চাৰি মাহ ধৰি সন্ধানহীন এছডিআৰএফ জোৱান অমল দাসৰ পৰিয়ালে লাভ কৰা নাই দৰমহা - SDRF Jawan Missing

By ETV Bharat Assamese Team

Published : May 17, 2024, 9:07 PM IST

thumbnail
সন্ধানহীন হৈ থকা জোৱান অমল দাসৰ পৰিয়ালে লাভ কৰা নাই দৰমহা (ETV BHARAT ASSAM)

গুৱাহাটী, 17 মে’ : চাৰি মাহ পূৰ্বে তেজপুৰৰ পৰা সন্ধানহীন হৈছিল এগৰাকী SDRF জোৱান ৷ নলবাৰীৰ অমল দাস নামৰ জোৱানজন তেজপুৰত কৰ্মৰত হৈ থকা অৱস্থাতে সন্ধানহীন হৈছিল ৷ কিন্তু সন্ধানহীন হোৱাৰ পিচৰে পৰা পৰিয়ালটোৱে দৰমহা লাভ কৰা নাই বুলি এতিয়া অভিযোগ উত্থাপন হৈছে ৷ সেয়েহে অৱশেষত জোৱানজনৰ পত্নী-কন্যা শুকুৰবাৰে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যলয়ত উপস্থিত হয় ৷  

তেখেতৰ পত্নীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, বিগত চাৰি মাহ ধৰি সন্ধানহীন হৈ আছে স্বামী অমল দাস ৷ বিগত 9 বছৰে তেজপুৰতে কৰ্মৰত আছিল তেওঁ ৷ চাৰি মাহ পূৰ্বে বজাৰলৈ যাওঁ বুলি ওলাই যোৱা জোৱানজনৰ আজিলৈ কোনো শুংসূত্ৰ নাই ৷ ইফালে অমল দাস সন্ধানহীন হোৱাৰ পৰা দৰমহা লাভ কৰা নাই বুলি অভিযোগ কৰিছে পৰিয়ালে ৷ ফলত দুগৰাকী কন্যা সন্তান আৰু বৃদ্ধা শাহুৱেকক লৈ চাৰিজনীয়া পৰিয়ালটো চলাবলৈ সমস্যাৰ সৃষ্টি হৈছে পত্নীৰ ৷

অমল দাসৰ পত্নীয়ে কয় যে, 20 ফেব্ৰুৱাৰীত আৰক্ষী সঞ্চালক প্ৰধানক লগ কৰাৰ পাচত দৰমহা হ'ব বুলি কৈছিল ৷ কিন্তু আজিলৈকে নহ'ল ৷ পাণবজাৰ অগ্নিনিৰ্বাপক বাহিনীৰ মুখ্য কাৰ্যালয়ৰ পৰা কৈছে 7 বছৰলৈ দৰমহা নহ'ব ৷ 7 বছৰলৈ দৰমহা নহ'লে কেনেকৈ পৰিয়াল চলিব বুলি মন্তব্য কৰে তেওঁ ৷ 

লগতে পঢ়ক : অভিযোগ অনেক; পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰ্পণা শৰ্মাক নিলম্বন - Officer Arpana Sharma Suspended

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.