ড্ৰাগছ মাফিয়াসহ 16 টাকৈ কণ্টেইনাৰ জব্দ - anti drugs operation

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 2:19 PM IST

thumbnail
ড্ৰাগছ মাফিয়াসহ 16 টাকৈ কণ্টেইনাৰ জব্দ (ETV BHARAT ASSAM)

গুৱাহাটী, ৬ জুন : মহানগৰীত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । সাতগাঁও আৰক্ষীয়ে পাঞ্জাবাৰীৰ কৈলাশ নগৰত অভিযান চলাই ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ধৃত সৰবৰাহকাৰীটো হৈছে পাঞ্জাবাৰীৰ কৈলাশ নগৰৰ সুভাষ সোণাৰ (৩৬) । ধৃত সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে ১৬ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে । জব্দকৃত ড্ৰাগছখিনিৰ ওজন প্ৰায় ২০ গ্ৰাম বুলি জানিব পৰা গৈছে ।

এক গোপন তথ্যৰ অনুসৰি, পাঞ্জাবাৰীৰ কৈলাশ নগৰত এটা ড্ৰাগছ মাফিয়াই ড্ৰাগছ বিক্ৰী কৰি থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছিল ৷ এই তথ্যৰ ভিত্তিতেই সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিতেশ বসুমতাৰীৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই ড্ৰাগছসহ ড্ৰাগছ মাফিয়াটোক আটক কৰে ৷ সম্প্ৰতি ড্ৰাগছ মাফিয়াটোক আৰক্ষীয়ে থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে ।

মন কৰিবলগীয়া কথা যে, ধৃত সুভাষ সোণাৰ পাঞ্জাবাৰী অঞ্চলৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত হৈ জেইলৰ ভাত খাইছিল ৷

লগতে পঢ়ক: নৈশ বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ - tragic road mishap

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.