ETV Bharat / politics

ৰাইজৰ মৰম আৰু আৰ্শীবাদৰ বাবে বিজেপিৰ চক্ৰবেহু পৰা ওলাই আহিবলৈ সক্ষম হ’লো: গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 12:08 PM IST

Gaurav Gogoi : যোৰহাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উৎসৱমুখৰ পৰিস্থিতি ৷ গৌৰৱ গগৈয়ে সমৰ্থকসকলৰ লগত বিহু নৃত্য কৰি মিঠাই খাই বিজয় উৎসৱ পালন কৰে ৷

assam LOK SABHA ELECTION RESULTS 2024
তপন গগৈৰ পৰা কি উপদেশ বিচাৰিলে নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈয়ে ? (etv bharat assam)

যোৰহাট, 5 জুন : "এই বিজয়, মোৰ পিতৃৰ আশীৰ্বাদ আৰু ৰাইজৰ মৰমৰ প্ৰতিদান ৷ যোৰহাটবাসীয়ে বিবেকেৰে মোক ভোট দি জয়যুক্ত কৰাৰ বাবে অশেষ ধন্যবাদ ৷" যোৰহাট লোকসভা সমষ্টিত প্ৰায় ডেৰ লাখ ভোটৰ ব্যৱধানত বিজয়ৰ হাঁহি মাৰি কংগ্ৰেছী প্ৰাৰ্থী গৌৰৱ গগৈয়ে এই মন্তব্য প্ৰকাশ কৰে ৷

লগতে নৱনিৰ্বাচিত সাংসদগৰাকীয়ে তেওঁৰ এই বিজয়ত কেইবাগৰাকীও বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ হাত আছে বুলি মন্তব্য কৰে ৷ তেওঁ কয় যে, ষ্টাৰ কেম্পেইনাৰ কেইগৰাকীৰ নিৰ্বাচনী প্ৰচাৰে গগৈৰ বাবে বিজয়ৰ পথ প্ৰশস্ত কৰিছিল ৷

মঙলবাৰে জয়ী হোৱাৰ বাতৰি লাভ কৰিয়েই পোনে পোনে নিশাই যোৰহাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হৈ দলীয় সমৰ্থকসকলৰ সৈতে মত বিনিময় কৰে গৌৰৱ গগৈয়ে ৷ প্ৰাৰ্থীগৰাকীক নিচেই কাষত লগ পাই দলীয় কৰ্মীসকল অধিক উৎসাহিত হৈ পৰাৰ লগতে আতচবাজী ফুটাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় । গৌৰৱ গগৈয়ে সমৰ্থকসকলৰ লগত বিহু নৃত্য কৰি মিঠাই খাই বিজয় উৎসৱ পালন কৰে ৷

তাৰ পিচতে যোৰহাট জিলা কংগ্ৰেছ কাৰ্যালয়ত উপস্থিত হৈ গৌৰৱ গগৈয়ে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি কয়, "ৰাইজে মোৰ পিতৃ তৰুণ গগৈক ভাল পোৱা প্ৰতিদান হিচাপে আৰু পিতৃ আৰ্শীবাদৰ বাবেই মই এই জয়লাভ কৰিবলৈ সক্ষম হ’লো ৷ ৰাইজৰ মৰম আৰু আৰ্শীবাদৰ বাবে মই বিজেপি চক্ৰবেহু পৰা ওলাই আহিবলৈ সক্ষম হ’লো ৷ প্ৰধানমন্ত্ৰী পৰা আদি কৰি দিছপুৰৰ সকলো মন্ত্ৰীয়ে আহি যোৰহাটত বাহৰ পাতি প্ৰচাৰ চলাইছিল, কিন্তু এই ষ্টাৰ কেম্পেইনাৰে মোৰ হৈহে প্ৰচাৰ চলালে ৷"

লগতে গৌৰৱ গগৈয়ে অনাগত সময়ত বিভিন্ন কাম-কাজৰ বাবে তপন গগৈৰ পৰা দিহা পৰামৰ্শ বিচাৰে ৷ লগতে কয় যে, আগন্তুক সময়ত তেওঁ নিজ সমষ্টিটোৰ যাতায়ত, উচ্চ শিক্ষা আৰু স্বাস্থ্য আদি কৰি বিভিন্ন উন্নয়নমূলক কামক অগ্ৰাধিকাৰ দিব ৷

ইয়াৰ লগতে গৌৰৱ গগৈয়ে পূৰ্বৰ যোৰহাট লোকসভা প্ৰয়াত সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰী বিজয়কৃষ্ণ সন্দিকৈৰ কাম-কাজ লগতে তেওঁলোকৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰি সেই গৰিমা অক্ষুন্ন ৰাখিব বুলি সকলোকে কথা দিয়ে ।

লগতে পঢ়ক: যোৰহাটত কেনেকৈ চক্ৰবেহু ফালিলে অভিমন্যুৱে ? - LOK SABHA ELECTION RESULTS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.