ETV Bharat / state

Amguri Solar Park Project: মুকলি হ’ল ৰাজ্যৰ সৰ্ববৃহৎ সৌৰ শক্তি প্ৰকল্প

author img

By

Published : May 31, 2022, 7:09 PM IST

উদ্বোধন কৰা হ’ল আমগুৰিৰ ৭০ মেগাৱাট শক্তিসম্পন্ন সৌৰ শক্তি প্ৰকল্পৰ । ৭০ মেগাৱাট শক্তিসম্পন্ন সৌৰশক্তি প্ৰকল্পটো শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Biggest solar power project of Assam)। ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰিছিল এই প্ৰকল্পৰ।

Biggest solar power project of Assam
মুকলি হ’ল ৰাজ্যৰ সৰ্ববৃহৎ সৌৰ শক্তি প্ৰকল্প

আমগুৰি, ৩১ মে’: বহু বছৰজোৰা প্ৰতীক্ষাৰ অন্তত শুভ উদ্বোধন কৰা হ’ল আমগুৰিৰ ৭০ মেগাৱাট শক্তিসম্পন্ন সৌৰ শক্তি প্ৰকল্পৰ । উল্লেখ্য যে, ছয় বছৰজোৰা অসম আন্দোলনৰ ফচল অসম চুক্তি অনুসৰি ১৯৯০ চনতে অসম গণ পৰিষদ চৰকাৰৰ আমোলত ৬০০ কোটি টকা ব্যয় সাপেক্ষে আমগুৰিৰ লালিম চাপৰি অঞ্চলত ৩৬০ মেগাৱাট শক্তিসম্পন্ন গেছ ভিত্তিক এক শক্তি প্ৰকল্প স্থাপনৰ পৰিকল্পনা কৰা হৈছিল আৰু এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল তদানীন্তন মু্খ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ।

সেই সময়ত অসম গণ পৰিষদ চৰকাৰৰ শক্তিমন্ত্ৰী আছিল টিয়ক সমষ্টিৰ বিধায়ক প্ৰয়াত ললিত ৰাজখোৱা । ৰাজনৈতিক, অৰ্থনৈতিক, কাৰিকৰী আদি বিভিন্ন অজুহাতত এই প্ৰকল্পৰ কাম আগ নাবাঢ়িল যদিও ২০১৪ চনত কেন্দ্ৰত বিজেপি চৰকাৰে দায়িত্বভাৰ লোৱাৰ পাছত সৌৰ শক্তিৰ সহায়ত এই প্ৰকল্পটো আৰম্ভ কৰাৰ বাবে পুনৰ অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰে । পৰৱৰ্তী সময়ত আমগুৰি সমষ্টিৰ বৰ্তমানৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ তৎপৰতাত ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে (Amguri Solar power project)।

মুকলি হ’ল ৰাজ্যৰ সৰ্ববৃহৎ সৌৰ শক্তি প্ৰকল্প

তাৰ পাছৰ তিনিটাকৈ বছৰৰ ভিতৰতে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে নয়দাৰ ‘জেকচন গ্ৰুপ’(Jackson Power Private Limited) নামৰ এটা প্ৰতিষ্ঠানে ইতিমধ্যে নিৰ্মাণকাৰ্য সম্পন্ন কৰা আমগুৰিৰ এই বহু প্ৰত্যাশিত ৭০ মেগাৱাট শক্তিসম্পন্ন সৌৰশক্তি প্ৰকল্পৰ শুভ উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Biggest solar power project of Assam) । নাজিৰাত এখন জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দোপদৰৰ উড়িয়া বস্তি খেলপথাৰত হেলিকপ্টাৰযোগে উপস্থিত হয় ।

তাৰ পৰা স্থলপথেৰে মুখ্যমন্ত্ৰীৰ কনভয় আহি উপস্থিত হয় আমগুৰি চ’লাৰ পাৱাৰ পাৰ্কত (CM Himanta Biswa Sarma at Amguri)। এই সৌৰশক্তি প্ৰকল্পতেই আধাৰশিলা স্থাপনৰ ৩২ টাকৈ বছৰৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চুইচ্ টিপি এই সৌৰশক্তি প্ৰকল্পৰ বিদ্যুৎ যোগান আৰম্ভ কৰি প্ৰকল্পটো ৰাইজৰ সেৱাত উৎসৰ্গা কৰে । ইয়াৰ পাছতে পুনৰ স্থল পথেৰে আমগুৰিৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ খেলপথাৰত এক জনসভাত ভাগ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীৰ লগতে এই অনুষ্ঠানত উপস্থিত থাকে শক্তিমন্ত্ৰী বিমল বৰা, সাংসদ তপন গগৈ আৰু কামাখ্যা প্ৰসাদ তাছা, বিধায়ক সুশান্ত বুঢ়াগোহাঁইৰ লগতে স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকা, শিৱসাগৰ জিলা প্ৰশাসনৰ মুৰব্বী, APDCL আৰু APGCL ৰ শীৰ্ষ বিষয়াসকল ।

লগতে পঢ়ক: দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী নেহৰুৰ স্মৃতি বিজড়িত তেজপুৰৰ এজোপা কঁঠাল গছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.