ETV Bharat / state

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Oct 27, 2022, 7:13 PM IST

TOP 10 AT 7 PM
7 বজাৰ 10 টা শীৰ্ষ বাতৰি

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

Nipon Goswami death : অশ্ৰুসিক্ত নয়নেৰে বিদায় নিপন গোস্বামীক

অসমীয়া চলচ্চিত্ৰ জগতত শোকৰ বন্যা নিগৰিছে । বিশিষ্ট অভিনেতা তথা পৰিচালক নিপন গোস্বামীৰ মৃত্যুত মৰ্মাহত ৰাজ্যবাসী (Veteran Actor Nipon Goswami dies)। মৃত্যুৰ খবৰ পোৱাৰ লগে লগে ছবিজগতৰ অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীয়ে ভিৰ কৰিছে নেমকেয়াৰ হাস্পতালত । শোকত ভাগি পৰিছে অভিনেতাগৰাকীৰ পৰিয়াল । পিতৃৰ শোকত ভাগি পৰা পুত্ৰ তথা অভিনেতা সিদ্ধাৰ্থ গোস্বামী আৰু বোৱাৰী তথা অভিনেত্ৰী কিংকিনী ভট্টাচাৰ্যক সান্ত্বনা দিয়াৰ প্ৰয়াস কৰিছে বিভিন্নজনে ।

Nipon Goswami death : নিপন গোস্বামীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

নিপন গোস্বামীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Modi condoles death of Nipon Goswami)। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে অসমীয়াতে টুইটযোগে শোক প্ৰকাশ কৰিছে । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো জনপ্ৰিয় অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

Actor Nipon Goswami is no more: ৰাজনৈতিক মহলত শোকৰ ছাঁ

অসমীয়া চলচ্চিত্ৰ জগতৰ চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ বিয়োগে সকলোকে জোকাৰি গ’ল । দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাগৰাকী। অৱশেষত নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে (Actor Nipon Goswami is no more) । তেখেতৰ মৃত্যুত চলচিত্ৰ জগতৰ লগতে ৰাজনৈতিক জগততো গভীৰ শোকৰ ছাঁ পৰিছে (Assamese politician expresses condolences message) ৷ অভিনেতা নিপন গোস্বামী দেৱৰ মৃত্যুত অসম চৰকাৰৰ মন্ত্ৰী ৰণিজৎ কুমাৰ দাস (Ranjeet Kumar Dass message on Nipon Goswami demise), বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ (Pramod Boro message on Nipon Goswami demise) লগতে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীও (MLA olen Daimary) গভাৰ শোক প্ৰকাশ কৰিছে ৷

Actor Nipon Goswami is no more: অভিনেতা নিপন গোস্বামীৰ মৃত্যুত স্তদ্ধ অসমীয়া চলচিত্ৰ জগত

অভিনেতা নিপন গোস্বামীৰ বিয়োগে জোকাৰি গ’ল চলচিত্ৰ জগত (Actor Nipon Goswami is no more) ৷ দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাজন ৷ চিৰসেউজ অভিনেতাগৰাকীৰ অভিনয়ৰ প্ৰতিভাই সকলোকে কৰি ৰাখিছিল বিস্ময়বিমুগ্ধ (Assamese film industry) । তেখেতৰ বিয়োগৰ লগে লগে অসমীয়া চিনেমালৈ নামি আহিল অজান শূন্যতা (Veteran Assamese actor Nipon Goswami dies at 80) । অভিনেতা নিপন গোস্বামী দেৱৰ মৃত্যুত (Actor Nipon Goswami passed away) অভিনেতা অৰুণ হাজৰিকা, উপায়ুক্ত পল্লৱ গোপাল ঝা, বিশিষ্ট ছবি নিৰ্মাতা অৰূপ হাজৰিকা, গোপাল জালানে শোক প্ৰকাশ কৰে ৷

Actor Nipon Goswami is no more : জ্যেষ্ঠ অভিনেতা দিনেশ দাসৰ শোক প্ৰকাশ

‘‘মোৰ বন্ধু নিপন আৰু নাই ৷ গ’ল গৈ অ’ নিপন ৷ মই বৰ দুখ পাইছো’’ ৷ একালৰ বন্ধু প্ৰয়াত নিপন গোস্বামীক শেষ শ্ৰদ্ধা জনাবলৈ আহি শোকত ভাগি পৰিল জ্যেষ্ঠ অভিনেতা দিনেশ দাস (Dinesh Das expresses condolences message on actor Nipon Goswami demise) ৷ অন্তিম শয়নত থকা অমসীয়া ছবিজগতৰ মহীৰূহ নিপন গোস্বামীক ইতিমধ্যে নেমকেয়াৰ হাস্পতালৰ পৰা জ্যোতি চিত্ৰবনলৈ লৈ যোৱা হৈছে (Pass away Veteran Actor Nipon Goswami) ৷ আজিৰে পৰা শুকুৰবাৰে পুৱা 9 বজালৈকে প্ৰয়াত নিপন গোস্বামীৰ পাৰ্থিৱ শৰীৰ জ্যোতি চিত্ৰবনতে ৰখা হ’ব ৷

Actor Nipon Goswami dies : নিপন গোস্বামীৰ মৃত্যুত মৰ্মাহত বিমল বড়া

ৰাজ্যবাসীক কন্দুৱাই বৃহস্পতিবাৰে স্বৰ্গগামী হ'ল অসমীয়া ছবি জগতৰ বলিষ্ঠ অভিনেতা নিপন গোস্বামী (Veteran Actor Nipon Goswami is no more)। প্ৰিয় অভিনেতাগৰাকীক হেৰুৱাই মৰ্মাহত হৈছে অসমবাসী । সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে । বিশিষ্ট চলচ্চিত্ৰ অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই (Bimal Bora condoles death of Nipon Goswami)। বিশিষ্ট অভিনেতাগৰাকীৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে । টিংখাঙৰ লেঙেৰীত মন্ত্ৰীগৰাকীয়ে শোক প্ৰকাশ কৰি কয় যে বিশিষ্ট অভিনেতাগৰাকীৰ মৃত্যু অসমীয়া ছবি জগতৰ লগতে সমাজ জীৱনৰ বাবেও অপূৰণীয় ক্ষতি । তেওঁৰ অৱদানে অসমৰ সাংস্কৃতিক জগতখনক উৎসাহিত কৰি যাব বুলিও আশাবাদী মন্ত্ৰীগৰাকী ।

Nipon Goswami Dies : কামেৰে পৰিচয় দিব পৰা এজন মানুহ হেৰুৱালোঁ : বিষ্ণু খাৰঘৰীয়া

জীৱন নাট সামৰিলে বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে (Veteran Actor Nipon Goswami Pass away) ৷ জীৱন বাটৰ শেষত শান্তিৰ ঠাইকণ বিচাৰি আজি গ’লগৈ অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামী ৷ এইগৰাকী মহীৰূহৰ মৃত্যুত অসমীয়া ছবি জগতৰ লগতে সকলোতে পৰিছে এতিয়া শোকৰ ছাঁ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো অভিনেতা নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে (CM grief on death of Nipon Goswami) ৷ আনহাতে, ৰাজ্যিক মৰ্যাদাৰে অভিনেতা নিপন গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰাৰ কথাও অসম চৰকাৰে ঘোষণা কৰিছে (Nipon Goswami state dignity Funeral) ৷

Tripura Gangrape : দলবদ্ধ ধৰ্ষণ কাণ্ডত ত্ৰিপুৰাত ৬ অভিযুক্তক গ্ৰেপ্তাৰ

ত্ৰিপুৰাত এক দলবদ্ধ ধৰ্ষণ কাণ্ডত (sensational gang rape in Tripura) বিৰোধী দলবোৰে অভিযুক্ত কৰিছে এজন মন্ত্ৰীৰ পুত্ৰক । তাৰ মাজতে ত্ৰিপুৰা আৰক্ষীয়ে ৰাজনৈতিক বিতৰ্ক কঢ়িয়াই অনা চাঞ্চল্যকৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ সন্দৰ্ভত মুঠ ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছে (6 arrested in Tripura related with gang rape) ।

Gambler Arrest in Manikpur: মাণিকপুৰত আৰক্ষীৰ জালত ১১ জুৱাৰী

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে ১১ জন (Gambler arrested at Manikpur) জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে । অদলাগুৰী আৰু পাতিলাদহাৰ (Gambler arrest in Adlaguri and Patiladaha) পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জুৱাৰী কেইটাক । বুধবাৰে নিশা কালি-পূজাৰ গইনা লৈ অনুষ্ঠিত কৰিছিল বৃহৎ জুৱাখেল (Gambling game at Bongaigaon)। জুৱা খেল চলি থকাৰ সময়তে মাণিকপুৰ আৰক্ষীয়ে অভিযান চলাই জুৱাৰীকেইটাক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ অভিযানত পাতিলাদহাৰ পৰা সহদেৱ কৰ্মকাৰ, পিন্টু বিশ্বাস, বিকাশ কৰ্মকাৰ, বিনয় কৰ্মকাৰ, সুজন কৰ্মকাৰ আৰু অশোক শীলক গ্ৰেপ্তাৰ কৰে । ইপিনে, অদলাগুৰীৰ পৰা টিকেন ৰায়, দিলীপ ৰায়, ভৈৰৱবুদ্ৰা ৰায়, দেৱৰাম বৰা আৰু ভগোৰাম ৰায়ক কৰায়ত্ব কৰে । তদুপৰি আৰক্ষীয়ে নগদ ৯,০৭০ টকা আৰু জুৱাখেলৰ সামগ্ৰী জব্দ কৰে । জুৱাৰীকেইটাৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি আজি অৰ্থাৎ বৃহস্পতিবাৰে আদালতত হাজিৰ কৰাই ।

Benefits of Lemon grass: Lemon grassৰ গুণকাৰী দিশসমূহৰ বিষয়ে জানো আহক

আপুনি নিশ্চয় বহুবাৰ শুনিছে যে ছালৰ যত্নৰ ৰুটিনত Lemon Grass যোগ কৰিলে ছালৰ মানদণ্ড উন্নত হয় । কেৱল এয়াই নহয়, চুলিৰ বাবেও Lemon Grass তেল অতি উত্তম বুলি গণ্য কৰা হয় । Lemon Grassৰ নাম শুনি বহু মানুহৰ মনত এটা প্ৰশ্ন উত্থাপন হয় যে Lemon Grass কি ? জানো আহক ইয়াৰ বিশেষত্ব-

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.