ETV Bharat / entertainment

সম্ৰাট পৃথ্বীৰাজৰ সফলতাৰ বাবে বাৰাণসীত গংগা পূজা অক্ষয় কুমাৰৰ

author img

By

Published : May 31, 2022, 1:48 PM IST

অক্ষয় কুমাৰে তেওঁৰ পিৰিয়ড ছবি 'সম্ৰাট পৃথ্বীৰাজ'ৰ সফলতা কামনা কৰি গংগাত ডুব মাৰি আহিছে । বাৰাণসীৰ পৰা অভিনেতাজনৰ ফটো আৰু ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে (Akshay Kumar latest news) ।

akshay kumar
ৰাণসীত গংগা পূজা কৰিলে অক্ষয় কুমাৰে

চিটাৰা ডেস্ক, 31 মে’: বলীউডৰ খিলাড়ী খ্যাত অভিনেতা অক্ষয় কুমাৰৰ পিৰিয়ড ছবি 'সম্ৰাট পৃথ্বীৰাজ' এই সপ্তাহতেই মুক্তি পাব । এই চলচ্চিত্ৰখনৰ সফলতা কামনা কৰি অক্ষয় কুমাৰে পূজা কৰিবলৈ কাশীৰ গংগাঘাটত উপস্থিত হয়গৈ (Akshay Kumar latest news) ।

akshay kumar
বাৰাণসীত গংগা পূজা কৰিলে অক্ষয় কুমাৰে

অভিনেতাজনৰ সৈতে ছবিখনৰ মুখ্য অভিনেত্ৰী মানুষী চিল্লাৰকো গংগাৰ পাৰত দেখা গৈছিল । ছবিখনৰ তাৰকা, কলা-কুশলীসকলে গংগাঘাটৰ ফটো আৰু ভিডিঅ' ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । অক্ষয় কুমাৰ আৰু মিছ ৱৰ্ল্ড মানুষী চিল্লাৰ অভিনীত 'সম্ৰাট পৃথ্বীৰাজে' ৩ জুনত মুক্তি লাভ কৰিব ।

akshay kumar
বাৰাণসীত মানুষী

ছ'চিয়েল মিডিয়াত অক্ষয় কুমাৰে শ্বেয়াৰ কৰা ভিডিঅ'টোত দেখা গৈছে অভিনেতাজনে ঘাটত আৰতি কৰাৰ পিছত গংগাত ডুব মাৰি আহে (Akshay Kumar new movie) । অক্ষয় কুমাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিছে, "হৰ-হৰ মহাদেৱ" ।

akshay kumar
বাৰাণসীত গংগা পূজা কৰিলে অক্ষয় কুমাৰে

সমান্তৰালকৈ মানুষী চিল্লাৰেও কাশীৰ পৰা বহুতো ফটো শ্বেয়াৰ কৰিছে । এই ছবিবোৰ শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়েও হৰ হৰ মহাদেৱ বুলি শিৰোনাম দিছে (Manushi Chillar instagram) । ছবিবোৰত অক্ষয় আৰু মানুষীক পিচ্​ ৰঙৰ পোছাকত দেখা গৈছে ।

akshay kumar
বাৰাণসীত মানুষী

এইখন ছবিৰেই মানুষীয়ে বলীউডত আত্মপ্ৰকাশ ঘটাব (Manushi Chillar bollywood debut) । অক্ষয় কুমাৰৰ পূৰ্বৰ ছবি বচ্চন পাণ্ডেয়ে বক্স অফিচত সফলতা লাভ কৰা নাছিল । ইয়াৰ পিছত এতিয়া অক্ষয় কুমাৰে এই নতুন ছবিখনৰ বাবে আশীৰ্বাদ বিচাৰি কাশী পাইছেগৈ (Akshay Kumar new movie) বুলি একাংশই মতপোষণ কৰে ।

ইয়াৰ আগতে, ভুল ভুলইয়া ২ ৰ অভিনেতা কাৰ্তিক আৰ্য়ান কাশীঘাটত উপস্থিত হৈছিল । ভুল ভুলইয়া ২ য়ে বক্স অফিচত ১০০ কোটিৰ সীমা স্পৰ্শ কৰিছে । এইখন কাৰ্তিক আৰ্য়ানৰ প্ৰথম ছবি, যিয়ে 100 কোটিৰ ক্লাবত যোগদান কৰিছে ।

akshay kumar
বাৰাণসীত অক্ষয় মানুষী

লগতে চাওক: ভাৰতীয় সাজত মানুষী চিল্লাৰৰ এলিগেণ্ট লুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.