ETV Bharat / sports

টি-২০ ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ ৰেকৰ্ড ডেভিদ ৱাৰ্ণাৰৰ - t20 world cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 8:16 PM IST

David Warner T20I Records : অষ্ট্ৰেলিয়া আৰু ওমানৰ বিৰুদ্ধে খেলা টি-২০ বিশ্বকাপৰ মেচখনত অষ্ট্ৰেলিয়াৰ অপেনাৰ বেটছমেন ডেভিদ ৱাৰ্ণাৰে এক অৰ্ধশতকীয় ইনিংছ উপহাৰ দিয়ে । এই ইনিংছৰ জৰিয়তে ৱাৰ্ণাৰে ক্ৰিছ গেইল আৰু এৰন ফিন্সৰ অভিলেখ ভংগ কৰে ।

David Warner T20I Records
ডেভিদ ৱাৰ্ণাৰ (IANS Photo)

স্পৰ্টছ ডেস্ক, ৬ জুন : চলিত টি-২০ বিশ্বকাপৰ দশমখন মেচ বুধবাৰে কেনিংটন অভেল ষ্টেডিয়ামত অষ্ট্ৰেলিয়া আৰু ওমানৰ মাজত অনুষ্ঠিত হয় । মেচখনত অষ্ট্ৰেলিয়াৰ বিস্ফোৰক অপেনাৰ ডেভিদ ৱাৰ্ণাৰে এক চিত্তাকৰ্ষক অৰ্ধশতকীয় ইনিংছ দলক উপহাৰ দিয়ে । লগতে তেওঁৰ নামত কেইবাটাও অভিলেখ লিপিবদ্ধ কৰায় ।

বাঁওহতীয়া অভিজ্ঞ তথা জ্যেষ্ঠ অপেনাৰ ডেভিদ ৱাৰ্ণাৰে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয় । তেওঁ প্ৰাক্তন অধিনায়ক এৰন ফিন্সক অতিক্ৰম কৰি ইতিহাসৰ পৃষ্ঠাত তেওঁৰ নাম খোদিত কৰায় । বাঁওহতীয়া বেটাৰগৰাকীয়ে ১০৪ খন মেচত ৩১৫৫ ৰাণ সংগ্ৰহ কৰিছে । তেওঁ ফিন্সৰ 3120 ৰাণৰ সংখ্যা অতিক্ৰম কৰে । ফিন্সে ১০৩ খন মেচত 34.28 গড় আৰু 142.53 ষ্ট্ৰাইক ৰেটেৰে এই ৰাণ সংগ্ৰহ কৰিছিল ।

আনহাতে, ক্ৰিছ গেইলৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখো ভংগ হয় অষ্ট্ৰেলিয়াৰ বিস্ফোৰক অপেনাৰ ডেভিদ ৱাৰ্ণাৰৰ হাতত । ইয়াৰ দ্বাৰা বৰ্তমান তেওঁ টি-২০ ক্ৰিকেটত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে । ৩৭ বছৰীয়া ৱাৰ্ণাৰে ওমানৰ বিৰুদ্ধে ৫১ টা বলত ৫৬ ৰাণ সংগ্ৰহ কৰে । তেওঁৰ ইনিংছটো ৬টা চাৰি আৰু এটা ছয়েৰে সমৃদ্ধ আছিল । ৱাৰ্ণাৰে বৰ্তমানলৈকে টি-২০ ক্ৰিকেটত ১১১ টা অৰ্ধশতক অৰ্জন কৰিছে । আনহাতে, গেইলৰ নামত আছে ১১০ টা অৰ্ধশতক । আনহাতে, ভাৰতৰ কিংবদন্তী বেটছমেন বিৰাট কোহলীয়ে ১০৫ টা অৰ্ধশতক অৰ্জন কৰি এই তালিকাৰ তিনি নম্বৰ স্থানত আছে ।

৩৭ বছৰীয়া ৱাৰ্ণাৰ হৈছে বৰ্তমান টি-২০ ক্ৰিকেটত ষষ্ঠ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী । এই তালিকাত ১৪,৫৬২ ৰাণেৰে কেৰিবিয়ান কিংবদন্তী গেইল শীৰ্ষস্থানত আছে । আনহাতে, পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ছোৱেব মালিকে ১৩,৩৬০ ৰাণ সংগ্ৰহ কৰি দ্বিতীয় স্থানত আছে । ইয়াৰ পিচত আছে কেৰিবিয়ান খেলুৱৈ কাইৰন পোলাৰ্ড (১২,৯০০), ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী (১২,৭৩৫) আৰু ইংলেণ্ডৰ অপেনাৰ এলেক্স হেলছ (১২,৩৫৭) ।

ইয়াৰ উপৰি দ্বিতীয় সৰ্বাধিক চাৰি কোবোৱা বাঁওহতীয়া বেটছমেনজনৰ নামত টি-২০ ফৰ্মেটত ১,২৩২ টা চাৰি আছে । ইংলেণ্ডৰ প্ৰাক্তন অপেনাৰ এলেক্স হেলছ এই তালিকাৰ শীৰ্ষত আছে । তেওঁৰ কেৰিয়াৰত 1,368 টা চাৰি কোবাই শীৰ্ষস্থানত আছে ।

লগতে পঢ়ক :টি 20 বিশ্বকাপত সৰ্বাধিক অৰ্ধশতক অৰ্জনকাৰীত পৰিগণিত ডেভিদ ৱাৰ্ণাৰ - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.