১১ তকৈ ৩ টোক ডাঙৰ বুলি দেখুৱাব বিচাৰিছে কংগ্ৰেছে : দিলীপ শইকীয়া - Lok Sabha Election Results 2024

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 7:36 PM IST

thumbnail
ৰাজ্যিক বিজেপি মুখ্য কাৰ্যালয়ত উপস্থিত দিলীপ শইকীয়া (ETV Bharat Assam)

গুৱাহাটী,৬ জুন: বৃহস্পতিবাৰে দিল্লীলৈ যোৱাৰ পুৰ্বেই দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজয়ী প্ৰাৰ্থী দিলীপ শইকীয়া উপস্থিত হয় বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত । মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বিজয়ী প্ৰাৰ্থীগৰাকীয়ে দৰং-ওদালগুৰিবাসীলৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰি কয় "দৰং-ওদালগুৰি সমষ্টিত অকল ক্ষমতাৰ লোভতহে কংগ্ৰেছ আৰু বিপিএফে নিৰ্বাচন খেলিছিল । তেওঁলোকৰ উদ্দেশ্য ৰাইজৰ সেৱা কৰা নহয় । ৰাইজে তেওঁলোকক শিক্ষা দিলে ।"

লগতে কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয়, "কংগ্ৰেছ দলে আশা কৰাতকৈ বেছি ভোট পাইছে । কোনে কিমান ভোট পাইছে কেৱল ৰাজনৈতিক দলেই নহয়, সাধাৰণ জনগণ আৰু সংবাদ মাধ্যমেও সূক্ষ্মভাৱে পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে । কংগ্ৰেছে ১১ তকৈ ৩ টোক ডাঙৰ বুলি দেখুৱাব বিচাৰিছে । কংগ্ৰেছে পূৰ্বতেও মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰি বিফল হৈছে । কিন্তু অটল বিহাৰী বাজপেয়ীয়ে ২৯ টা দলক লৈ সুকলমে ৬ বছৰ চৰকাৰ চলাইছিল ।" আনহাতে মন্ত্ৰিত্বৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে বিবেচনা কৰিব বুলি উল্লেখ কৰে নৱ নিৰ্বাচিত প্ৰাৰ্থীগৰাকীয়ে । 

লগতে পঢ়ক: ধনৰ বলহে আছে ! আশে-পাশে সকলো তোষামোদকাৰী: কাক কিয় এইদৰে ক’লে ৰাজেন গোহাঁয়ে ? - LS POLL RESULTS 2024

বিটিচিত খোপনি পুতিলে বিজেপিয়ে : চূড়ান্ত ব্যৰ্থৰ তালিকাত বিপিএফ-গণ সুৰক্ষা পাৰ্টি - Lok Sabha Election Results 2024

মৃণাল শইকীয়া সন্দৰ্ভত বিষয়ববীয়াৰ সভাত সিদ্ধান্ত লোৱা হ'ব: ভৱেশ কলিতা - Lok Sabha Election Results 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.