ETV Bharat / bharat

লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বলপুৰৰ বাসগৃহত মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - CM Himanta in Sambalpur

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 11:02 PM IST

Lakshminath Bezbaruas residency: নিৰ্বাচনী প্ৰচাৰৰ মাজতে লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি বিজড়িত গৃহত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ ওড়িশাৰ সম্বলপুৰত থকা ৰসৰাজৰ তাহানিৰ বাসগৃহ পৰিদৰ্শন কৰিলে মুখ্য়ন্ত্ৰীয়ে ৷

CM HIMANTA IN SAMBALPUR
Lakshminath Bezbaruas residency (HIMANTA BISWA SARMA X HANDLE)

নিউজ ডেস্ক, 23 মে’: ওড়িশাৰ সম্বলপুৰত থকা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ গৃহ পৰিদৰ্শন অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে ৰসৰাজৰ স্মৃতি বিজড়িত গৃহটো পৰিদৰ্শন কৰে ড৹ শৰ্মাই ৷ অসমীয়া সাহিত্যৰ কাণ্ডাৰী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৰণত এক উল্লেখযোগ্য পদক্ষেপ উন্মোচন কৰে শৰ্মাই । এই পদক্ষেপৰ লগত জড়িত আছে সম্বলপুৰত বেজবৰুৱাৰ বাসগৃহৰ মেৰামতি ।

২৫ মে'ত সম্বলপুৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । বিজেডিৰ তিনিবাৰৰ বিধায়ক প্ৰণৱ প্ৰকাশ দাস আৰু কংগ্ৰেছৰ নগেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে ধৰ্মেন্দ্ৰ প্ৰধানে এই সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে ৷

অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ওড়িশাৰ মুখ্যমন্ত্রী নবীন পাটনায়কৰ সন্দর্ভত গুৰুতৰ উদ্বেগ প্ৰকাশ কৰে ৷ বিজু জনতা দলৰ নেতা ভি কে পাণ্ডিয়ানে পাটনায়কক কার্যকৰীভাৱে বন্দী কৰি স্বতন্ত্রভাৱে মত বিনিময় কৰাৰ ক্ষমতাত বাধা প্রদান কৰাৰ অভিযোগ উত্থাপন কৰে ড৹ শৰ্মাই ।

লগতে পঢ়ক: পণবন্দী পৰিস্থিতিত আছে মুখ্যমন্ত্ৰী: নবীন পাটনায়ক সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ চাঞ্চল্যকৰ দাবী - lok sabha election 2024

মুখ্যমন্ত্ৰী হিচাপে তেওঁ অকলে ভ্ৰমণ কৰে, মুক্তভাৱে মানুহক লগ পায়, সংবাদ মাধ্যমৰ বাবে সুলভ বুলিও তেওঁ উল্লেখ কৰে । ইয়াৰ বিপৰীতে পাটনায়কক পাণ্ডিয়ানক কাষত নথকা অৱস্থাত কেতিয়াও দেখা নাযায় বুলি শৰ্মাই কয় ৷ ‘‘ময়ো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, কিন্তু মই অকলে আহিছো । মই অকলে কথা ক’ব পাৰো, মানুহক লগ কৰিব পাৰো, আৰু মানুহে মোক লগ পাব পাৰে ৷ ঠিক যেনেকৈ আপোনালোক সকলোৱে (মিডিয়া ব্যক্তি) এতিয়া মোক লগ পাইছে ।’’ শৰ্মাই কয় ৷

কিন্তু ওড়িশাৰ মুখ্যমন্ত্ৰীয়ে অকলে কাকো লগ কৰিব নোৱাৰে, অকলে মানুহৰ লগত কথা পাতিব নোৱাৰে, ভি কে পাণ্ডিয়ানো সদায় তেওঁৰ লগত থাকে । নবীন বাবু নিজেই পাণ্ডিয়ানৰ লগত আছে নে পাণ্ডিয়ানে কিবা খেল খেলিছে সেয়া বুজিব পৰা নাই ৷ যাৰ বাবে নবীন বাবু পাণ্ডিয়ানৰ কবলৰ পৰা ওলাই আহিব নোৱাৰে বুলি শৰ্মাই লগতে কয় ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ সুস্বাস্থ্য কামনা কংগ্ৰেছ নেতা পৱন খেড়াৰ; কিন্তু কিয় ? - Congress On Himanta Sarma

তেওঁ পৰামৰ্শ দিয়ে যে উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশ, এজন নিৰপেক্ষ ব্যক্তিয়ে পাটনায়কৰ সৈতে ব্যক্তিগতভাৱে কথা পাতিব লাগে ৷ তেওঁৰ কল্যাণৰ মূল্যায়ন কৰিব লাগে আৰু তেওঁ জোৰ-জবৰদস্তিৰ সন্মুখীন নহয় বুলি নিশ্চিত কৰিব লাগে ।

"মই বিশ্বাস কৰোঁ যে এজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে নবীন বাবুৰ সৈতে অকলে কথা পাতিব লাগে, তেওঁ সুখী নে আৰু তেওঁ ঠিক আছে নে নাই সেয়া জানিব লাগে । মই উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ কথা কৈছোঁ, কাৰণ তেওঁলোক নিৰপেক্ষ হ'ব । এবাৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এজনে নবীন বাবুৰ সৈতে অকলে কথা পাতিব লাগে ৷ মই বিজেডিৰ বহু বন্ধুৰ লগত কথা পাতিছো, আৰু যোৱা ১০ বছৰত কোনেও তেওঁক অকলে লগ পোৱা নাই ৷ যেতিয়াই লগ পায় পাণ্ডিয়ান তেওঁৰ লগত থাকে, আৰু নবীন বাবুৱে মাথোঁ 'ok ok' বুলি কয়, ইয়াতকৈ বেছি একো নকয় ।" ড৹ শৰ্মাই কয় ৷

সাংবিধানিকভাৱে নিৰ্বাচিত এজন মুখ্যমন্ত্ৰী যদি পণবন্দী অৱস্থাত থাকে, তেন্তে সেয়া দেশৰ বাবে ভাল নহয় আৰু ওড়িশাৰ বাবেও ভাল নহয় বুলি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় ৷

লগতে পঢ়ক: মোদী 'ভক্ত' ভগৱান জগন্নাথ; কি কৈ পেলালে সম্বিত পাত্ৰই - Sambit Patra Jagannath controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.