ETV Bharat / bharat

Tripura Gangrape : দলবদ্ধ ধৰ্ষণ কাণ্ডত ত্ৰিপুৰাত ৬ অভিযুক্তক গ্ৰেপ্তাৰ

author img

By

Published : Oct 27, 2022, 2:07 PM IST

ত্ৰিপুৰাত এক দলবদ্ধ ধৰ্ষণ কাণ্ডত (sensational gang rape in Tripura) বিৰোধী দলবোৰে অভিযুক্ত কৰিছে এজন মন্ত্ৰীৰ পুত্ৰক । তাৰ মাজতে ত্ৰিপুৰা আৰক্ষীয়ে ৰাজনৈতিক বিতৰ্ক কঢ়িয়াই অনা চাঞ্চল্যকৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ সন্দৰ্ভত মুঠ ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছে (6 arrested in Tripura related with gang rape) ।

rape
rape

আগৰতলা, ২৭ অক্টোবৰ : ত্ৰিপুৰাত এক দলবদ্ধ ধৰ্ষণ কাণ্ডত (sensational gang rape in Tripura) বিৰোধী দলবোৰে অভিযুক্ত কৰিছে এজন মন্ত্ৰীৰ পুত্ৰক । তাৰ মাজতে ত্ৰিপুৰা আৰক্ষীয়ে ৰাজনৈতিক বিতৰ্ক কঢ়িয়াই অনা চাঞ্চল্যকৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ সন্দৰ্ভত মুঠ ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছে (6 arrested in Tripura related with gang rape) ।

উল্লেখ্য, ঘটনাটো সংঘটিত হৈছিল ত্ৰিপুৰাৰ উনাকোটি জিলাৰ অন্তৰ্গত কুমাৰঘাটত ৷ ইটিভি ভাৰতক আৰক্ষীয়ে (Tripura Police) প্ৰকাশ কৰা মতে, মঙলবাৰে নিশা আৰক্ষীয়ে বাপতু দাস আৰু ৰাজেশ মালাকাৰ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে । ইয়াৰ পূৰ্বে পাপিয়া দেৱ নামৰ এগৰাকী মহিলা জড়িত থকা জঘন্য কাণ্ডৰ গোচৰটোৰ সন্দৰ্ভত ইতিমধ্যে চাৰিজনক গ্ৰেপ্তাৰ কৰা হৈছিল ।

"২০/১০/২০২২ তাৰিখে ফাটিক্ৰয় আৰক্ষী থানাত ধৰ্ষণৰ এটা ঘটনাৰ গোচৰ ৰুজু কৰা হৈছিল । তথ্য পোৱাৰ পিছত আৰক্ষীয়ে লগে লগে Fatikroy PS case No. 2022FTK045 U/S 376 (3)/ 109 IPC AND SEC 04 POCSO ACT নম্বৰৰ এটা গোচৰ ৰুজু কৰে (POCSO ACT) । গোচৰটো পঞ্জীয়ন কৰাৰ পিছত চিকিৎসা পৰীক্ষা আৰু ভুক্তভোগী যুৱতীগৰাকীৰ ন্যায়িক বিবৃতি (judicial statement of victim girl) লিপিবদ্ধ কৰাকে ধৰি সকলো প্ৰয়োজনীয় আইনী পদক্ষেপ লোৱা হৈছে ।

প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে ভুক্তভোগী যুৱতীগৰাকীক তেওঁৰ বন্ধুৰ (অন্য এগৰাকী মহিলা) দ্বাৰা কুমাৰঘাটৰ এটা ভাড়াঘৰলৈ মাতি লৈ যোৱা হৈছিল, য'ত এটা পাৰ্টী চলি আছিল । তাৰ পিছত যুৱতীগৰাকীক এটা কোঠালৈ লৈ যোৱা হয় আৰু পানীয় দিয়া হয় । পৰৱৰ্তী সময়ত যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰা হয় ।" আৰক্ষীৰ বিবৃতিত লগতে কোৱা হৈছে ।

আৰক্ষীয়ে লগতে কয় যে আৰক্ষীয়ে অভিযুক্ত ব্যক্তিসকলৰ বিৰুদ্ধে নিৰ্দিষ্ট প্ৰমাণ পোৱাৰ পিছত গ্ৰেপ্তাৰ কৰিছে । "আৰক্ষীয়ে অনুসন্ধানৰ বাবে বৈজ্ঞানিক সহায় আৰু অন্যান্য ফৰেনচিক কৌশল ব্যৱহাৰ কৰি আছে । সংগ্ৰহ কৰা প্ৰমাণৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে অপৰাধটো সংঘটিত কৰাত তেওঁলোকৰ ভূমিকাৰ বাবে গোচৰটোৰ সন্দৰ্ভত 6 জন লোকক গ্ৰেপ্তাৰ কৰিছে ।" বিবৃতিটোত সংযোগ কৰা হৈছে ।

লগতে পঢ়ক :Tripura BJP : মন্ত্ৰীপুত্ৰ ধৰ্ষণতৰ্ষ জড়িতৰ অভিযোগ নাকচ ত্ৰিপুৰা বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.