ETV Bharat / health

ছোৱাইন ফ্লুৰ সংক্ৰমণৰ পৰা নিজক কিদৰে কৰিব ৰক্ষা ? চিকিৎসকে দিলে উপায় - Swine Flu Outbreak

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 8:39 PM IST

Swine Flu Outbreak: ৰাজ্যত পুনৰ ছোৱাইন ফ্লুৰ আতংক । ছোৱাইন ফ্লুৰ সংক্ৰমণৰ পৰা আপোনাৰ শিশুটি কিদৰে ৰক্ষা কৰিব তথা এই ৰোগৰ বিষয়ে বিতংভাৱে জানো আহক ?

Etv Bhhow-to-protect-yourself-from-swine-flu-infection-the-doctor-gave-the-solutionarat
ছোৱাইন ফ্লুৰৰ সংক্ৰমণৰ পৰা কিদৰে নিজকে ৰক্ষা কৰিব ? চিকিৎসকে দিলে উপায় (ETV BHARAT ASSAM)

ছোৱাইন ফ্লুৰৰ সংক্ৰমণৰ পৰা কিদৰে নিজকে ৰক্ষা কৰিব ? চিকিৎসকে দিলে উপায় (ETV BHARAT ASSAM)

গুৱাহাটী, ৮ মে: ৰাজ্যত পুনৰ ছোৱাইন ফ্লুৰ আতংক ৷ ছোৱাইন ফ্লুক লৈ ইতিমধ্যে বৰাকত এক আতংকৰ সৃষ্টি হৈছে । বিগত দুদিনত হাইলাকান্দি আৰু কাছাৰৰ দুটি শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান এজন লোক চিকিৎসাধীন হৈ আছে ৷

ছোৱাইন ফ্লুৰ সংক্ৰমণৰ পৰা আপোনাৰ শিশুটিক কিদৰে ৰক্ষা কৰিব জানো আহক ? গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ শিশু চিকিৎসক দিগন্ত বৰ্মনে দিলে ছোৱাইন ফ্লুৰৰ সংক্ৰমণৰ ৰক্ষা পৰিবলৈ দিলে উপায় ৷ দুই বছৰৰ তলৰ শিশু আৰু ৬৫ উৰ্ধৰ লোকক সচেতন হৈ থাকিবলৈ আহ্বান ৷

শিশুক সুষম আহাৰ খোৱাৰ পৰামৰ্শ চিকিৎসাজনৰ ৷ জ্বৰ , ছৰ্দি হোৱা হোৱাৰ ৰোগীৰ পৰা শিশুক আতৰত ৰাখিবলৈ আহ্বান জনায় ৷ ৬৫ উৰ্ধৰ ব্যক্তি সকলে বিনা কাৰণত ঘৰৰ বাহিৰলৈ নাযাবলৈ আহ্বান ৷ ক’ভিডৰ সময়ত যিদৰে ৰাইজে মাক্স পৰিধান কৰাৰ লগতে যিবোৰ সাৱধানতা অৱলম্বন কৰিছিল তাক কৰিবলৈ আহ্বান জনায় ৷

তেওঁ কয় যে, ছোৱাইন ফ্লুৰ সংক্ৰমিত ৰোগ ৷ ছোৱাইন ফ্লুৰ এক প্ৰকাৰৰ ইনফ্লুৱেঞ্জা ৷ প্ৰতিবছৰে ১০০জনৰ ভিতৰত ২০জনৰ দেহত ধৰা পৰে ৷ আতংকিত হ'ব নালাগে ৷ ছোৱাইন ফ্লু ৰোগীৰ বাবে সকলো ব্যৱস্থা কৰি ৰখা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷

আনহাতে, ছোৱাইন ফ্লুৰ কথা ক’বলৈ গ’লে ই গাহৰিৰ ক্ষেত্ৰত দেখা দিয়া এবিধ ৰোগ । ১৯৩০ চনত আমেৰিকাত ধৰা পৰিছিল এই ৰোগ । তথ্য অনুসৰি ২০১৩ চনত ভাৰতত ৭০০ লোকৰ মৃত্যু ঘটিছিল এই ৰোগত । ছোৱাইন ফ্লু মূলতঃ ভাইৰাছৰ পৰা সৃষ্টি হোৱা এবিধ শ্বাস-প্ৰশ্বাসজনিত ৰোগ । ইয়াৰ মূল কাৰণ হ'ল ইনফ্লুৱেঞ্জা ভাইৰাছ-A । এই ৰোগত আক্ৰান্ত ৰোগীৰ হাঁচি, পানীলগা, কাহ, শ্বাস-প্ৰশ্বাসত কষ্ট, নিউমিনীয়া আদি লক্ষণে দেখা দিয়ে । লগতে শিশুসকল এইৰোগত অতি সোনকালে আক্ৰান্ত হোৱা দেখা যায় ।

লগতে পঢ়ক: কাছাৰত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ ৪ মহীয়া শিশুৰ মৃত্যু - SWINE FLU OUTBREAK

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.