Garib Kalyan Sammelan: ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

By

Published : May 31, 2022, 10:55 PM IST

thumbnail

মঙলবাৰে সমগ্ৰ দেশৰ লগতে অসমৰ ডিব্ৰুগড়তো অনুষ্ঠিত হৈ যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাৰ্চুৱেল সভা(Virtual meeting with PM at Dibrugarh) ৷ য'ত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী(Rameswar Teli in Dibrugarh) ৷ 'আজাদী কা অমৃত মহোৎসৱ'ৰ লগত সংগতি ৰাখি তথা নৰেন্দ্ৰ মোডী চৰকাৰৰ ৮ বছৰ পূৰ্ণ (Eight Years Of Modi Govt) হোৱাৰ উপলক্ষে মঙলবাৰে দেশজুৰি গৰীৱ কল্যাণ আঁচনিৰ অন্তৰ্গত বিভিন্ন আঁচনিৰ হিতাধিকাৰীক ভাৰ্চুৱেলী সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে(Pradhan Mantri Garib Kalyan Yojana) ৷ ছিমলাৰ পৰা সম্বোধন কৰা এই ভাৰ্চুৱেল অনুষ্ঠান গুৱাহাটী, শিৱসাগৰ, ডিব্ৰুগড়কে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হয় । উল্লেখ্য যে, ডিব্ৰুগড়ৰ মানকটা চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত এই সভাত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, বিনোদ হাজৰিকাৰ লগতে দলৰ কৰ্মীসকল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.