ETV Bharat / state

একেবোৰ কামকে কৰি আমনি লাগিছে ? যাওঁ ব’লক প্ৰকৃতিৰ বুকুলৈ - Places to visit in Guwahati

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 9:04 PM IST

Best places to visit near Guwahati : সদায় সেই একেবোৰেই কাম ৷ অফিচ-ঘৰ, ঘৰ-অফিচ, জীৱন জীওৱাৰ স্বাৰ্থত অন্যান্য কাম ৷ এনেদৰেই পাৰ হৈ গৈ আছে আমাৰ প্ৰতিটো পল ৷ সৰি পৰে মুঠি মুঠি সময় বালি ৷ জীৱন যাপনৰ ব্যস্ততাত হেৰাই যায় উদযাপনৰ সময় ৷ কিমান আৰু এনেদৰে ? কংক্ৰিটৰ মহানগৰততো আৰু ব’ৰিং হৈ যায় সময়বোৰ ৷ ব’লক, অকণমান সময় উলিয়াই এদিন এফালে যাওঁ ৷ য’ত বিচাৰি পাব উদযাপনৰ সমল ৷

Best places to visit near Guwahati
যাওঁ ব’লক প্ৰকৃতিৰ বুকুলৈ (ETV Bharat Assam)

গুৱাহাটী, ৩১ মে’ : নগৰীয়া বা ঘৰৰ একঘেয়ামী ব্যস্ততাৰ পৰা আপুনি অলপ আঁতৰি প্ৰকৃতিৰ বুকত বিলীন হৈ অৱসৰ বিনোদন কৰিবলৈ গুৱাহাটীৰ আশে-পাশে যাব খুজিছে নেকি ? তেন্তে চিন্তা নকৰিব ৷ বেছি দূৰলৈও যাব নালাগে আপুনি । কিয়নো গুৱাহাটীৰ নিচেই ওচৰতে থকা চানডুবিলৈ যাব পাৰে আপুনি ।

কৰ্মব্যস্ততাৰ পৰা আঁতৰি উপভোগ কৰক নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্য । গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত থকা চানডুবিলৈ গৈ উপভোগ কৰিব পাৰিব প্ৰাকৃতিক সৌন্দৰ্য । চানডুবিৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই সকলোকে হাতবাউল দি মাতে । যিয়ে এবাৰ তালৈ গৈছে তেওঁহে অনুভৱ কৰিব পাৰে তাৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ ।

অঞ্চলটোৰ নৈসৰ্গিক সৌন্দৰ্যক বিশেষ মাত্ৰা প্ৰদান কৰিছে চানডুবিৰ প্ৰাকৃতিক হ্ৰদটোৱে । কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত প্ৰাকৃতিক বিল হৈছে চানডুবি । এই অঞ্চলটো অৰণ্য, চাহ বাগিচা আৰু সৰু সৰু গাঁৱেৰে ভৰা ।

১৮৯৭ চনৰ অসমৰ বৰভুঁইকপত এই চানডুবি বিলৰ সৃষ্টি হৈছিল । ভূমিকম্পত হাবি তললৈ বহি গৈ বিলখনৰ সৃষ্টি হৈছিল । প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই বিলৰ দুয়োপাৰে বনভোজৰ বাবে স্থান আছে । সৰু নাৱত উঠি এই বিল পৰিভ্ৰমণ কৰিব পাৰি ৷ প্ৰতিবছৰে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত চানডুবি উৎসৱ অনুষ্ঠিত হয় । এই উৎসৱত স্থানীয় লোকসকলে পৰম্পৰাগত নৃত্য আৰু খাদ্য পৰিৱেশন কৰে ।

ডিচেম্বৰ-জানুৱাৰীত ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে দেশ-বিদেশৰ পৰ্যটকে ভিৰ কৰে ৷ বাকী সময়ছোৱাতো অৱসৰ বিনোদনৰ বাবে পৰ্যটক আহে । চানডুবি হ্ৰদটোক কেন্দ্ৰ কৰি অঞ্চলটোত কেবাখনো ৰিজ'ৰ্টো গঢ়ি উঠিছে । মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পৰ্যটকৰ বিপুল সম্ভাৰ । যাৰ বাবে চানডুবিৰ প্ৰতি পৰ্যটকসকল সদায় আকৰ্ষিত হৈ আহিছে ৷

কেৱল চানডুবি বিলেই নহয়, অঞ্চলটোত আছে পৰ্যটকে আমোদ লভিব পৰা আৰু অৱসৰ বিনোদন কৰিব পৰাকৈ বিভিন্ন প্ৰাকৃতিক উৎস ৷ তেনে এক উৎস হৈছে বাৰৈগাঁও জলপ্ৰপাত ৷ চানডুবিৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগৰ বাৰৈগাঁৱত এই জলপ্ৰপাতটো । এই জলপ্ৰপাতটোৱেও শেহতীয়াকৈ পৰ্যটকক আকৰ্ষণ কৰিছে । পুৱাৰে পৰা সন্ধিয়ালৈ জলপ্ৰপাতটোৰ সৌন্দৰ্য উপভোগ কৰিবলৈ পৰ্যটকে ভিৰ কৰে ।

লগতে পঢ়ক: কাজিৰঙাই ৰিঙিয়াই : দেশ-বিদেশৰ কোন কোন বিশেষ ব্যক্তি মুগ্ধ হৈছিল কাজিৰঙাৰ সৌন্দৰ্যত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.