ETV Bharat / state

অবড়ো ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত জীৱন আহুতি দিয়া ব্যক্তিৰ নিকটাত্মীয়লৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য

author img

By

Published : Jun 1, 2022, 8:18 AM IST

Updated : Jun 1, 2022, 8:27 AM IST

অবড়ো ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত জীৱন আহুতি দিয়া ১৮ গৰাকী ব্যক্তিৰ নিকটাত্মীয়লৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান মুখ্যমন্ত্ৰী(CM programme at janata bhawan) ৰ ৷ জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিলে সাহায্যৰ চেক(Cheque distribution program at janata bhawan) ৷ বড়োভূমিত উন্নয়নমূলক কাম-কাজেৰে বিকাশৰ গংগা বোৱাই নিব লাগিব- এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ৷

cm-programme-at-janata-bhawan
জনতা ভৱনত মুখ্যমন্ত্ৰীৰ অনুষ্ঠান

গুৱাহাটী, 1 জুন : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষ(CM programme at janata bhawan) ত আয়োজিত এক অনুষ্ঠানত অবড়ো ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত জীৱন আহুতি দিয়া ১৮ গৰাকী ব্যক্তিৰ নিকটাত্মীয়লৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্যৰ চেক প্ৰদান(Cheque distribution program at janata bhawan) কৰে ৷

cm-programme-at-janata-bhawan
বড়োভূমিত উন্নয়নমূলক কাম-কাজত গুৰুত্ব প্ৰদান

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰচেষ্টা আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ উদ্যোগত স্বাক্ষৰিত বড়ো চুক্তিত পৃথক ৰাজ্যৰ দাবীত চলা আন্দোলনৰ সময়ছোৱাত প্ৰাণাহুতি দিয়া বড়ো জনগোষ্ঠীৰ লোকসকলক ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা ৰখা হৈছিল ৷ এই আন্দোলনত জড়িত নথকা আন কিছু সংখ্যক লোকেও সেই সময়ছোৱাত বিভিন্ন কাৰণত জীৱন আহুতি দিব লগা হৈছিল ৷

এই অনুষ্ঠানত সেই লোকসকলৰ নিকটাত্মীয়লৈ আৰ্থিক সাহায্য আগবঢ়াই ৰাজ্য চৰকাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, ভাৰতীয় হিচাপে অনৈক্যৰ মাজত ঐক্য হৈছে আমাৰ শক্তি ৷ বিবিধতা আমাৰ শক্তি, দুৰ্বলতা নহয় বুলি মন্তব্য কৰি তেওঁ কয় যে সংঘাতৰ মাজেৰে নতুন অসমৰ বুনিয়াদ ৰচনা নহয় ৷

cm-programme-at-janata-bhawan
জনতা ভৱনত মুখ্যমন্ত্ৰীৰ অনুষ্ঠান

পাৰস্পৰিক বুজাবুজিৰ মাজেৰে আমি আগবাঢ়ি যাব লাগিব ৷ নিজৰ জাতিসত্ত্বাৰ উন্নয়ন বিচৰাতো কেতিয়াও ভুল নহয় বুলিও তেওঁ মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰীয়ে কয় যে, অসমৰ জনজাতীয় লোকসকল সবাতোকৈ পুৰণি খিলঞ্জীয়া লোক ৷ বুৰঞ্জীৰ এই সত্যক আমি নুই কৰিব নোৱাৰো ৷

তেওঁ লগতে কয় যে, আগন্তুক ১০ বছৰত বড়ো ভূমিত বড়ো জনগোষ্ঠীৰ লোকসকলৰ লগতে আন জনগোষ্ঠীৰ লোক বাস কৰা অঞ্চলসমূহলৈ বিভিন্ন উন্নয়নমূলক কাম-কাজেৰে বিকাশৰ গংগা বোৱাই নিব লাগিব ৷ বৰ অসম নিৰ্মাণত ক’ৰবাত নহয়, ক’ৰবাত বৰঙণি যোগোৱা প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত থকা পূৰ্বৰ সৌহাদ্যপূৰ্ণ দিনবোৰ সৃষ্টিত সকলোৱে মনোনিৱেশ কৰিব লাগিব বুলি মন্তব্য কৰি তেওঁ কয় যে সকলো সমস্যা আলোচনাৰ মাজেৰেহে সমাধান সম্ভৱ ৷

cm-programme-at-janata-bhawan
অবড়ো লোকৰ আত্মীয়ক আৰ্থিক সাহায্য প্ৰদান

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই বড়ো আন্দোলনৰ সময়চোৱাত যিসকল আদিবাসী লোকে ঘৰ-মাটি হেৰুৱাই সৰ্বস্বান্ত হৈছিল, তেওঁলোকৰ কল্যাণৰ বাবে এটা বিশেষ পুঁজি আৱণ্টনৰ বাবে ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰিছে বুলিও কয় ৷ তেনেদৰে সমগ্ৰ বিটিআৰ অঞ্চলত যি সমূহ ঠাই এতিয়াও অতি পিছপৰি আছে, তেনে ঠাইত পথ-দলং নির্মাণ, অৰুণোদয় আঁচনিৰ সুবিধা সকলো শ্ৰেণীৰ লোকে যাতে সম মর্যদাৰে লাভ কৰিব পাৰে, সেই দিশত উদ্যোগ লোৱা হ’ব বুলিও তেওঁ সদৰি কৰে ৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, অবড়ো ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত জীৱন আহুতি দিয়া লোকৰ আন এখন তালিকাও সম্প্ৰতি প্ৰস্তুত কৰি থকা হৈছে ৷ পৰৱৰ্তী সময়ত তেওঁলোকলৈও আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব ৷ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্ৰমোদ বড়োই ভাষণ প্ৰদান কৰে ৷

cm-programme-at-janata-bhawan
বিবিধতা আমাৰ শক্তি, দুর্বলতা নহয় : মুখ্যমন্ত্রী

অনুষ্ঠানত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (বিশেষ শাখা) হীৰেণ নাথ, গৃহ বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰা, অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা ব্ৰজেন মহন্ত, সভাপতি আৰু সম্পাদককে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল ৷

লগতে চাওক: খাদ্যত বিষক্ৰিয়া হৈ তামুলপুৰত ছাত্ৰীসহ 15 জন চিকিৎসাধীন

Last Updated : Jun 1, 2022, 8:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.