ETV Bharat / bharat

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ কিস্তি সোমালনে নাই কেনেদৰে জানিব ? - PM Kisan Samman Nidhi

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 8:40 PM IST

PM Kisan Samman Nidhi : প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৭ সংখ্যক কিস্তি মুকলি হ'বলৈ গৈ আছে । এই ধন হিতাধিকাৰীৰ একাউণ্টত জমা কৰা হ'ব । আপুনিও প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ হিতাধিকাৰী নেকি ? এই বিষয়ে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

PM Kisan Samman Nidhi
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ বিষয়ে কিছু কথা (PM Kisan Yojna Website)

কৃষকসকলক বিত্তীয় সুৰক্ষা প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 'প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি' আঁচনি আৰম্ভ কৰিছে । এই আঁচনিৰ অধীনত দেশৰ কৃষকসকলে প্ৰতি বছৰে 6,000 টকাৰ সাহায্য লাভ কৰে । এই নগদ ধন কৃষকসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰা হয় । অৱশ্যে এই ধন কৃষকৰ একাউণ্টত একেবাৰতে নহয়, 3 টা কিস্তিত জমা কৰা হয় । ইয়াৰ অৰ্থ হৈছে যে প্ৰতি চাৰি মাহত এবাৰকৈ এই ধন কৃষকসকলৰ একাউণ্টত জমা কৰা হয় ।

এতিয়ালৈকে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ 16 টা কিস্তি মুকলি কৰা হৈছে । বৰ্তমান কৃষকসকলে ১৭ নম্বৰ কিস্তিৰ বাবে অপেক্ষা কৰি আছে । এই ধন ই-কেৱাইচি কৰোৱা হিতাধিকাৰীসকলৰ একাউণ্টত জমা কৰা হ'ব । যাৰ বাবে এই ধন লাভ কৰিবলগা যোগ্য কৃষকসকল নিশ্চিত হৈ আছে । প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ হিতাধিকাৰীসকলৰ তালিকাত আপোনাৰ নামো আছেনে নাই জানিবলৈ অনুসন্ধান কৰিব লাগিব । কেনেকৈ বিচাৰিব জানো আহক ।

  1. প্ৰথমতে, আপুনি www.pmkisan.gov.in ৱেবছাইট খুলিব লাগিব ।
  2. ৱেবছাইটত 'হিতাধিকাৰীৰ তালিকা' বিকল্পত ক্লিক কৰক ।
  3. আপোনাৰ ৰাজ্য, জিলা, মণ্ডল, গাঁৱৰ বিৱৰণ বাছনি কৰক ।
  4. হিতাধিকাৰীৰ তালিকাৰ বাবে 'ৰিপোৰ্ট লাভ কৰক'ত ক্লিক কৰক ।
  5. আপোনাৰ গাঁৱৰ হিতাধিকাৰীসকলৰ নাম তাত ওলাব ।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ বাবে কেনেকৈ আবেদন কৰিব ?

যদি আপুনি এগৰাকী যোগ্য কৃষক, তেনেহ'লে আপুনি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ বাবে আবেদন কৰিব পাৰে । আবেদন কেনেকৈ কৰিব জানো আহক ।

  1. প্ৰথমেতে pmkisan.gov.in ৱেবছাইট খোলক ।
  2. নতুন কৃষক পঞ্জীয়ন লিংকত ক্লিক কৰক আৰু আপোনাৰ আধাৰ নম্বৰ তাত ভৰাওক । তাৰ পিচত কেপচা ভৰাওক ।
  3. প্ৰয়োজনীয় বিৱৰণ ভৰাওক আৰু 'হয়'ত ক্লিক কৰক ।
  4. পিএম কিষাণ আবেদন পত্ৰ-2023 পূৰণ কৰাৰ পিচত ছেভ বুটামত ক্লিক কৰক ।
  5. আবেদনৰ এটা প্ৰিণ্টআউট লওক আৰু ভৱিষ্যতৰ প্ৰসংগৰ বাবে ইয়াক লগত ৰাখক ।
লগতে পঢ়ক :ভাৰত-আছিয়ান বাণিজ্য কাঠামোত উত্তৰ-পূবৰ ভূমিকা: সম্ভাৱনা আৰু প্ৰত্যাহ্বান - INDIA ASEAN TRADE
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.