আচলতে হৈছে কি, এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ, আনগৰাকীৰ মূমূৰ্ষ অৱস্থা - Suspected murder at Kaliabor

By ETV Bharat Assamese Team

Published : May 12, 2024, 5:19 PM IST

thumbnail
ৰহস্যজনক ঘটনা সংঘটিত (Etv Bharat Assam)

চামগুৰি/কলিয়াবৰ, 12 মে’ : কলিয়াবৰত দেওবাৰৰ দিনটোত সংঘটিত এটা কাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ কাৰণ, কলিয়াবৰৰ চিমনাবস্তিত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ ৷ সমান্তৰালভাৱে মূমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰা হৈছে আন এগৰাকী মহিলা ৷

ঘটনাৰ বিৱৰণী অনুসৰি, অঞ্চলটোৰ এটা ঘৰত দীৰ্ঘদিনে বাস কৰি অহা মাইয়া বৰুৱা নামৰ এগৰাকী মহিলাৰ মৃতদেহ দেওবাৰে উদ্ধাৰ হয় ৷ লগতে মূমূৰ্ষ অৱস্থাত উদ্ধাৰ হোৱা মহিলা গৰাকী ববিতা ভৌমিজ বুলি জানিব পৰা গৈছে ৷ দুয়োগৰাকী মহিলাই একেলগে ঘৰটোত বাস কৰি আহিছিল ৷ দুয়োগৰাকী মহিলাই আনৰ ঘৰত কাম কৰি পেট প্ৰৱৰ্তাইছিল বুলি স্থানীয় লোকে সদৰী কৰিছে ৷

উল্লেখ্য যে, প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা অনুসৰি মৃত মহিলাগৰাকীৰ দেহত চিন স্পষ্ট হৈ আছিল আঘাতৰ ৷ ইতিমধ্যে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ ৷ এই ঘটনাই সমগ্ৰ অঞ্চলতে সৃষ্টি কৰিছে ৰহস্যৰ ৷ কিয়নো এই ঘটনা কেনেকৈ সংঘটিত হ’বলৈ পালে সেয়া ভাবি আচৰিত হৈ পৰিছে স্থানীয় ৰাইজে ৷

প্ৰকৃততে দুয়োগৰাকী মহিলাৰ মাজত হোৱা সংঘৰ্ষৰ পৰিণতি নে এয়া কোনো দুৰ্বৃত্তৰ কাণ্ড, তাক লৈ সৃষ্টি হৈছে ৰহস্য ৷ ইতিমধ্যে ঘটনাস্থলীত জিলা আৰক্ষী অধীক্ষক আৰু চামগুৰি আৰক্ষীৰ এটা দল উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে স্নিফাৰ ডগ আৰু ফৰেনচিক টীমৰ সহায়ত চলাব অনুসন্ধান ৷

লগতে পঢ়ক: ঘৰৰ ভিতৰতে পুতি থোৱা হ’ল মহিলাৰ মৃতদেহ - Woman Body Buried In Borjhar

দাৰ ঘাপত মৃত্যু মহিলাৰ, অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ - Goalpara Murder Case

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.