মৰিয়নীত ছোৱাইন ফ্লুৰ আতংক, গাহৰি ক্ৰয় তথা বিক্ৰীত নিষেধাজ্ঞা - Swine flu Outbreak
SWINE FLU IN JORHAT: যোৰহাট জিলাত ছানি ধৰিছে ভয়ংকৰ ছোৱাইন ফ্লু ভাইৰাছে । মৰিয়নীত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ কেবাটাও গাহৰিৰ মৃত্যু । বিশেষ তৎপৰতা গ্ৰহণ পশু চিকিৎসা বিভাগৰ ।

Published : May 17, 2024 at 9:19 PM IST
যোৰহাট, ১৭ মে': ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ছোৱাইন ফ্লুৱে । ব্যতিক্ৰম নহয় যোৰহাট জিলা । যোৰহাট জিলা অন্তৰ্গত মৰিয়নী বিধানসভা সমষ্টিৰ নাগিনীজান চাহ বাগিচাত ভয়ংকৰ ৰূপত ছানি ধৰিছে ছোৱাইন ফ্লু ভাইৰাছে । ফলত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰশাসনে গাহৰি ক্ৰয় তথা বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰে ।
ইতিমধ্যে মৰিয়নী নাগনিজান চাহ বাগিচাত এই মূহুৰ্ত্বলৈকে ছোৱাইন ফ্লুত আক্ৰান্ত হৈ ৭ টা গাহৰি মৃত্যুমুখত পৰিছে । ফলত তৎক্ষণিকভাবে জিলা প্ৰশাসন আৰু পশু চিকিৎসা বিভাগ, মৰিয়নি ৰাজহ চক্ৰ বিষয়া, মহকুমা পশু চিকিৎসা বিষয়া, নকছাৰী পশু চিকিৎসা বিষয়াসহ এটা সঁজাতি দল উপস্থিত হৈ তৎক্ষণিক ব্যৱস্থা তথা ছোৱাইন ফ্লু প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।
নাগিনীজান চাহ বাগিচাৰ লগতে বিভিন্ন স্থানত চিকিৎসক দল উপস্থিত হৈ প্ৰতিৰোধী ভেকচিন দিয়া ব্যৱস্থা গ্ৰহণ কৰে । পশু চিকিৎসক দলে ইতিমধ্যে সহস্ৰাধিক গাহৰিক ভেকচিন দিয়াৰ বাবে তৎপৰ হৈ পৰিছে । লগতে মৰাত্মক ছোৱাইন ফ্লু ভাইৰাছ কি আৰু ইয়াৰ ভয়াৱহতা সম্পৰ্কে পশু চিকিৎসা বিভাগে নাগিনীজান চাহ বাগিচাৰ লগতে বিভিন্ন স্থানত সজাগতা সভাৰো আয়োজন কৰে ।
তাৎপৰ্যপূৰ্ণ যে মাৰাত্মক ছোৱাইন ফ্লু মৰিয়নীৰ বিভিন্ন প্ৰান্তত বিয়পি পৰা লগে লগে ৰাইজ আতংকিত হৈ পৰিছে । কিন্তু একাংশই গোপনে গাহৰি ক্ৰয় তথা বিক্ৰী গোপনে চলাই থকাৰো গুৰুত্ব অভিযোগ উথাপিত হৈছে । আনহাতে ছোৱাইন ফ্লু ভাইৰাছে মৰিয়নীত আতংক সৃষ্টি কৰা বাবে গাহৰি খোৱাৰ পৰা একাংশ লোক স্বৰ্তস্ফুৰ্তভাৱে বিৰত থকা পৰিলক্ষিত হৈছে ।
আনহাতে গাহৰি পালকসকল এই বিষয়ক লৈ চিন্তিত হৈ পৰিছে । সময় থাকোতে যদি এই ভাইৰাছ নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেতিয়াহ'লে অন্য স্থানলৈয়ো এই ভাইৰাছ বিয়পি পৰা সম্ভৱনা প্ৰকট বুলি পশু চিকিৎসা বিষয়াসকলে সদৰী কৰে ।

