ETV Bharat / state

টুলুঙা নাৱৰে শিক্ষাৰ্থীৰ বিপদসংকুল যাত্ৰা: গুণোৎসৱৰ মাজতে মুকালমুৱাৰ শিক্ষাৰ্থীৰ হাহাকাৰ

author img

By

Published : May 31, 2022, 10:38 PM IST

ৰাজ্যত উন্নয়নৰ এখন পঁয়ালগা ছবি । নলবাৰীৰ মুকালমুৱাৰ এটা অঞ্চলৰ শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণৰ বাবে টুলুঙা নাৱৰেই বিপদসংকুলভাৱে যাত্ৰা কৰি উপস্থিত হয়হি বিদ্যালয়ত(Students distressed journey due to lack of bridge) । গুণোৎসৱৰ সময়চোৱাতে চৰ্চালৈ আহিছে এই বিশেষ দৃশ্য ।

poor condition of transportation at mukalmua
টুলুঙা নাৱৰে শিক্ষাৰ্থীৰ বিপদসংকুল যাত্ৰা: গুণোৎসৱৰ মাজতে মুকালমুৱাৰ শিক্ষাৰ্থীৰ হাহাকাৰ

নলবাৰী,৩১ মে': এজাক শিশুৰ শিক্ষা গ্ৰহণৰ দুৰন্ত হেঁপাহ । সেয়ে বিপদসংকুলভাৱে টুলুঙা নাৱৰে পানীৰ মাজেৰেই যাত্ৰা কৰি প্ৰতিদিনে উপস্থিত হয় বিদ্যালয়ত । পিঠিত কিতাপৰ বেগ লৈ ভৱিষ্যত গঢ়াৰ সপোন লৈ টুলুঙা নাৱৰে প্ৰতিদিনে বিদ্যালয়লৈ আহে এজাক শিশু । উদ্দেশ্য এটাই- পঢ়ি শুনি এজন ভাল মানুহ হোৱা(Students distressed journey due to lack of bridge) ।

মুকালমুৱাৰ সমীপতে বহ্মপুত্ৰ নৈৰ দাঁতিত অৱস্থিত কালাৰদিয়া প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এই দুৰাৱস্থা । বিদ্যালয়খন ব্ৰহ্মপুত্ৰ নৈৰ এটি সুতিৰ দাঁতিত অৱস্থিত হোৱা কাৰণে সৰহসংখ্যক ছাত্ৰ-ছাত্ৰী সুতিটোৰ আনটো পাৰৰ পৰা আহিব লাগে । কণ কণ ছাত্ৰ-ছাত্ৰী সকলে নিতৌ টুলুঙা নাৱৰে বহ্মপুত্ৰৰ সুতিঁটো বিপদসংকুলভাৱে পাৰ হৈ উপস্থিত হয় বিদ্যালয়ত । তথাপিও হাজাৰ বাধাকো নেওচি কণ কণ ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ত উপস্থিত হয় শিক্ষা গ্ৰহণ কৰিবলৈ ।

টুলুঙা নাৱৰে শিক্ষাৰ্থীৰ বিপদসংকুল যাত্ৰা: গুণোৎসৱৰ মাজতে মুকালমুৱাৰ শিক্ষাৰ্থীৰ হাহাকাৰ

ইফালে, বিদ্যালয়খনৰ ৯১ গৰাকী ছাত্ৰ-ছাত্ৰীক মাত্ৰ তিনিগৰাকী শিক্ষকে প্ৰতিদিনে দি আহিছে পাঠদান । শিক্ষকৰ অভাৱ আৰু বিদ্য়ালয়লৈ অহাযোৱাৰ সুব্যৱস্থা নথকাত হতাশ হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল । প্ৰতিদিনেই জীৱনটো হাতৰ মুঠিত লৈ বিদ্যালয়লৈ আহে ছাত্ৰ-ছাত্ৰীসকল । আনহাতে তৃতীয় পৰ্যায়ত হবলগীয়া গুণোৎসৱৰ বাবে ভিন্ন প্ৰান্তৰ বিদ্যালয় সমূহৰ সমান্তৰালকৈ কালাৰদিয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা ছাত্র ছাত্ৰী সকলেও প্ৰস্তুত হৈছে গুণোৎসৱৰ কাৰণে ।

কিন্তু এই নৌকা যাত্ৰাৰ বাবে বিবুধিত পৰিছে শিক্ষাৰ্থীসকল । সেয়েহে অতিশীঘ্ৰে তেওঁলোকক কিবা এটা ব্যৱস্থা কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে ছাত্ৰ-ছাত্ৰী সকলে । নহ'লে কোন দিনা কি বিপদ নামি আহে সেয়া নিশ্চিতৰূপে ক'ব নোৱাৰি ।

লগত পঢ়ক: নলবাৰীত বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.