দিয়া হ'ব আঁচনিৰ একাদশ কিস্তিৰ ধন । কৃষি বিভাগৰ এক সূত্ৰৰ মতে, এই কৃষকৰ তালিকাৰ সংশোধনীৰ প্ৰয়োজন আছিল যদিও সেয়া কৰা নহ'ল । ফলত এইবাৰো অধিকাংশ অ-কৃষকৰ বেংক একাউণ্টতে আঁচনিৰ ধন সোমোৱাতো নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক: আলফাক ক্ষমা খুজি ভুল কৰিছে সঞ্জয় কিষাণে: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.