নিশা সংঘটিত হৈছিল দুৰ্ঘটনা, পুৱালৈ পানীত ওপঙি থাকিল মৃতদেহ - Accident in Golaghat

By ETV Bharat Assamese Team

Published : May 12, 2024, 1:23 PM IST

thumbnail
নিশা সংঘটিত হৈছিল দুৰ্ঘটনা, পুৱালৈ পানীত ওপঙি থাকিল মৃতদেহ (ETV Bharat Assam)

সৰুপথাৰ ১২ মে' : গোলাঘাট জিলাৰ নাওজানত শোকাৱহ পথ দুৰ্ঘটনা । শনিবাৰে নিশা দুৰ্ঘটনাত পতিত হৈ এজন যুৱকৰ মৃত্যু । পুৱালৈ পানীতে উপঙি থাকিল বাহনসহ যুৱকজনৰ মৃতদেহ । পুৱা হে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো । নাওজানৰ জোনালী পথাৰত সংঘটিত হয় এই দুৰ্ঘটনাটো । নিহত যুৱকজন ১ নং মৰাজানৰ অনুপম গগৈ বুলি চিনাক্ত হৈছে ।

ৰাইজে সন্দেহ কৰা মতে নিশা মটৰ চাইকেলখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰিছিল । ফলত মটৰ চাইকেলসহ আৰোহী যুৱকজনে ওচৰতে থকা জলাশয়ত পৰে । দুৰ্ঘটনাত পতিত মটৰ চাইকেলখনৰ নম্বৰ AS-05-V-6547 । পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ লগে লগে আৰক্ষী আৰু নিহত যুৱকজনৰ পৰিয়ালৰ লোকক খবৰ দিয়ে ।

আৰক্ষীৰ উপস্থিতিত যুৱকজনৰ মৃতদেহ আৰু মটৰ চাইকেলখনৰ পানীৰ পৰা তুলি অনা হয় । আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । এই দুৰ্ঘটনাক লৈ অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

লগতে পঢ়ক :ছুটী লৈ ঘৰলৈ অহাৰহে কথা আছিল, কিন্তু কফিনতহে আহিল নশ্বৰ দেহটো - Soldier Tridip Chutia Death

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.