ETV Bharat / state

Nipon Goswami Death : নিপন গোস্বামীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

author img

By

Published : Oct 27, 2022, 5:16 PM IST

Updated : Oct 27, 2022, 10:20 PM IST

নিপন গোস্বামীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Modi condoles death of Nipon Goswami)। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে অসমীয়াতে টুইটযোগে শোক প্ৰকাশ কৰিছে । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো জনপ্ৰিয় অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

Nipon Goswami death
নিপন গোস্বামীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

গুৱাহাটী,২৭ অক্টোবৰ : অসমীয়া ছবি জগতৰ জ্যেষ্ঠ তথা জনপ্ৰিয় অভিনেতা নিপন গোস্বামী আৰু নাই (Veteran actor Nipon Goswami dies) ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে । তেওঁৰ মৃত্যুত ৰাজ্যত শোকৰ ছাঁ পৰিছে । ইতিমধ্যে অভিনেতাগৰাকীৰ মৃত্যুত বিভিন্নজনে শোক প্ৰকাশ কৰিছে ।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে (PM Modi condoles death of Nipon Goswami)। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা অসমীয়াতে কৰা এক টুইট শোক বাৰ্তাত লিখিছে, "অসমীয়া চলচ্চিত্ৰ জগতলৈ অগ্ৰণী অৱদান আগবঢ়োৱা নিপন গোস্বামীৰ মৃত্যুত মৰ্মাহত হৈছোঁ । তেওঁৰ বৈচিত্ৰময় কৰ্মৰাজিক চলচ্চিত্ৰ প্ৰেমীয়ে স্মৰণ কৰিব । তেওঁৰ পৰিয়াল আৰু প্ৰশংসকসকললৈ সমবেদনা জনাইছো ।"

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অভিনেতা নিপন গোস্বামীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে (Sarbananda Sonowal condoles death of Nipon Goswami)। তেওঁ উল্লেখ কৰিছে, "অসমৰ সাংস্কৃতিক আকাশৰ পৰা নোহোৱা হ'ল এটি উজ্জ্বল ভোটা তৰা । আমাৰ সকলোৰে প্ৰিয় নিপনদাৰ প্ৰয়াণৰ খবৰ পাই শোকস্তব্ধ হৈ পৰিছোঁ । তাহানিতে ৰূপালী পৰ্দাত সুদৰ্শন নায়ক নিপনদা অভিনীত বহুকেইখন জনপ্ৰিয় চিনেমা চোৱাৰ সোণালী দিনবোৰ মনত পুনৰ ভাঁহি উঠিছে ।"

১৯৬০ চনৰ পৰা অজস্ৰ দৰ্শকৰ হৃদয়ত সাঁচ বহুৱাই সৌ সিদিনালৈ অসমীয়া চলচ্চিত্ৰ জগতত সপ্ৰতিভ হৈ থকা নিপন গোস্বামীৰ বিয়োগ অসমৰ সাংস্কৃতিক জগতৰ বাবে এক বৃহৎ ক্ষতি বুলিও তেওঁ উল্লেখ কৰে । বিভিন্ন স্মৰণীয় চৰিত্ৰ ৰূপায়ণেৰে অভিনয়ৰ ক্ষেত্ৰলৈ আগবঢ়াই থৈ যোৱা নিপন গোস্বামীৰ অনবদ্য অৱদান ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিব বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ।

ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে অভিনেতাগৰাকীৰ মৃত্যুত শোকবাৰ্তা প্ৰেৰণ কৰিছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাইও অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে (Bhupen Bora condoles death of Nipon Goswami)। শোক প্ৰকাশ কৰি ভূপেন বৰাই কয় যে নিপন গোস্বামীৰ দৰে এগৰাকী ব্যতিক্ৰমী অভিনেতাৰ মৃত্যুৰ খবৰে তেওঁক মৰ্মাহত কৰিছে ।

তেওঁৰ মতে অসমীয়া চলচ্চিত্ৰক দৰ্শকৰ ওচৰলৈ লৈ যোৱাৰ সংগ্ৰামত অবিৰত যুঁজ দিয়া সকলৰ মাজত অন্যতম আছিল নিপন গোস্বামী । তেওঁৰ মৃত্যু অসমীয়া চলচ্চিত্ৰ আৰু সামগ্ৰিকভাৱে অসমৰ সাংস্কৃতিক জগতখনলৈ অপূৰণীয় ক্ষতি বুলিও উল্লেখ কৰে বৰাই । 'সংগ্ৰাম'ৰ পৰা 'শেষ অংগীকাৰ'লৈকে বহু কেইখন চলচ্চিত্ৰত বৈচিত্ৰপূৰ্ণ অভিনয়ৰ বাবে ৰাজ্যবাসীৰ মাজত নিপন গোস্বামী চিৰস্মৰণীয় হৈ ৰ'ব বুলিও উল্লেখ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়ালবৰ্গ আৰু গুণগ্ৰাহীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । ইফালে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনেও অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । বড়ো সাহিত্য সভাইও প্ৰেছ বিজ্ঞপ্তিযোগে অভিনেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ (Bodo Sahitya Sabha condoles death of Nipon Goswami) কৰিছে ।

আনহাতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়েও বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷

লগতে পঢ়ক :Actor Nipon Goswami is no more: ৰাজনৈতিক মহলত গশোকৰ ছাঁ

Last Updated : Oct 27, 2022, 10:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.