মাজুলীৰ গড়মূৰ শংকৰদেৱ বিদ্যা নিকেতনত ককা-আইতা দিৱস উদযাপন - Special honour to grandparents

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 5:21 PM IST

thumbnail
মাজুলীত ককা-আইতা দিৱস উদযাপন (ETV Bharat Assam)

মাজুলী,১ জুন: মাজুলীৰ এখন বিদ্য়ালয়ৰ এক ব্যতিক্ৰমী পদক্ষেপ । বৰ্তমান সমাজত প্ৰায়েই এলাগী হৈ থকা ককা-আইতাৰ বাবে গ্ৰহণ কৰিলে এই বিশেষ পদক্ষেপ । মাজুলীৰ গড়মূৰ শংকৰদেৱ বিদ্যা নিকেতনত শনিবাৰে উদযাপন কৰা হয় ককা-আইতা দিৱস । বৰ্তমান সংকীৰ্ণ সমাজখনত আধুনিকতাৰ দৌৰত নিজৰ পিতৃ-মাতৃকো অৱহেলা কৰি এচাম মানুহে বৃদ্ধাশ্ৰমত ৰাখিছে । সেই সময়ছোৱাতেই মাজুলীৰ গড়মূৰ নিকেতনে ছাত্র-ছাত্ৰীসকলক দেখুৱালে এক আদৰ্শ । নিকেতনখনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ ককাক, আইতাকসকলক বিদ্যালয়খনলৈ নিমন্ত্ৰণ জনাই ধূপ, চাকি বন্তিৰে চৰণ চুই পূজন কৰে তেওঁলোকৰে নাতি-নাতিনীসকলে ।  

ককা-আইতাসকলক নিকেতনখনলৈ আদৰি আনি ভৰি হাত ধুৱাই মন্ত্ৰোচ্চাৰণৰ লগে লগে ভৱিষ্যৎ দিনত এজন আদৰ্শ ব্যক্তি হ'বলৈ ককাক, আইতাকৰ পৰা আশীৰ্বাদ বিচাৰে এইসকল নাতি-নাতিনীয়ে । গড়মূৰ শংকৰদেৱ বিদ্যা নিকেতনত অধ্যয়নৰত ছাত্র-ছাত্রীসকলক পাঠ্যপুথিৰ শিক্ষাৰ বাহিৰেও সমাজ জীৱনৰ লগত জড়িত হৈ থকা এনে কিছু বিষয়ৰ ওপৰত শিক্ষাদান কৰি অহা হৈছে । বিদ্যালয়খনৰ এনে কামক শলাগ লৈছে বিভিন্নজনে ।  

লগতে পঢ়ক: পৰ্যটকৰ বাবে বন্ধ হ’ল কাজিৰঙা - Tourism In Kaziranga Shuts Down

বিশ্ব ধঁপাতবিৰোধী দিৱস : সজাগতামূলক শোভাযাত্ৰা ছাত্ৰ-ছাত্ৰীৰ - WORLD NO TOBACCO DAY

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.