Nipon Goswami death : অশ্ৰুসিক্ত নয়নেৰে বিদায় নিপন গোস্বামীক

By

Published : Oct 27, 2022, 5:36 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

অসমীয়া চলচ্চিত্ৰ জগতত শোকৰ বন্যা নিগৰিছে । বিশিষ্ট অভিনেতা তথা পৰিচালক নিপন গোস্বামীৰ মৃত্যুত মৰ্মাহত ৰাজ্যবাসী (Veteran Actor Nipon Goswami dies)। মৃত্যুৰ খবৰ পোৱাৰ লগে লগে ছবিজগতৰ অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীয়ে ভিৰ কৰিছে নেমকেয়াৰ হাস্পতালত । শোকত ভাগি পৰিছে অভিনেতাগৰাকীৰ পৰিয়াল । পিতৃৰ শোকত ভাগি পৰা পুত্ৰ তথা অভিনেতা সিদ্ধাৰ্থ গোস্বামী আৰু বোৱাৰী তথা অভিনেত্ৰী কিংকিনী ভট্টাচাৰ্যক সান্ত্বনা দিয়াৰ প্ৰয়াস কৰিছে বিভিন্নজনে । আছুকে ধৰি বিভিন্ন দল-সংগঠনেও হাস্পতালত অভিনেতাগৰাকীক শেষ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে (Last tribute to actor Nipon Goswami)। অভিনেতাগৰাকীৰ মৃতদেহ হাস্পতালৰ পৰা শিলপুখুৰীস্থিত তেওঁৰ বাসগৃহলৈ অনাৰ পাছতে অগণন অনুৰাগীয়ে ভিৰ কৰিছে । বিভিন্নজনে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । ইফালে অভিনেতাগৰাকীৰ নশ্বৰ দেহ বাসগৃহৰ পৰা জ্যোতি চিত্ৰবনলৈ লৈ যোৱা হ'ব । নিশা জ্যোতি চিত্ৰবনতে ৰখা হ'ব অভিনেতাগৰাকীৰ নশ্বৰ দেহ । য'ত বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব । শুকুৰবাৰে ৰাজ্যিক মৰ্যদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব (Funeral of Veteran Nipon Goswami) অসমীয়া ছবিজগতৰ মহীৰূহগৰাকীক ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.